1. অন্যান্য

Bamboo rice price : এমাজনত ১ কেজি বাঁহৰ চাউলৰ দাম ৩০০-৭০০ টকা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Bamboo Rice Price in Amazon
Bamboo Rice Price in Amazon

বাঁহ গছ ফুলিলে বেয়া দিন আহে । বছৰ বছৰ ধৰি এই পৰম্পৰাগত ধাৰণা আৰু অন্ধবিশ্বাসকে পোষণ কৰি আহিছে অসমীয়া মানুহে। এতিয়া আৰু বাঁহ গছ ফুলিলে বেয়া দিন নাহে। ভাল দিনহে আহিব আপোনাৰ। এই লেখাটো পঢ়াৰ পাছত আপোনাৰ ঘৰত বাঁহ ফুলিলে দুঃচিন্তা নাহে আহিব পইচাহে। তাৰ বাবে আপুনি এমাজনত Bamboo Rice ৰ দামটো চাই লওঁক। food Analysisত  Bamboo Rice ক Super Food  হিচাপে গণ্য কৰা হৈছে। কিন্তু Super Food কে আজি তাৰিখৰ লৈকে অসমীয়া মানুহে অন্ধবিশ্বাস আৰু অসমীয়া মানুহৰ অনুসন্ধিৎসু মনটোৰ অভাৱৰ বাবে অমংগলৰ চিনস্বৰূপে গণ্য কৰি ধ্বংশ কৰি অহা হৈছে।

বাঁহৰ চাউলৰ ৬ স্বাস্থ্য উপকাৰীতা :

১) চাউল আৰু ঘেঁহু দুয়োবিধতকৈ প্ৰটিনৰ পৰিমাণ বেছি।

২) গাঁঠিৰ বিষ, কঁকালৰ বিষ আৰু বাতজনিত বিষ নিয়ন্ত্ৰণ কৰে।

৩) কলেষ্টেৰলৰ মাত্ৰা কমাই দিয়ে

৪) ভিটামিন বি৬ৰ ভাল উৎস

৫) ডায়েবেটিছ প্ৰতিৰোধী গুণ আছে

৬) চৰ্বি হ্ৰাস কৰিবলৈ, বিষাক্ততা দূৰ কৰিবলৈ আৰু কৃমিৰ আক্ৰমণত ব্যৱহাৰ কৰা হয়।

ৰন্ধা-বঢ়াৰ টিপ :

বনাবলৈ বহু সময় লাগে। আগৰ নিশা পানীত তিয়াই থওক যাতে ৰন্ধা সময়ত কম সময় লাগে। আমি যিধৰণে ভাত বনাও তেনেদৰেই ইয়াক ৰান্ধি খাব পাৰি। বাঁহৰ চাউলৰ পৰা ভাতৰ লগতে খীৰ, খিচড়ি আৰু পায়াসম বনাব পাৰি। আমি সাধাৰণতে প্ৰতিদিনে ভাত খোৱাৰ দৰে সদায় খাব নালাগে মাজে মাজেহে খাব লাগে কাৰণ ইয়াক হজম কৰাটো অকণমান টান।

আপুনি জানি আচৰিত হ’ব ১ কেজি বাঁহৰ চাউলৰ দাম এমাজনত ৩০০ পৰা ৬০০ টকা পৰ্যন্ত । গতিকে আমাৰ কৃষকসকলে ঘৰত বাঁহ ফুলিলে ভয় খাব নালাগে। ই কোনো অমংগল নহয় নহয়। বাঁহ ফুলিলে পৰা আপোনাৰ লাভেই লাভ। কিন্তু দুখৰ কথা যে এজোপা বাঁহ ফুলিবলৈ প্ৰায় ১০০ বছৰ মান সময়ৰ প্ৰয়োজন হয়।

লগতে পঢ়ক- 

Stevia : বহি:ৰাজ্যই দখল কৰাৰ পূৰ্বে অসমীয়া কৃষকে ষ্টেভিয়াৰ খেতি কৰক

English Summary: Bamboo Rice Price in Amazon

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.