1. সফল কাহিনী

ছাগলী পালনেৰে স্বাৱলম্বী মাখিবাহৰ পৰিমিতা

KJ Staff
KJ Staff
Parimita Sarma in her Goat Farm (Photo Credit: Google)
Parimita Sarma in her Goat Farm (Photo Credit: Google)

নলবাৰী জিলাৰ মাখিবাহৰ এগৰাকী বােৱাৰীয়ে আত্মসংস্থাপনৰ ক্ষেত্ৰত নিজাকৈ এক উদ্যোগ গ্রহণ কৰি এক অনন্য আদর্শ দাঙি ধৰিবলৈ সক্ষম হৈছে। বেংকৰ লােভনীয় চাকৰি বাদ দি ছাগলী পালনেৰে স্বাৱলম্বী হৈছে মাখিবাহাৰ পৰিমিতা শৰ্মাই। তেওঁ সম্প্রতি ঘৰতে উন্নত জাতৰ ছাগলী পালন কৰি বৰ তিনি-চাৰি লাখ টকা পর্যন্ত উপার্জন কৰিবলৈ সক্ষম হৈছে।

   মাখিবাহৰ নানকাৰ চুৱীৰৰ মন্টু দাসৰ পত্নী পৰিমিতা শর্মাই ২০১৮ চনত নানকাৰ প্ৰাথমিক বিদ্যালয়ৰ সমীপত সৰুকৈ আৰম্ভ কৰিছিল এখন ছাগলী পাম। ‘আস্থা যুগলী ফার্ম নামেৰে আৰম্ভ কৰা ফার্মখন প্রথমে পাঁচটা থলুৱা ছাগলীৰে আৰম্ভ কৰা হৈছিল। পাছলৈ ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে বহিঃৰাজ্যৰ পৰাও আনে উন্নত জাতৰ ছাগলী। বর্তমান তেওঁৰ পাম সুদুৰ ৰাজস্থানৰ পৰা অনা বিটেল, চিৰহি আদি ডাঙৰ জাতৰ ছাগলী আছে। এনে এটা ছাগলী বিক্রী কৰি থলুৱা ছাগলীৰ তুলনাত অধিক দাম পাবলৈ সক্ষম হয়। পৰিমিতাই জানিবলৈ দিয়া মতে, তেওঁ HDFC বেংকৰ চাকৰি বাদ দি এই ছাগলী পামখন আৰম্ভ কৰিছিল। পৰিমিতাই এতিয়া ঘৰত বহিয়ে বছৰি ৩/৪ লখ টকা উপার্জন কৰিবলৈ সক্ষম হৈছে। তেওঁ ভৱিষ্যতে এই পামখন অধিক সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰিছে। অকল ছাগলী পালনতে সীমাবদ্ধ নাৰাখি তেওঁ হাঁহ, কুকুৰা আৰু গাইগৰু পালনৰ কথাও চিন্তাচর্চা কৰা বুলি প্রকাশ কৰে। 

তদুপৰি মাছ পালনৰ বাবে এইগৰাকী বােৱাৰীয়ে মনত পৰিকল্পনা পুহি ৰাখিছে। মুঠতে কৃষি আৰু পশুপালনৰ জৰিয়তে স্বাৱলম্বী হৱাৰ সপােন এইগৰাকী আদর্শন মহিলাৰ। গুৱাহাটীৰ ৰূপনগৰৰ জীয়াৰী পৰিমিতাই পঢ়া-শুনা সম্পূর্ণ গুৱাহাটীতে কৰি টিহুৰ মাখিবাহাৰ বােৱাৰী হৈ আহি বেংকৰ চাকৰি বাদ দি ছাগলী পালনেৰে দেখুওৱা কর্মৰাজিয়ে এতিয়া অঞ্চলটোৰ নিবনুৱা যুৱক-যুৱতীৰ বাবে হৈ পৰিছে আদর্শস্বৰূপ। বহু যুৱক-যুৱতী তেওঁৰ পামখনলৈ ছাগলী পালনৰ বিভিন্ন দিশ শিকিবুজি যায় বুলিও জানিব পৰা গৈছে। আন বহুতে তেওঁৰ পামৰপৰা উন্নত জাতৰ ছাগলী নি ঘৰতে প্রতিপালন আৰম্ভ কৰিছে। পৰিমিতাক সম্পূর্ণভাৱে সহযােগ কৰিছে স্বামী মন্টু দাস, শহুৰ সুৰেন দাসৰ লগতে স্বামীগৃহৰ বহুকেইজনে।

উৎস - ৰমেন কলিতা

English Summary: parimita sarma in nalbari become self reliant with goat rearing

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.