(''জাতীয় সম্পদলৈ ৰূপান্তৰ হোৱা "কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ-বৈচিত্ৰ উদ্যান"খন যিসকলৰ দেখাৰ এতিয়াও সৌভাগ্য হোৱা নাই তেওঁলোকৰ বাবে এই লেখাটো। ময়ো দেখা নাই। গতিকে মই নিজেই ইন্টাৰনেটত উদ্যানৰ বিষয়ে তথ্য খুচৰি ফুৰো। কিন্তু বুধবাৰে কিন্তু ইন্টাৰনেটত খুঁচৰি নথকাকৈ সন্মুখতে ওলাল অখিল গগৈদাৰ ফেচবুক পেজত ডেইজী তালুকদাৰ বাইদেউৰ "কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ-বৈচিত্ৰ উদ্যান"খনৰ সন্দৰ্ভত লিখা এটা ফেচবুক পোষ্ট। আমাৰো মন আছিল আমাৰ এই পৰ্টেলটোত অখিল গগৈদাৰ নেতৃত্বত গঢ় লৈ এই উদ্যানখনৰ বিষয়ে এটা লেখা প্ৰকাশ কৰিবলৈ। কিন্তু উদ্যানখন নেদেখাকৈ লেখা এটা লিখাটো সম্ভৱ কিন্তু সাহস হোৱা নাছিল। থাকি গৈছিল তেনেকৈয়ে। মঙলবাৰে কিন্তু বাইদেউৰ লেখাটো পঢ়িবলৈ পাই পৰ্টেলটোত উদ্যানখনৰ বিষয়ে লেখা এটা প্ৰকাশ কৰিবলৈ মনটোৱে পুনৰ ক’লে। কিন্তু সেই একেই চিন্তা বাস্তৱত উদ্যানখন দেখাই নাই। কি লিখো। তেতিয়াই ভাবিলো ডেইজী বাইদেউৰ লেখাটোকে আমাৰ পৰ্টেলত তুলি দিও। তলত ডেইজী তালুকদাৰ বাইদেউৰ ফেচবুক পোষ্টটোৰ কথাখিনিৰ লগতে ফটোসমূহ তুলি ধৰিলো। শেহতীয়াকৈ তেওঁ অৰ্কিড উদ্যানখন পৰিয়ালৰ সৈতে ভ্ৰমণ কৰি কথাখিনি সামাজিক মাধ্যমত লিখিছিল।'' পংকজ খনিকৰ)
‘‘ভনিতা নকৰাকৈয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ দুৰ্গাপুৰ গাঁৱৰ বুকুত গঢ়ি উঠা "কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ-বৈচিত্ৰ উদ্যান" নামৰ অসমৰ ক্ষুদ্ৰ আৰ্হিখনত আপুনি কি কি দেখিবলৈ পাব তাৰ চমু আভাষ দিলোঁ .....
১/ ন শ বিধ কপৌৰে এটা কপৌঘৰ, য'ত আপোনাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ সলসলীয়া হিন্দী ইংৰাজী আৰু অসমীয়াত বুজাই দিব পৰাকৈ থলুৱা ডেকা-গাভৰু গাইড্ থাকিব।
২/ এটা জাতীয় সংগ্ৰহালয় - তিনিখন তাঁতশাল এখন কঁকালত বন্ধা শাল যিবিলাকৰ ব্যৱহাৰ পৰ্যটকক দেখুওৱাই থাকে। তদুপৰি এই সংগ্ৰহালয়ত বিভিন্ন জনগোষ্ঠীয় সঁজুলি, বস্ত্ৰ, অলংকাৰ, মূদ্ৰা ইত্যাদি সজোৱা হৈ আছে।
৩/এটা আছে লোকবাদ্যৰ সংগ্ৰহালয়। ইয়াতো অসমৰ প্ৰতিটো জনগোষ্ঠীৰ লোকবাদ্যসমূহ সজাই ৰখা হৈছে।
৪/ এখন আছে মাটিত গঁজা কপৌৰ বাগিচা।
৫/ এখন আছে থলুৱা বস্ত্ৰ, খাদ্য, চৰবতৰ চিৰাপ আৰু ঔষধি গুণযুক্ত খাদ্যৰ বিপণি।
৬/ এটা আছে ফুলপুলি বিক্ৰী কেন্দ্ৰ
৭/ আমাৰ থলুৱা পোচাক ভাড়ালৈ লৈ ফটো উঠিবৰ ব্যৱস্থা এটাও আছে ।
৮/ থলুৱা ধানৰ প্ৰজাতিৰ সংগ্ৰহালয় এটা আছে।
