1. এগ্ৰিপেডিয়া

Jute cultivation : ধান খেতি কৰিব নোৱৰা দ ঠাইত কৰক মৰাপাটৰ খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR

অসমত ধানৰ পাছতে বাৰিষাকালত কৰা শস্যসমূহৰ অন্যতম মৰাপাট । অসমৰ প্ৰায় ৫৮,০০০ হেক্টৰ কৃষিভুমিত মৰাপাটৰ খেতি কৰি বছৰি প্ৰায় ৫,৫৯,০০ টন উৎপাদন কৰা হয়। এইবিধ শস্যই কেৱল জাতীয় অৰ্থনীতিতে নহয় দেশৰ অৰ্থনীতিতো যথেষ্ট বৰঙণি যোগাই আহিছে। আমাৰ দেশত এইবিধ শস্য বিভিন্ন প্ৰকাৰৰ সামগ্ৰী , যেনে- কাপোৰ, বেগ, কাৰ্পেট, পৰ্দা, কম্বল, ৰছী আদি প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয়। মৰাপাটৰ আঁহ নিষ্কাশনৰ পাছত ৰৈ যোৱা ঠাৰিবোৰ প্ৰজ্বলক হিচাপে ব্যৱহৃত হোৱাৰ লগতে কাৰ্বনজাতীয় সামগ্ৰী আৰু কাগজ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয়। অসমৰ বহু অঞ্চলত মৰাপাটৰ ঠাৰিবোৰ বিভিন্ন লতাজাতীয় শাক-পাচলি বগাই যাবৰ বাবে ঢোকা হিচাপেও ব্যৱহাৰ কৰা হয়। তদুপৰি বিভিন্ন প্ৰকাৰ ফলি (Board) আদি প্ৰস্তুত কৰোঁতেও মৰাপাটৰ ঠাৰি ব্যৱহৃত হয়। মৰাপাটৰ কুমলীয়া পাত আৰু পুলিবোৰ শাক হিচাপেও মানুহে ব্যৱহাৰ কৰে।

Jute cultivation :  its time & benefit
Jute cultivation : its time & benefit

বতৰ আৰু ভূমি

মৰাপাটৰ খেতিৰ বাবে উষ্ণ সেমেকা জলবায়ু উপযোগী। খেতিৰ সময়ছোৱাত সলনাসলনিকৈ হোৱা ৰ’দ আৰু বৰষুণৰ বতৰত শস্যৰ উতগ্পাদন বৃদ্ধি হোৱাৰ লগতে আঁহৰ গুণাগুণ উন্নত হয়। কুমলীয়া অৱস্থাত শস্যই পানী জমা হোৱা অৱস্থা সহ্য কৰিব নোৱাৰে। সেয়েহে সঠিক সময়ত বীজ সিঁচিব পাৰিলে শস্য এই অৱস্থাৰ পৰা ৰক্ষা পৰে। মৰাপাটৰ খেতিৰ বাবে পলসুৱা অথবা বালিচহীয়া মাটি উপযোগী।

পথাৰ প্ৰস্তুতি

মৰাপাটৰ খেতিৰ বাবে পলসুৱা অথবা বালিচহীয়া মাটি উপযোগী। তেনে মাটিত ৫/৬ বাৰ হাল বাই, মৈয়াই মিহি কৰি সমান কৰি ল’ব লাগে। মৰাপাটৰ খেতিৰ বাবে পথাৰডৰা মিহি হোৱাৰ উপৰি বন-বাত, জাবৰ-জোথৰ আদিৰ পৰা মুক্ত হোৱাটো বাঞ্চনীয়। মাটি প্ৰস্তুতিৰ সময়মতে বিঘাই প্ৰতি ৪ কেজি শতকৰা ৫ ভাগ মালাথিয়ন পাউডাৰ প্ৰয়োগ কৰি মাটিৰ লগত মিহলাই দিব পাৰিলে ই খেতিডৰা উই পৰুৱা, উইচিৰিঙা আদি পোক-পৰুৱাৰ পৰা ৰক্ষা কৰে। অন্যথা ইহঁতে কুমলীয়া অৱস্থাতে পুলিবোৰ কাটি যথেষ্ট অনিষ্টসাধন কৰে।

লগতে পঢ়ক- 

Zinger Farming : ভালদৰে কৰিলে এবিঘা মাটিতে ৮-৯ মাহতে চকুমুদি লাভ কৰিব আঢ়ৈ লাখ টকা

