Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 26 March, 2023 6:09 PM IST
মহান চন্দ্ৰ বৰাৰ সৈতে লেখক

অসমত একো একোজন ব্যক্তিয়ে কিছুমান ক্ষেত্ৰত অসাধাৰণ কাম কৰি বিশ্ব দৰবাৰত চিনাকি দিবলৈ সমৰ্থ হৈছে। অথচ অসমৰে বহু লোকে এনে লোকৰ বিষয়ে অজ্ঞ। মহান চন্দ্ৰ বৰা তেনে এজন ব্যক্তি। তেখেতৰ লগত মোৰ ব্যক্তিগত চিনাকি প্ৰায় পাঁচ বছৰৰ আগতে হৈছিল। Merville British Columbia, Canada নিবাসী জৈৱিক কৃষিৰ আগৰণুৱা মহিলা পেগী কাৰ্ছৱেলৰ লগত । পেগী কাৰ্ছৱেলে অসমত জৈৱিক কৃষি আন্দোলনক সমৰ্থন কৰিবলৈ কৃষক, চাহ খেতিয়কৰ লগত কাম কৰি আছে । শেহতীয়াকৈ বৰাদেৱৰ লগত গুৱাহাটী 'আইআইটি' ত অনুষ্ঠিত Brainstorming Workshop on Technology vision 2047 একেলগে যোগদান কৰিছিলো।‌

সমগ্ৰ বিশ্বত জৈৱিক সেউজ বিপ্লৱৰ সমান্তৰালভাৱে থলুৱা বীজ সংৰক্ষণে এক নীৰৱ বিপ্লৱৰ সূচনা কৰিছে ৷ সেই একে সময়তে কৃষি প্ৰধান ৰাজ্য অসমত এই আন্দোলনৰ অগ্ৰণী সৈনিকৰ ভূমিকা পালন কৰি আহিছে যোৰহাটৰ উচ্চ শিক্ষিত জৈৱিক কৃষক মহান চন্দ্ৰ বৰা ই ৷ বিগত দহ বছৰধৰি একক প্ৰচেষ্টাৰে বীজ সংৰক্ষণ ক্ষেত্ৰখনত আত্মনিয়োগ কৰি গঢ়ি তুলিছে এটা “বীজ সংৰক্ষণ ভঁৰাল”৷ ‘অন্নপূৰ্ণা ছীড লাইব্ৰেৰী’ নামকৰণেৰে আৰম্ভ কৰা বীজ ভঁৰালটিক মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াস্থিত ‘ৰিচম’ণ্ড গ্ৰ’জ ছীড লেণ্ডিং লাইব্ৰেৰী’ নামৰ আন্ত:ৰাষ্ট্ৰীয় সংস্থাটোৱে এছিয়াৰ সৰ্বপ্ৰথম বীজ সংৰক্ষণ ভঁৰাল হিচাপে স্বীকৃতি দিছে ৷

লগতে পঢ়ক- 

Bamboo rice price : এমাজনত ১ কেজি বাঁহৰ চাউলৰ দাম ৩০০-৭০০ টকা

indigenous paddy seeds

সম্প্ৰতি তেওঁ অসমৰ বহু লুপ্তপ্ৰায় ধানৰ বীজৰ উপৰিও অৰুণাচল, মণিপুৰ, ত্ৰিপুৰা আদিত খেতি কৰা ৫০০ প্ৰজাতিৰ ধানৰ লগতে জলকীয়া, বেঙেনা আৰু বিলাহীৰ বীজ সংৰক্ষণ কৰিছে৷ জৈৱিক কৃষি আৰু বীজ সংৰক্ষণৰ সজাগতা বৃদ্ধিৰ বাবে বিদ্যালয়-মহাবিদ্যালয় পৰ্য্যায়ত পাঠদান আৰু কৰ্মশালা নিয়মীয়াকৈ অনুষ্ঠিত কৰি আহিছে ৷

Mahan Chandra Bora

দেশ-বিদেশৰ বহুকেইটা বীজ সংৰক্ষণ আৰু জৈৱিক কৃষি বিষয়ক সংগঠনৰ সৈতে জড়িত হোৱাৰ উপৰিও অসমৰ শদিয়া, বালিপাৰা, কাজিৰঙাত মহান বৰাৰ বীজ সংৰক্ষণ ভঁৰাল শাখা স্থাপিত হৈছে।

লগতে পঢ়ক- 

Rupchandra Fish Farming : ৪-৫ মাহতে ১ কেজি ওজনৰ হয় ৰূপচন্দ্ৰা মাছ

English Summary: Save 500 indigenous paddy seeds & other endangered crops seed
Published on: 26 March 2023, 06:08 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now