৯/ তাৰ লগতে লাগি আছে বিভিন্ন প্ৰকাৰৰ কপৌৰ ফটো সংগ্ৰহালয় এটা।
১০/ সোঁমাজত আছে এখন মুকলি মঞ্চ, য'ত বিৰতি দি দি থলুৱা সংস্কৃতি ( বিহুনাচ, কাৰবি বাঁহনৃত্য, গুমৰাগ নৃত্য, দশাৱতাৰ নৃত্য ইত্যাদি) প্ৰদৰ্শন কৰা হয়।
১১/ মুকলি মঞ্চৰ সোঁফালে এটা জুছ তথা চাহৰ কৰ্ণাৰ আছে। লাৰু-পিঠাৰে চাহ আৰু বেল ,ভীমকল, তৰমুজ, কমলাৰ চৰবত পৰিবেশন কৰিবলৈ ধুনীয়া বাইদেউ দুগৰাকী আছে। ঠিয় হৈ বা মঞ্চৰ অনুষ্ঠান চাই চায়ো খাব পাৰি।
১২/ এটা আছে চকী পতা চাংঘৰ ভাগৰ জিৰাবলৈ।
১৩/ কেইবাটাও ট্ৰীহাউচ আছে বগাই গৈ বহিব পৰাকৈ।
১৪/ ৰান্ধনীশাল এটি আছেই
১৫/ থলুৱা বিশখনমান ব্যঞ্জনেৰে শাক-পাচলি মাছ কুকুৰা হাঁহেৰে এপেট ভৰাবলৈ ডাইনিং হল এটাও আছে। য'ৰ পৰাও মঞ্চখন দেখি থাকি। (গাহৰিমাংস আৰু মদ নাই)
লগতে পঢ়ক-
পৰ্যটনস্থলীলৈ ৰূপান্তৰ হৈছে পাভৈ গ্ৰীন কৃষিফাৰ্ম
১৬/ এটা আছে ডাঙৰ কেকটাছ গৃহ, য'ত সোমালে অবাক নহৈ নোৱাৰি।
১৭/ এখন আছে ঔষধি উদ্ভিদৰ বাগিচা।
১৮/ এখন আছে এশ এবিধ শাকৰ বাগিচা
১৯/ এটা আছে গোৰ্খা জনগোষ্ঠীৰ সংগ্ৰহালয়
২০/ থলুৱা প্ৰজাতিৰ বাঁহগছৰ উদ্যান এখন আছে ।
২১/ চাহবাগিচা এখনো আছে।
২২/ সোতৰবিধমান ধানৰ খেতি কৰা পথাৰ এখন আছে ।
২৩/ দেৰটা পুখুৰী আছে,তাৰ এটাত নৌকাবিহাৰ কৰিব পাৰি।
২৪/ মঞ্চৰ কাষতে আছে চোঁঘৰটো।
২৫/ এখন গৰুগাড়ী চকুত লগাকৈ সজাই থোৱা আছে
২৬/ লুচালিৰ বাবে এখন খেলা উদ্যানো আছে।
২৭/ পানীৰ সুদৃশ্য ফোৱাৰা এটা আছে অবিৰাম পানী পৰি থকাকৈ।
এনেদৰে মুঠতে বৰ্তমান ত্ৰিশ বত্ৰিশটামান চাবলগীয়া পইণ্ট্ আছে। জিৰাই সতাই খাবলৈ, চাবলৈ, কিনিবলৈ, খেলিবলৈ, উঠিবলৈ, বহিবলৈ, বগাবলৈ, চলাবলৈ কমেও পাঁচ ঘণ্টামান সময়ৰ প্ৰয়োজন। লৰালৰিকৈ বোলে সোমাই যাওঁ এপাক, তেনেকুৱা কথা নহয়। মুঠতে মুঠিতেই অসমখন পাই যাব তাকো মাত্ৰ এশটকাত। খাবলৈ বেলেগে পইচা দিব লাগিব কিন্তু চেৰাপুঞ্জীৰ দৰে হগা-মূতাত পইচা ভৰিব নালাগে, তেহলৈ আপোনাৰ পেটেই চলি নাথাকক কিয়!
চৌহদৰ বাহিৰতো এই উদ্যানৰ আলম লৈ গঢ় লৈ উঠা থলুৱা সামগ্ৰী আৰু খাদ্যবস্তুৰ বজাৰ এখন আছে, তাতো সুলভ মূল্যত বস্তু পোৱা যায়। আমি ৰাস্ব্ টু আমুক বুলি উৰাজাহাজত উঠি বাহিৰলৈ ফুৰিবলৈ যোৱা ফটো দি বৰমানুহ যেন ফিল এটা দিওঁ। এটা দিন সৰু মানুহ হৈ অসমৰ আঁমঠুত থকা এই অনুষ্ঠানটোত এপাক ভুমুকি মাৰি আমাৰ ল'ৰা-ছোৱালীহঁতক কিবা ভাল অকণ উপহাৰ দিবলৈ ইচ্ছা কৰোঁ আহকচোন! অসমৰ বাহিৰৰ পৰ্যটক আহি গিজগিজাই থকা ঠাইকণ আমিহে এলাগী কৰি থোৱা ঘটনাটোত কিটোনো গৌৰৱ আছে!''
লগতে পঢ়ক-