1. পশুপালন

হাইড্ৰপনিক পদ্ধতিৰে ছাগলী পালন কৰি কিদৰে লাভান্বিত হ’ব আপুনি!

PANKAJ KHANIKAR
PANKAJ KHANIKAR

বৰ্তমান ছাগলী পালন যথেষ্ঠ লাভজনক ব্যবসায় হিচাবে পৰিগনিত হৈছে।অসমৰ বহুকিজন নবীন হিতাধিকাৰী তথা উদ্যমী যুৱকে যথেষ্ঠ সুনাম অৰ্জন কৰিছে তথা লাভান্বিত হৈছে। তেখেতসকলে বাহিৰৰ ৰাজ্যৰ পৰা উন্নত মানৰ ছাগলী আনি স্থানীয় ছাগলীৰ সৈতে বৰ্নসংকৰ কৰি এক লাভজনক ব্যবসায়ৰূপে প্ৰতিষ্ঠা কৰিছে।  এতিয়া মই যি পদ্ধতিৰ কথা কব লৈছো, সেইটো হ'ল হাইড্ৰপনিক পদ্ধতি, হয়তো যি সকলে এইটো বিষয়ে নেজানে তেওঁলোকে হয়তো ভাবিছে হাইড্ৰপনিক পদ্ধতিৰে শাক-পাচলি উৎপন্ন কৰাহে দেখিছো, ছাগলী আকৌ কেনেকৈ পানীত পালন কৰিব যিহেতু হাইড্ৰপনিক পদ্ধতিত পানীত শাক-পাচলি কৰা হয়।

hydroponics for goat farming
hydroponics for goat farming

দৰাচলতে আমি ছাগলী পুহিলে আমি আহাৰ হিচাবে কি খুৱাও ঘাঁহ, বিভিন্ন গছৰ পাত, নাইবা মুকলি পথাৰত চৰাও বা এৰি দিও নহয় জানো।কিন্তু যেতিয়া আমি কোনো এটা কাম ব্যবসায়িকভাবে কৰিবলৈ লওঁ তেতিয়াহ’লে আমি সঁচাকৈ লাভজনক ৰূপে প্ৰতিষ্ঠা কৰিবলৈ হ’লে প্ৰথমৰ পৰা সম্পূৰ্ণ আধুনিক পদ্ধতিৰে পৰিকল্পনা সন্মতভাৱে আগবঢ়াতো উচিত। তেতিয়া দেখিব আপোনাৰ প্ৰজেক্টটোত কোনো খেলি মেলি নেলাগে। কিবা অনাকাংখিত পৰিস্থিতি আহিলেও তাক মুকাবিলা কৰিবলৈ সহজতে সক্ষম হোৱা যায়। ছাগলী সাধাৰনতে ওখ ছাংঘৰত ৰখাটো প্ৰয়োজনীয়, ছাংঘৰত থাকিলে ছাগলীৰ স্বাস্থ্যৰ বাবে বৰ উপযোগী ।

লগতে পঢ়ক-

GOAT farming কম মূলধনতে অধিক লাভ দিব ছাগলী পালনৰ ব্যৱসায়ে

hydroponics পদ্ধতিৰ ঘাঁহ উত্‍পাদন
hydroponics পদ্ধতিৰ ঘাঁহ উত্‍পাদন

মন কৰিব ছাগলীয়ে এনেও ওখ ঠাইবোৰত বগাবলৈ ভাল পায়, থকা ঠাইতে পানী আৰু ঘাহৰ ব্যবস্থা কৰিব লাগে, যেতিয়া আপুনি সৰহ ছাগলী পুহিব তেতিয়া আপুনি পথাৰত চৰোৱা বা এৰাল দিয়া বহুত সমস্যাৰ সৃষ্টি হয়, গতিকে আপুনি হাইড্ৰপনিক পদ্ধতি ব্যবহাৰ কৰি ছাগলীৰ ঘাঁহ উৎপন্ন কৰি ছাংঘৰৰ ভিতৰতে জাৰ্চি গৰুৰ নিচিনাকৈ পুহিব পাৰে।ইয়াত সাধাৰণতে গোমধান ঘাঁহ শস্য হিচাবে ব্যবহৃত হয়। আপুনি দুফোট বহল তিনিফুট দীঘল আৰূ আধাফুট দ প্লাষ্টিক বা টিনৰ ট্ৰে কিছূসংখ্যক বনাই ল’ব লাগিব বা বজাৰত পোৱা চালানী মাছৰ কাৰ্টুনেনেও বনাব পাৰি মাত্ৰ পানী নসৰকা হ’ব লাগে।প্ৰথমতে গোমধানখিনি বাৰ ঘন্টা তিয়াই থব, তাৰ পাছত পানীৰ পৰা গোমধান খিনি ছেকি কোনো বস্তা বা পাছিত থৈ তিতা মৰপাটৰ বস্তাৰে ঢাঁকি ছা পৰা ঠাইত চবিশ ঘন্টাৰ পৰা আঠচল্লিশ গাপ দি ৰাখিব।

মাজে মাজে চাই থাকিব গজালি মেলিছেনে নাই,যদি গজালি ওলোৱা দেখে তেতিয়া গোমধানখিনি দেৰ কেজি মানকৈ প্ৰতিখন ট্ৰেত বহলাই মেলি দিব আৰু চাঙত থৈ ৰাতিপুৱা গধূলি স্প্ৰেৰ সহায়ত পানী দিব ,ঘৰৰ ভিতৰতে পোহৰ পৰা জেগাত ৰাখিব, এনেকৈ দহ দিনৰ ভিতৰত গোমধানৰ পুলি ঘাহখিনি ছাগলীক খোৱাবলৈ পৰা যায়। এখন ট্ৰেত দেৰ কেজি গোমধানে প্ৰায় এঘাৰ কেজি ঘাহ উৎপন্ন হয়, শিপাৰে সৈতে ঘাহখিনি খুৱাব লাগে আৰু ছাগলীও খুউব খায়। ঘাঁহ উৎপাদনৰ প্ৰক্ৰিয়াটো এনেকৈ বনাব লাগে যাতে সদায়ে দৰকাৰমতে ঘাহ উৎপন্ন হয়।খুউব থুলমুলকৈ লিখিলো। অধিক জানিবৰ বাবে গোগোল আদিত চাব পাৰিব।

লগতে পঢ়ক- 

খেৰত ইউৰিয়া প্ৰয়োগ কৰি কেনেদৰে প্ৰস্তুত কৰিব উৎকৃষ্টমানৰ পশুখাদ্য!

English Summary: hydroponics goat farming System

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.