বীজ সিঁচাৰ সময় আৰু পদ্ধতি

তিতা মৰাৰ বীজ প্ৰায় ফাগুন মাহৰ পৰা আৰম্ভ কৰি বহাগ মাহৰ মাজভাগলৈকে সিঁচিব পাৰি। অসমৰ বাবে অনুমোদিত জাতসমূহ- জে আৰ চি (২১২ দিন), জে আৰ চি ৩২১ দিন, ইউ পি চি ৯৪ দিন, অপেশ্বৰী, ৰেছমা, আদি।। মৰাপাটৰ খেতি সাধাৰণতে বেছিভাগ অঞ্চলতে শাৰী শাৰীকৈ নকৰি ছটিয়াই সিঁচা দেখা যায়। ছটিয়াই কৰা পদ্ধতিত বিঘাই প্ৰতি তিতা মৰাৰ বাবে ১৩০০-১৫০০ গ্ৰাম শাৰী শাৰীকৈ কৰা পদ্ধতিত অৱশ্যে তিতা মৰাৰ ক্ষেত্ৰত ৮০০-৯০০ গ্ৰাম আৰু মিঠা মৰাৰ বাবে ৬৫০-৮০০ গ্ৰাম বীজ প্ৰতি বিঘা তলীৰ বাবে প্ৰয়োজন হ’ব। বীজ সিঁচিবৰ বাবে ১০ ইঞ্চি আঁতৰে আঁতৰে শাৰী শাৰীকৈ সিঁচিব লাগে। পুলি গজি উঠাৰ ২০-২৫ দিন পাছত প্ৰায় ২-২ ১/২ ইঞ্চি ব্যৱধানত পুলিবোৰ পাতলাই দিব লাগে।

সাৰ প্ৰয়োগ

প্ৰতিবিঘাত ইউৰিয়া ১১ কেজি, একক চুপাৰ ফচফেট ১১ কেজি আৰু এম অ পি ৭ কিলোগ্ৰাম প্ৰয়োগ কৰিব লাগে।

শস্যৰ প্ৰতিপালন

পুলি গজি উঠাৰ প্ৰায় ৩/৪ সপ্তাহ পাছত ঘনকৈ গজা পুলিবোৰ ২-২ ১/২ ইঞ্চি দুৰত্বত পাতলাই দিব লাগে। এই সময়তে এবাৰ বন-বাত নিৰাই দিয়া দৰকাৰ। শাৰী শাৰীকৈ সিঁচা খেতিত শুকান মাটিত চলাব পৰা নিৰণি যন্ত্ৰ ব্যৱহাৰ কৰিও বন-বাত নিয়ন্ত্ৰণ কৰিব পাৰি। ছটিয়াই কৰা খেতিত সিঁচাৰ প্ৰায় ২-৩ সপ্তাহ পাছত ২/৩ বাৰ বিন্ধা ব্যৱহাৰ কৰা দৰকাৰ। বৰ্তমান সময়ত ৰাসায়নিক দৰবৰ দ্বাৰাও বন-বাত নিয়ন্ত্ৰণ কৰিব পাৰি। এইক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো অতিকৈ প্ৰয়োজনীয়।

ফাগুণৰ পৰা বহাগৰ ভিতৰত কৰিব পাৰিব মৰাপাটৰ খেতি
ফাগুণৰ পৰা বহাগৰ ভিতৰত কৰিব পাৰিব মৰাপাটৰ খেতি

শস্যৰ প্ৰতিপালন

পুলি গজি উঠাৰ প্ৰায় ৩/৪ সপ্তাহ পাছত ঘনকৈ গজা পুলিবোৰ ২-২ ১/২ ইঞ্চি দুৰত্বত পাতলাই দিব লাগে। এই সময়তে এবাৰ বন-বাত নিৰাই দিয়া দৰকাৰ। শাৰী শাৰীকৈ সিঁচা খেতিত শুকান মাটিত চলাব পৰা নিৰণি যন্ত্ৰ ব্যৱহাৰ কৰিও বন-বাত নিয়ন্ত্ৰণ কৰিব পাৰি। ছটিয়াই কৰা খেতিত সিঁচাৰ প্ৰায় ২-৩ সপ্তাহ পাছত ২/৩ বাৰ বিন্ধা ব্যৱহাৰ কৰা দৰকাৰ। বৰ্তমান সময়ত ৰাসায়নিক দৰবৰ দ্বাৰাও বন-বাত নিয়ন্ত্ৰণ কৰিব পাৰি। এইক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো অতিকৈ প্ৰয়োজনীয়।

উৎপাদন

মৰাপাট এবিধ লাভজনক খেতি। উন্নত জাতৰ ব্যৱহাৰ আৰু বিজ্ঞানসন্মতভাৱে কৰা এবিঘা কৃষিভুমিৰ পৰা প্ৰায় ৩ ৰ পৰা ৪ কুইণ্টল উৎপাদন কৰিব পাব পাৰি।

লগতে পঢ়ক- 

Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ

English Summary: Jute cultivation : its time & benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.