1. এগ্ৰিপেডিয়া

কঠিয়ানী তলী আৰু খৰাঙৰ বাবে ৰুৱ নোৱৰা মাটিডৰাত কেৰেলাৰ খেতি কৰক

KJ Staff
KJ Staff
কেৰেলা
কেৰেলা

ধানখেতিৰ পাছতে অসমৰ কৃষকে কৰিব পৰা এবিধ লাভজনক খেতি কেৰেলা। এই খেতি যথেষ্ট লাভজনক। অলপ আগতীয়াকৈ খেতি কৰি বজাৰত উলিয়াব পাৰিলে যথেষ্ট লাভৰ সন্মুখীন হ’ব কৃষকসকল।  কেৰেলা খেতি বছৰটোত তিনিবাৰকৈ কৰিব পাৰি- আগষ্ট-নৱেম্বৰ, ফেব্ৰুৱাৰী-মাৰ্চ আৰু জুন-জুলাই  মাহত। সময় অনুসৰি সাৰ, পানীৰ প্ৰয়োগ আৰু কেৰেলাৰ সঁচ ভিন্ন ধৰণৰ হয়।

আমাৰ এই আলোচনাত আমি জুন-জুলাইৰ সময়ছোৱাত কৰিব পৰা কেৰেলা খেতিৰ কিছু দিহা-পৰামৰ্শ আপোনালোকক আগবঢ়াম।

মাটি:

পানী ওলাই যোৱাৰ সুব্যৱস্থা থকা, বালিঅঁহীয়া, পলসুৱা, অধিক জৈৱিক গুণথকা মাটি এই খেতিৰ বাবে উপযোগী।

মাটি প্ৰস্তুত:

২-৩ বাৰ হাল বাই  অৰ্থাৎ চহাই তাৰ পাছত মৈয়াই মাটিডৰা সমান কৰি মিহি কৰি ল’ব লাগে।

সাৰ প্ৰয়োগ:

প্ৰতি বিঘাত ১০ কুইন্টল পচন সাৰ বা শুকান গোবৰ, ইউৰিয়া ১০ কিলোগ্ৰাম, ছুপাৰ ফছফেট ২৫ কিলোগ্ৰাম আৰু মিউৰিট অব পটাছ সাৰ ৭ কিলোগ্ৰামৰ প্ৰয়োজন। ইয়াৰে ইউৰিয়া সাৰৰ আধাভাগ আৰু সমুদায় সাৰখিনি মাটি চাহ কৰা সময়ত প্ৰয়োগ কৰিব লাগে। আধাভাগ ইউৰিয়া ফুল আৰু ফল ধৰাৰ সময়ত প্ৰয়োগ কৰিব লাগে।

জাত:

মনছুৰ মনৰ্ক, লং গ্ৰীণ মনছুন।

বীজৰ পৰিমাণ:

বিঘাই প্ৰতি ৮০০-৯০০ গ্ৰাম।

বীজ সিঁচাৰ সময়:

জুন-জুলাই মাহৰ ভিতৰত।

ব্যৱধান:

শাৰীৰ মাজৰ ব্যৱধান ১.৫-২.৫ মিটাৰ আৰু গছৰ ব্যৱধান ৬০ ছেন্টিমিটাৰ ১.২ মিটাৰ হ’ব লাগে।

জলসিঞ্চন:

খৰাং বতৰত ৮-১০ দিনৰ অন্তৰে অন্তৰে পানীৰ যোগান ধৰিব লাগে

উৎপাদন:

এনেদৰে কৰিলে প্ৰতি বিঘাত ১৫-১৮ কুইন্টল ওলোৱাটো প্ৰায় নিশ্চিত।

অসমৰ খেতিয়কসকলৰ ধান খেতিৰ পাছতেই ইনেই বহিহে থাকিব। এনেদৰে ইনেই বহি থকাৰ সলনি কঠিয়ানী তলী বা খৰাঙৰ বাবে ৰুৱ নোৱৰা মাটি কেইডৰাত আপুনি কেৰেলাৰ খেতি কৰিব পাৰে।

লগতে পঢ়ক- বানে মৰা খেতিডৰাত তিল খেতি কৰি উভতাই আনক আপোনাৰ ধন

English Summary: Bitter gourd cultivation to be done in June-July

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.