1. সফল কাহিনী

কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে নিৰ্মাণ কৰিলে ‘ভ্ৰাম্যমাণ কৃষি পৰীক্ষাগাৰ’

KJ Staff
KJ Staff
student built mobile laboratory for farmer
student built mobile laboratory for farmer

নতুন নতুন উদ্ভাৱনৰ আগমনৰ সৈতে কৃষি এতিয়া নিযুক্তিৰ এক শক্তিশালী উৎস হিচাপে বিবেচিত হৈছে । বিশেষকৈ কৃষি ক্ষেত্ৰলৈ যুৱসকলৰ প্ৰৱণতা বাঢ়ি আহিছে । কৃষিক্ষেত্ৰত শিক্ষিত যুৱক-যুৱতীৰ আগমনৰ লগে লগে ভাৰতীয় কৃষিৰ দিশ আৰু অৱস্থা সলনি হৈ আহিছে । নতুন ধাৰণাৰ সৈতে যুৱ কৃষকসকল সকলে নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ লৈছে । যাৰ বাবে তেওঁলোকৰ উপাৰ্জনো বাঢ়িছে আৰু তেওঁলোক কৃষকসকলৰ বাবে আদৰ্শ হৈ পৰিছে ।

বৰ্তমান সময়তো কৃষকসকলৰ বহুতো সমস্যা আছে । কৃষকসকলে সঠিক সময়ত সঠিক কৃষি পৰামৰ্শ নাপায় । ফলস্বৰূপে তেওঁলোকে ভালদৰে খেতি কৰিবলৈ সক্ষম নহয় । কেতিয়াবা কৃষকসকলে ৰোগ সঠিকভাৱে চিনাক্ত কৰিবলৈ সক্ষম নহয় । আধুনিক কৃষিক্ষেত্ৰত মাটি পৰীক্ষা অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় কিন্তু সময় আৰু দূৰত্বৰ বাবে বহুতো কৃষকে মাটি পৰীক্ষা কৰাব নোৱাৰে । ই কৃষকৰ উৎপাদনত ক্ষতিগ্ৰস্ত হয় আৰু তেওঁলোকৰ সামগ্ৰীবোৰ বজাৰলৈ লৈ গ'লেও উচিত মূল্য নাপায় ।

এই সমস্যাবোৰ মনত ৰাখি, মধ্য প্ৰদেশৰ জৱাহৰলাল নেহৰু কৃষি বিশ্ববিদ্যালয়ৰ এজন শিক্ষাৰ্থীয়ে 'লেব টু লেণ্ড'ৰ ধাৰণাৰ ওপৰত আধাৰত ভ্ৰাম্যমাণ কৃষি পৰীক্ষাগাৰ স্থাপন কৰিছে । ইয়াৰ সহায়ত কৃষকসকলে মাটি পৰীক্ষাৰ লগতে শস্যৰ ৰোগ চিনাক্ত কৰিবলৈ সক্ষম হ'ব । কৃষকসকলৰ কৃষি ভূমিত কোনবোৰ পুষ্টিৰ অভাৱ আছে সেইবোৰ জানিবলৈ সক্ষম হব । ফলস্বৰূপে তেওঁলোকৰ প্ৰয়োজনীয় সাৰৰ ব্যয় হ্ৰাস হ’ব ।

উল্লেখ্য যে, কৃষকসকলৰ সমস্যাবোৰ বুজিবলৈ ছাত্ৰজনে প্ৰথমে নিজৰ এনজিঅ' গঠন কৰিছিল । কৃষকসকলৰ মাজত গৈ তেওঁলোকৰ সমস্যাবোৰ বুজি ২০১৮ চনত তেওঁ পৰীক্ষাগাৰ নিৰ্মাণ আৰম্ভ কৰিছিল । এতিয়া এই পৰীক্ষাগাৰটো কৃষকসকলক সহায় কৰিবলৈ সাজু । ইয়াৰ সহায়ত কৃষকসকলে মিনি মাটি পৰীক্ষাগাৰৰ কিটৰ সৈতে ১০ প্ৰকাৰৰ মাটি পৰীক্ষা কৰিবলৈ সক্ষম হ'ব । ক্ষেত্ৰৰ পিএইচ স্তৰ, নাইট্ৰজেন, জিংক, ছালফাৰ, ফছফৰাছ আদিৰ বিষয়ে তথ্য পোৱা যায় ।

লগতে পঢ়ক ঃ Kisan Vikas Patra আচঁনিত বিনিয়োগেৰে কেনেকৈ লাভ কৰিব দুগুণ ধন, জানক সবিশেষ

English Summary: student agriculture university of Madhya Pradesh built mobile labortory

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.