Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 17 January, 2023 3:00 PM IST
কুন্দুলিৰ খেতি

সহজতে আৰু কম খৰচতে অধিক উপাৰ্জন কৰিব পৰা খেতিসমহূৰ অন্যতম কুন্দুলি খেতি। ইযাৰ আৰু এটা যোগাত্মক দিশ হ’ল  ইয়াক এবাৰ কৰিলে চাৰি-পাঁচ বছৰলৈ একেৰাহে ফল দি থাকে। বৰ্তমান বজাৰত ১ কেজি কুন্দুলিৰ দাম ৪০ পৰা ৬০ টকাৰ ভিতৰত। অসমৰ সকলো শ্ৰেণী মানুহৰ মাজত কুন্দুলি জনপ্ৰিয়। গতিকে বজাৰত কুন্দুলিৰ চাহিদা কোনোদিনে কম নহয়। তদুপৰি খাবলৈ ই বৰ ভাল। যিকোনো ভাজি শাকৰ লগত ই মিলি যায়। কেৱল অসমতে নহয় কুন্দুলি ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ মানুহেই কুন্দুলি চিনি পায় আৰু খায়। অসমৰ কৃষকসকলে অধিক পৰিমাণে উতপাদন কৰিব পাৰিলে এই ৰাজ্যসমূহলৈ ৰপ্তানি কৰিব ভাল উপাৰ্জন কৰিব পাৰিব। কাৰণ কুন্দুলি অসমৰ জলবায়ুৰ বাবে বৰ উপযোগী। একো প্ৰতিপালন নকৰাকৈ বাৰীৰ ঢাপতে গোৱৰ অলপ দি কুন্দুলিৰ লতা এডাল পেলাই দিলে লমা-লমে লাগে কুন্দুলি। গতিকে কৃষকসকলে ব্যৱসায়িকভিত্তিত আৰু বিজ্ঞানসন্মত পদ্ধতিৰে যদি এই খেতি কৰে তেতিয়া কিমান লাগিব সেয়া সহজে অনুমেয় নহয়।

অসমৰ কৃষকসকলে কুন্দুলিৰ ডাল ৰোপণ কৰে। কুন্দুলিৰ পুৰঠ ডালবোৰ ১ ফুট দীঘলকৈ কাটি পোনপটীয়াকৈ ৰুৱ পাৰে নাই বা কোনো ঠাইত পচাই থৈ পুলি কৰি মূল কৃষিপথাৰত ৰুব পাৰে। বৰ্তমান কুন্দুলিৰ গুটিও পোৱা যায়। বীজ ভাণ্ডাৰ অথবা এমাজনত অৰ্ডাৰ কৰিও আনিও ডালৰ সলনি গুটিৰে এই খেতি কৰিব পাৰে।  জিকা বা অন্য লতাজাতীয় খেতি কৰিবলৈ  চহোৱাৰ দৰে মাটিডৰা চহাই লৈ শাৰী শাৰীকৈ ৰুব লাগে। শাৰীৰ পৰা শাৰীৰ দূৰত্ব দুই পৰা আঢ়ৈ মিটাৰ আৰু পুলিৰ পৰা পুলিৰ দূৰত্ব এক মিটাৰ হ’ব লাগে।  

লগতে পঢ়ক- 

Zinger Farming : ভালদৰে কৰিলে এবিঘা মাটিতে ৮-৯ মাহতে চকুমুদি লাভ কৰিব আঢ়ৈ লাখ টকা

Ivy Gourd farming

কুন্দুলি লতাজাতীয় উদ্ভিদ গতিকে কুন্দুলিক বগাই যাব পৰাকৈ হেন্দালি দিব লাগে। ওপৰত সেই কাৰণে শাৰীৰ পৰা শাৰীৰ দূৰত্ব আঢ়ৈ মিটাৰ দিব লাগে বুলি কোৱা হৈছে কাৰণ শাৰীৰ বিলাকৰ মাজত বগাবলৈ এই হেণ্ডালিৰ প্ৰয়োজন। হেণ্ডালিখনৰ ছফুটমাহ হ’ব। ওখ হ’লে কৃষকগৰাকীয়ে সময়মতে সাৰ-পানী  যোগান ধৰিবলৈ সুবিধা হোৱাৰ লগতে অলাগতিয়াল বন-বাতবোৰ গুচাবলৈ সুবিধা হয়। লগতে বেছি ওখ হলেও আকৌ চিঙিবলৈ অসুবিধা হয়। হেণ্ডালিখন ঘৰৰ চালৰ দৰে কৰিব লাগে।

কুন্দুলি এবাৰ ৰোৱাৰ পাছতে চাৰিবছৰলৈ লাগে। নিয়মিত সাৰ-পানী যোগান ধৰিব পাৰিলে বাৰ মাহেই ফল লাগে। শীতকালৰ সময়ত কুন্দুলিৰ হেণ্ডালিৰ পৰা বাঢ়ি যোৱা ডালবোৰ কলম কৰি দিব লাগে। বহু কৃষকে শীতকালত কুন্দুলিজোপা প্ৰায়বিলাক ডাল কাটি দিয়া দেখা যায়। কুন্দুলি এবিঘা মান কৰিলে চাৰিটা বছৰত কৃষকজনে বৰ বেছি কষ্ট আৰু মুলধন খৰচ নকৰাকৈ ঘৰখন চলাই নিব পৰাকৈ উপাৰ্জন কৰিব পাৰিব। এই বিষয়ে অধিক জানিবলৈ কোনো অভিজ্ঞ কৃষকৰ লগত কথা পাতিলে কৃষকগৰাকী বেছি উপকৃত হ’ব।

লগতে পঢ়ক- 

Jute cultivation : ধান খেতি কৰিব নোৱৰা দ ঠাইত কৰক মৰাপাটৰ খেতি

English Summary: Concepts of Ivy Gourd farming & its benefits
Published on: 17 January 2023, 02:55 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now