Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 29 March, 2023 4:17 PM IST
সফল কোনসকল হয়!

বাঘ আৰু ঘৰিয়ালৰ সংঘাত স্বচক্ষুৰে দেখা নাই এনিমেল পেলেন্ট, ডিচকভাৰী আদি চেনেলবোৰত কেতিয়াবা দেখিছো৷ কোনোবা এটা টিভি চেলেলত এবাৰ দেখিছিলো এটা বাঘে পানী খাবলৈ যাওঁতেই চিকাৰৰ বাবে চুপ লৈ থকা ঘৰিয়াল এটাই জাঁপ মাৰি বাঘটোৰ ডিঙিত কামোৰ মাৰি ধৰি পানীত ডুব মাৰিলে৷ অলপ পাছতে দেখিলো ওলোটাই বাঘটোৱে ঘৰিয়ালটোৰ ডিঙিত কামুৰি পাৰলৈ উঠাই আনে৷

এনেকৈ পানীত ঘৰিয়ালৰ লগত যুঁজ দি উঠি অহা বাঘ কম আছে৷ বেছিভাগৰে ঘৰিয়ালত হাতত মৰণ মিলে৷ আমাৰ গজেন্দয়ো নতশিৰ স্বীকাৰ কৰি শুৰত পদুম লৈ ঘৰিয়ালৰ আক্ৰমণৰ পৰা বচাবলৈ ভগৱানক মিনতি কৰিছিল৷ [বৰ্তমান অসমৰ গণ পৰিষদেও জীয়াই থকাৰ তাড়নাত নিজৰ জাতীয়তাবাদী আদৰ্শ জলাঞ্জলি দি হাতত পদুম তুলি ধৰা ছবিখন গজেন্দ উপাখ্যানৰে এটা সংস্কৰণ]৷ এই গজেন্দই কিন্তু স্থলত হোৱা হ’লে একে গচকে পেটু উলিয়াব পাৰিলেহেঁতেন ঘৰিয়ালৰ৷ নোৱাৰিলে কাৰণ এটাই সি মাটিতহে ৰজা৷ কিন্তু বাস্তৱ জীৱনত আমি এখিনিয়ে মানুহে ঘৰিয়ালৰ লগত যুঁজ দিব লগা হয় পানীত৷ এই যুঁজত অকস্মাৎ এজন-বা দুজনৰ হয় জয় বাকী ৯৮ শতাংশই ঘৰিয়ালৰ গ্ৰাসত পৰে৷

সদ্যঘোষিত এপিএচি পৰীক্ষাৰ কথাকেই ধৰা হওঁক৷ বাতৰি কাকত আৰু টিভি চেনেলসমূহৰ জানিব পাৰিছিলো যে এপিএচি পৰীক্ষাত পাছ হোৱা মাত্ৰ এগৰাকী পৰীক্ষাৰ্থীয়েহে কোনো ক্ৰচিং নকৰাকৈ উৰ্ত্তীণ হৈছে৷ বাকী ৯৯ শতাংশই ক্ৰচিং কৰিছিল৷ আৰু দেখিবলৈ পাইছিলো পৰীক্ষাত উৰ্ত্তীণ দুই-এজনৰ বাহিৰে বাকীসকলোৰে অৱস্থা অৰ্থনৈতিকভাৱে টনকিয়াল৷ সদ্যঘোষিত এপিএচি পৰীক্ষাত এজন পৰীক্ষাৰ্থী আমিয়ো আছিলো৷ ৯ ঘন্টা প্ৰাইভেট কোম্পানীত ডিউটি কৰাৰ পাছতে যিকণ সময় পাইছিলো তাকেই মিলাই মিলি পঢ়ি পৰীক্ষাত বহিছিলো৷ ক্ৰচিং কৰিবলৈ পইচা আৰু সময় দুইটাই নাছিল৷ আনফালে, পৰীক্ষা দিম বুলি কাম-বন নকৰি পঢ়াত লাগিবলৈ গ’লে ধান পকালৈ টুনীৰ মৰণৰ দৰে হয়৷ গতিকে পৰীক্ষাত আমাৰ দৰে পৰীক্ষাৰ্থী ফেইল কৰাটোৱেই স্বাভাৱিক আৰু মোৰ ক্ষেত্ৰত সেইটোৱেই হ’ল৷ পৰীক্ষাৰ ফলাফলৰ অন্তত দেখা গ’ল যে যিসকল উৰ্ত্তীণ হৈছে তেওঁলোকৰ কিন্তু আমাৰ দৰে সমস্যাবোৰ নাই৷ একান্ত মনে কেৱল পঢ়ি গৈছে৷ আৰু এইসকল আমাৰ প্ৰতিদন্দ্বী৷ গতিকে এই যুঁজত আমি হৰাটোৱেই স্বাভাৱিক৷

লগতে পঢ়ক- 

সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমৰ কৃষিখণ্ড পিছপৰি ৰোৱা কেইটামান কাৰণ

এই যুঁজখনৰ মুখামুখি কেৱল আমি এই এপিএচি পৰীক্ষাতেই মুখামু্‌খি হোৱা নাই৷ সৰুতে যেতিয়া আমি হালবাবলৈ পুৱাই উঠি গৈছিলো তেতিয়া চাকৰিয়ালৰ সন্তানসকলে মাকে সযতনে দিয়া গাখীৰ গিলাচ খাই পঢ়াৰ টেবুলত বহে৷ দুপৰীয়া আমি গৰু চৰাবলৈ যাওঁতে সিহঁতি টিউচনলৈ যায়৷ গতিকে পঢ়াত কোন আগবাঢ়িব৷ পৰীক্ষাত প্ৰশ্নকাকতখনতো একেই আহিব৷ ৰাতিপুৱাই হাল বাবলৈ যোৱা কেইটা আৰু আবেলি গৰু চৰাবলৈ যোৱাকেইটালৈ হালবোৱা-গৰু চৰোৱাৰ বিষয়ে প্ৰশ্নকাকত নাহে৷ ৰাতিপুৱা গাখীৰ খাই আৰু আবেলি টিউচনত গৈ শিকা ছাত্ৰী-ছাত্ৰীসকলৰ লগতে বীজগণিতৰ অংক, বিজ্ঞানৰ সুত্ৰৰ মুখামখি হ’ব লাগে এইসকল ছাত্ৰ-ছাত্ৰী৷ ইয়াৰ মাজতে অৱশ্যে দুই এজন এনে ছাত্ৰই ৰাতিপুৱা গাখীৰ, স্মৃতিশক্তিবৰ্ধক আহাৰ খোৱা, ৰাতিপুৱা গধূলি টিউচনলৈ যোৱা ছাত্ৰতকৈ আগবাঢ়ি যায়৷ কিন্তু তেনে ছাত্ৰ এহাজাৰ ভিতৰত এটাহে ওলায়৷ বাকীসোপা সময়ৰ কঢ়াল গ্ৰাসত হেৰাই যায়৷

লেখক- পংকজ খনিকৰ

লগতে পঢ়ক- 

কৃষকসকল কিয় সদায় উপেক্ষিত!

English Summary: KISHAN STUDENT VS RICH STUDENT
Published on: 25 October 2022, 04:34 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now