1. পশুপালন

Rupchanda Fish Farming : ৪-৫ মাহতে ১ কেজি ওজনৰ হয় ৰূপচন্দা মাছ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Rupchandra fish farming
Rupchandra fish farming

আহি আছে পুখুৰীত মাছৰ পোনা মেলা বতৰ। পুখুৰীত মাছ পুহিব বিচৰা মীনপালকসকলৰ বাবে লাভজনক এবিধ মাছৰ বিষয়ে লৈ আহিছো এই প্ৰতিদনত। এই মাছপুহি মীনপালকসকলে কম দিনতে লাভ উঠাব পাৰিব।

ৰূপচন্দা মাছ অতি কম দিনতেই ডাঙৰ হোৱা মাছ। যদি আপুনি সৰু পোণা পুখুৰীত এৰে তেন্তে সঠিক দানা, ঔষধৰ প্ৰয়োগেৰে প্ৰায় ৭ মাহৰ ভিতৰতে ১ কেজি পৰ্যন্ত ওজনৰ হ'ব পাৰে। আৰু যদি ১৫০-২০০ গ্ৰাম ওজনৰ পোণা এৰি উচ্চ প্ৰ'টিনৰ দানা প্ৰয়োগ কৰে তেন্তে ৪ পৰা ৫ মাহৰ ভিতৰতে ১ কেজি পৰ্যন্ত ওজন পাবলৈ সক্ষম হ'ব।

লগতে পঢ়ক- 

গাহৰিৰ সমন্বয়ত কেনেদৰে কৰিব মীন পালন জানিবলৈ পঢ়ক এই প্ৰবন্ধ

এনে বহুসংখ্যক সফল মীন পালক আছে যিসকলে ৰূপচন্দা মাছ পালন কৰি স্বাৱলম্বী হৈছে। মীনপালকজনে প্ৰায় ৬০-৭০ টকা খৰছ কৰি ১ কেজি পৰ্যন্ত ওজন পাব আৰু তেওঁ যদি বিক্ৰী মূল্য ১৩০-/ টকা পায় তেন্তে খৰছ বিয়োগ কৰি প্ৰতিজনী মাছৰ পৰা ৬০-৫০-/ টকাকৈ লাভ কৰিব পাৰে।

এবিঘাৰ পুখুৰীত ২৫০০-৩০০০ ৰূপচন্দ্ৰা মাছৰ পোনা এৰিব পাৰে মীনপালকজনে।  অক্সিজেনৰ নাটনিৰ পৰা মাছসমূহ ৰক্ষা কৰিবলৈ এৰিএচন পাম্প/ডিজেল মেচিন/কাৰেন্ট মটৰেৰে প্ৰয়োজন অনুসৰি নিশা/দিনৰ ভাগত পুখুৰী পানীকেই পুখুৰীত দিব পাৰে। অত্যন্ত বাঢ়ন ক্ষমতা যুক্ত এই মাছ পালন কৰাৰ আগতে মাছৰ পৰিচৰ্যা, ৰোগ, দানা প্ৰয়োগ,  ঔষধৰ সঠিক মাত্ৰা, কাৰ্যক্ৰমনিকাৰ বিষয়ে চমু অধ্যয়ন, গৱেষণা, জ্ঞান আহৰণ কৰি লোৱা উচিত।

লগতে পঢ়ক- 

মাছৰ পোনা মেলা পূৰ্বে পুখুৰীৰ প্ৰস্তুতি সন্দৰ্ভত অসম গৌৰৱ দেৱজিত বৰ্মনৰ দিহা

English Summary: Benefit of the Rupchanda fish farming

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.