Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 2 March, 2024 3:49 PM IST
Cucumber Farming Benefit

ফটোত দেখা তিয়ঁহৰ এই উন্নত জাতটোৰ নাম সুসিতা। সুসিতা উচ্চ উৎপাদনক্ষম জাত তিয়ঁহৰ জাতবোৰৰ অন্যতম। তিয়ঁহ আমাৰ কৃষকসকলে বাৰিষা আৰু খৰালি দুয়োটা সময়তে কৰিব পাৰে। বাৰিষা তিয়ঁহ খেতি কৰিব বিচৰা কৃষকসকলে মাৰ্চ-এপ্ৰিলত আগতীয়াকৈ কৰি বজাৰত উলিয়াব পাৰিলে লাভান্বিত হ’ব। যিকোনো খেতি কৰোঁতে আমাৰ কৃষকসকলে শস্যটোৰ উন্নত জাতৰ বীজৰ ওপৰত অত্যন্ত গুৰুত্ব দিয়া উচিত। তিয়ঁহৰ ক্ষেত্ৰতো আমাৰ কৃষকসকলে বীজৰ ওপৰত একেই গুৰুত্ব দিয়া উচিত।

কেনেকুৱা মাটি তিয়ঁহ খেতিৰ বাবে উপযোগী

তিয়ঁহ খেতিৰ বাবে বালিঅহীয়া মাটি উপযোগী। আমাৰ কৃষকসকলে ধান ভাল নোহোৱা বা ছন পেলাই ৰখা মাটিত তিয়ঁহৰ খেতি কৰিব পাৰে। পানীৰ ব্যৱস্থা থাকিলে ভাল। ধান খেতি ভাল নোহোৱা এবিঘা মাটিত ইয়াৰ খেতি কৰক ধানতকৈ ১০ গুণ বেছি উপাৰ্জন কৰিব পাৰে।

মাটিৰ প্ৰস্তুতি

প্ৰথমে মাটিডৰা ৫-৬ চাহ হালবায় মেয়াই মাটিখিনি সমান কৰি ল’ব। এক কথাত আলু তলীত আলু ৰোপন কৰাৰ দৰে কৰি ল’ব। পথাৰ খনত শেষৰবাৰ হালবোৱাৰ পূৰ্বে এবিঘা মাটিত ২-৩ টেক্টৰ গোৱৰ পেলাই মাটিখিনিত মিলাই দিব। আৰু দুদিনমান শুকাবলৈ দিব লাগে।

লগতে পঢ়ক- 

Ridge gourd farming : জানুৱাৰী-ফেব্ৰুৱাৰীতে আগতীয়াকৈ আৰম্ভ কৰক জিকাৰ খেতি!

তিয়ঁহৰ উন্নত জাত

পুলি ৰোপন

সাধাৰণতে তিয়ঁহ বীজ দিয়া। বীজবোৰ দিবৰ বাবে কৃষকগৰাকীয়ে এক মিটাৰ দুৰত্বত একোটা একোটা শাৰী কৰি ঢাপ কৰি বীজ দিব লাগে। ঢাপবোৰত মালচিং পেপাৰ পাৰি দিলে ভাল হয়। মালচিং পেপাৰ পাৰি দিলে কৃষকজনৰ পৰৱৰ্তী সময়ত কষ্ট নহয়। কাৰণ মালচিং পেপাৰে অপতৃণ উঠিবলৈ নিদিয়ে, মাটিৰ সজীৱতা ধৰি ৰাখে, গছৰ গুৰিবোৰত বীজানু, পোক-পৰুৱা আদিয়ে আক্ৰমণ কৰিব নোৱাৰে। গতিকে যিমান পাৰে মালচিং পেপাৰ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক।

হেণ্ডালি বা জেং

তিয়ঁহ যিহেতু বগাই যায়। গতিকে বগাই যাবলৈ তিয়ঁহক হেণ্ডালি দিয়াৰ প্ৰয়োজন হয়। হেণ্ডালিৰ সলনি জেং দিও ইয়াৰ খেতি কৰিব পাৰি। তলৰ ফটোত দেখাৰ দৰেই জেং দিব পাৰিব।

Cucumber Farming (তিয়ঁহ খেতি)

প্লাষ্টিকৰ হেণ্ডালি

আজিকালি বহু কৃষকে তিয়ঁহ বগাই যাবলৈ প্লাষ্টিকৰ ৰছিৰে এনেদৰে হেণ্ডালি বনাই দিয়া দেখা গৈছে। এনেদৰে হেণ্ডালি দিলে তিয়ঁহ ছিঙিবলৈ সহজ হয় আৰু কষ্ট কম হয়। এবাৰ ব্যৱহাৰ কৰা ৰচিবোৰ কেইবাবাৰলৈ কৃষকে ব্যৱহাৰ কৰিব পাৰিব হেণ্ডালিৰ কামত।

তিয়ঁহ কিমান দিনত চিঙিব পৰা হয়

ৰুৱাৰ পৰা দুমাহত তিয়হ লাগিবলৈ ধৰে। মাৰ্চত ৰোপন কৰিলে মে’ৰ  প্ৰথম সপ্তাহৰ পৰা তিয়ঁহ ছিঙিব পাৰিব কৃষকসকলে।

খৰচ

এবিঘা মাটিত তিয়ঁহ খেতি কৰিবলৈ ২-৩ হাজাৰ টকা খৰচ হ’ব। কিন্তু ২-৩ মাহতে সেই খৰচৰ পৰা এবিঘা মাটিত ২০-৩০ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব। ফটোত দেখা তিয়ঁহৰ জাঁতটোৰ বাবে আমাৰ কৃষকসকলে এই নাম্বাৰত যোগাযোগ কৰিব- 8269229920।

লগতে পঢ়ক- 

ধান ভাল নোহোৱা বাম মাটি এবিঘাত এইবাৰ তিয়ঁহ খেতি কৰক

English Summary: Cucumber Farming Benefit
Published on: 02 March 2024, 03:48 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now