হাইড্ৰ’পনিক্স ধাৰণাটো নতুন নহয়, প্ৰাচীন কালত বেবিলনৰ ওলমা বাগিচা নিৰ্মাণ কৰিবলৈ এই প্ৰযুক্তিয়েই ব্যৱহাৰ কৰা হৈছিল। হাইড্ৰ’পনিক ফাৰ্মৰ মূল ধাৰণাটো হ’ল মাটিৰ সলনি পানী ব্যৱহাৰ কৰা হয়। ফটোত দেখি থকা দৰেই এই খেতি কৰা হয়। হাইড্ৰ’পনিক শাক-পাচলি বাগিচা এখনৰ বহু সুবিধা আছে। ঠাই বা পানীৰ অত্যধিক ব্যৱহাৰ নকৰাকৈ এই খেতি কৰিব পাৰি আৰু পৰম্পৰাগত কৃষিতকৈ এই পদ্ধতিৰে খেতি কৰিলে দ্ৰুতগতিত শাক-পাচলি উৎপাদন হয়। ভৱিষ্যতে এই কৃষি পদ্ধতি যে এই পদ্ধতি কৃষিৰ প্ৰাথমিক উৎস হৈ পৰিব সেয়া নিশ্চিত ।
তলত হাইড্ৰপনিক কৃষিৰ লাভালাভবোৰ বিষয়ে থুল-মূল আভাষ এটা দিয়া হ’ল-
১। কম ঠাইত অধিক খেতি
মাটিত গজা উদ্ভিদতকৈ হাইড্ৰ’পনিক্সৰ বাবে বহু কম ঠাইৰ প্ৰয়োজন হয়। হাইড্ৰ’পনিক্সক উলম্ব কৃষি কৌশলেৰে খেতি কৰিলে সাধাৰণ কৃষি কৌশলতকৈ ৯৯ শতাংশ পৰ্যন্ত কম মাটি কৰিব পাৰি।কাৰণ এই পদ্ধতিত পানী আৰু পুষ্টিকৰ পদাৰ্থবোৰ পোনপটীয়াকৈ শিপালৈ প্ৰেৰণ কৰা হয়। গতিকে উদ্ভিদে প্ৰয়োজনীয় খাদ্য ঠাইতে পায়। সেই কাৰণে অধিক ঠাইৰ প্ৰয়োজন নহয়।
২/ পানী সংৰক্ষণ কৰে
পানীয়েই হাইড্ৰপনিক উদ্ভিদৰ মূল যদিও সাধাৰণ খেতিতকৈ কম পানী ব্যৱহাৰ পানীতে হয়। কাৰণ এই পদ্ধতিত পানী অপচয় নহয়। কাৰণ সাধাৰণ খেতিত বেছিভাগ পানীয়ে বাষ্পীভৱনৰ দ্বাৰা বতাহত মুক্ত হয়। তদুপৰি হাইড্ৰ’পনিক্স ব্যৱস্থাত একেখিনি পানীকে পুনৰ ব্যৱহাৰ কৰিব পাৰি।
লগতে পঢ়ক-
হাইড্ৰপনিক পদ্ধতিৰে ছাগলী পালন কৰি কিদৰে লাভান্বিত হ’ব আপুনি!
৩/ অধিক উৎপাদন উৎপন্ন কৰে কিন্তু কম শ্ৰমৰ প্ৰয়োজন
খেতি কৰা, অপতৃণ কৰা, ঘাঁহনিনাশক আৰু কীটনাশক প্ৰয়োগ, আৰু অন্যান্য শ্ৰম-নিবিড় পামৰ কামৰ প্ৰয়োজন নোহোৱাকৈ হাইড্ৰ’পনিক্সে শ্ৰমিকৰ বাবে লঘু বোজা প্ৰদান কৰে। ফলত শস্য উৎপাদনৰ খৰচ কমি যায়, আৰু অন্যান্য কামৰ বাবে সময় মুকলি হয়। আচলতে এটা সৰু হাইড্ৰ’পনিক সেউজগৃহ সম্পূৰ্ণৰূপে এজন অংশকালীন শ্ৰমিকে পৰিচালনা কৰিব পাৰে।
৪/ ভৱিষ্যদ্বাণীযোগ্যতা আৰু ঋতুভিত্তিকতা
আমি সকলোৱে দেখিছো৷ গৰমৰ মাজভাগত ষ্ট্ৰবেৰী কিনিলে সস্তীয়া, সতেজ আৰু সুস্বাদু হয়। শীতকালত কিনিলে তিনিগুণমান দাম বেছি দিব লাগে। পৰম্পৰাগত কৃষি পদ্ধতিৰ বাবে ঋতুভিত্তিকতা এক দুৰ্ভাগ্যজনক বাস্তৱ। লগতে কৃষকসকলেও বতৰৰ অভাৱনীয় সমস্যাৰ সৈতে যুঁজিবলগীয়া হয়। কিন্তু হাইড্ৰ’পনিক সেউজগৃহত পৰিস্থিতিসমূহ খেতিয়কে নিয়ন্ত্ৰণ কৰিব পাৰে যিকোনো ঋতুতে অবতৰৰ খেতিও কৰিব পাৰে।
৫) খুব সোনকালে ডাঙৰ হয়
প্ৰায়বোৰ ফল-মূলেই পৰম্পৰাগত পদ্ধতিৰে পৰিপক্কতা লাভ কৰিবলৈ কেইবামাহো সময় লাগে। গছ-গছনিয়ে নিজৰ পুষ্টিকৰ উপাদান মাটিৰ পৰা ল’ব লাগিব, যিটো লেহেমীয়া প্ৰক্ৰিয়া হ’ব পাৰে। ইহঁতে যিবোৰ পুষ্টিকৰ পদাৰ্থ শোষণ কৰে সেইবোৰ প্ৰায়ে পৰিপক্ক প্ৰক্ৰিয়াৰ জৰিয়তে অপচয় হয়। হাইড্ৰ’পনিক উদ্ভিদৰ বৃদ্ধিৰ হাৰ মাটিত গজা উদ্ভিদতকৈ ৩০-৫০ শতাংশ বেছি দ্ৰুত। হাইড্ৰ’পনিক্সৰ দ্বাৰা উদ্ভিদে শোষণ কৰিব পৰাকৈ পুষ্টিকৰ পদাৰ্থ অধিক সহজে উপলব্ধ হয়। খেতিয়কে পোহৰ, তাপ, পুষ্টিকৰ উপাদান, জলসিঞ্চন, কীট-পতংগ, আৰু বৃদ্ধি প্ৰক্ৰিয়াৰ আন সকলো দিশ নিয়ন্ত্ৰণ কৰিব পাৰে। অৰ্থাৎ অধিক উৎপাদন থকা ডাঙৰ, দ্ৰুতগতিত বৃদ্ধি পোৱা উদ্ভিদৰ বাবে গোটেই চক্ৰটো সুশৃংখলিত কৰিব পাৰি।
সম্প্ৰতি অসমত বহুকেইজন কৃষকে এই পদ্ধতিৰে খেতি কৰিছে আৰু লাভান্বিত হৈছে। এই হাইড্ৰপনিক পদ্ধতিৰে খেতি কৰি সফলতা লাভ কৰিছে দুলীয়াজানৰ বনজিত পাঠকে। লেখাটোত দেখি থকা ফটোবোৰ তেওঁৰ হাইড্ৰপনিক কৃষি ফাৰ্মৰে।
লগতে পঢ়ক-