1. অন্যান্য

কৃষকসকল কিয় সদায় উপেক্ষিত!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Why are farmers always neglected!
Why are farmers always neglected!

কৃষকসকল কিয় সদায়  উপেক্ষিত! লোকচান-লাভ হ’লেও কৃষকসকলে প্ৰতিবছৰে খেতি কৰি দেশৰ জনগণক অন্ন যোগান ধৰি আহিছে। অথচ প্ৰতিমুহূৰ্তেই কৃষকসকল ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক দিশৰ পৰা উপেক্ষিত হৈ আহিছে। কিন্তু অর্থনৈতিক উন্নয়নৰ আওতাত কৃষিৰ ওপৰত সর্বাধিক গুৰুত্ব দিয়া হ’লে নিশ্চিতভাৱে ভাৰতৰ কৃষকসকলে খাদ্যশস্য, ফলমূল আৰু শাক-পাচলিৰে দেশখন ওপচাই পেলাব পাৰিলেহেঁতেন আৰু কৃষকসকল এক স্বচ্ছল জীৱন-যাপন কৰিব পাৰিলেহেঁতেন।

দেশৰ  প্রায় ৬০ কোটি লোক কৃষিখণ্ডত নিয়োজিত৷ এইসকল কৃষকৰ প্রায় ৮২.২ শতাংশ ক্ষুদ্র আৰু উপান্ত কৃষক৷ কম মাটিৰ অধিকাৰী আৰু আর্থিক সাহায্যবিহীন জনসংখ্যাৰ এই বৃহৎ অংশই অনাহাৰেই বিছনালৈ যাব লগীয়া হয়৷ যাৰবাবে দেশৰ ৪২ শতাংশতকৈও অধিক কৃষকে অন্য ক্ষেত্রৰ সন্ধান পালে কৃষিকার্য এৰিবলৈ ধৰে।

অধ্যয়নৰ পৰা এটা কথা স্পষ্ট হৈছে যে সম্প্ৰতি কৃষিক একাংশ লোকে গ্লেমাৰ হিচাপে গ্ৰহণ কৰাৰ বিপৰীতে দেশৰ অধিকাংশ যুৱকে অন্য কাম নাপালেহে খেতিত ধৰে। আৰু অন্য কামৰ সন্ধান পালেই কৃষি বৃত্তিক বিদায় দি সেই কামত মনোনিৱেশ কৰে। ইয়াৰ বাবে কেৱল এইসকল লোকক দোষ দি লাভ নাই কাৰণ কৃষিৰ লগত জড়িত লোকসকলক সমাজে যিধৰণে সন্মান জনাব লাগে তেনে সন্মান প্ৰদৰ্শন কৰা নহয়। যাৰবাবে কৃষিৰ লগতে জড়িত লোকসকলে বহু সময়ত হীনমন্যতাত ভুগিবলগীয়া হয়।

লগতে পঢ়ক- 

অসমত ধেমচি খেতিৰ সম্ভাৱনাৰ

এটা সৰু উদাহৰণে কথা স্পষ্ট কৰা হওঁক। আমাৰ কলেজ-ইউনিভাৰ্চিটিবোৰৰ কথাই ধৰা হওঁক। কলেজ-ইউনিভাৰ্চিটি পাৰ হোৱাৰ পাছতে চাকৰি বা কেতবোৰ ক্ষেত্ৰত পাৰদৰ্শিতা আগবঢ়োৱাসকলক কলেজ-ইউনিৰ্ভাচিটিবোৰত সন্মান প্ৰদৰ্শন কৰা হয়। কলেজ মেগাজিনসমূহত তেওঁলোকক অভিনন্দন জনায়। এনেদৰে চাকৰি লাভ কৰা এইসকল ছাত্ৰ-ছাত্ৰীক লৈ গৌৰৱ কৰে মহাবিদ্যালয়খনে অথবা বিশ্ববিদ্যালয়খনে। কিন্তু এই মহাবিদ্যালয়-বিশ্ববিদ্যালয়সমূহৰ কিছু ছাত্ৰ-ছাত্ৰীয়ে কৃষিক্ষেত্ৰখনত নিজে স্বাৱলম্বী হোৱাৰ লগতে আন ১০ জন লোকক সংস্থাপন দিলেও তেওঁলোকক অভিন্দনটো বাদ দিয়া অকণমান উতসাহ প্ৰদৰ্শনো কৰা নহয়। বৌধিকক্ষেত্ৰ মহাবিদ্যালয় বা বিশ্ববিদ্যালয়সমূহেও নিবিচাৰে যে ছাত্ৰ-ছাত্ৰীসকলে খেতি কৰক। তেনেহ’লে খেতি কৰাতো কোনে বিচাৰিব?

ইফালে, খেতি কৰা ল’ৰালৈ আজিকালি বহু মাক-বাপেকে নিজৰ ছোৱালীক বিয়া দিবও নিবিচাৰে। এইবোৰৰ মূলতেঃ আছে কৃষকসকলৰ উপাৰ্জন কম। শ্ৰম কৰে কিন্তু শ্ৰমৰ অনুপাতে কৃষকসকলে লাভ নকৰে শ্ৰমৰ মৰ্যদা। যাৰবাবে অন্য বৃত্তিৰ সন্ধান পালেই খেতি এৰে। কিন্তু দেশখনৰ বাবে শুভলক্ষণ নহয়। কাৰণ মানুহে প্লাষ্টিক খাই জীয়াই থাকিব নোৱাৰে। কাৰণ কৃষকৰ বাহিৰে অন্য কোনোৱে খাদ্য উৎপাদন কৰিব নোৱাৰে।

লগতে পঢ়ক- 

সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমৰ কৃষিখণ্ড পিছপৰি ৰোৱা কেইটামান কাৰণ

English Summary: Why are farmers always neglected!

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.