Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 15 June, 2021 9:29 AM IST
Sbi launched KAVACH bussiness loans scheme for Covid-19 patients of treatment

   এছ.বি.আই. KAVACH ব্যক্তিগত ঋণ: কোভিড-19 মহামাৰীয়ে কোনো না কোনো প্ৰকাৰে মানুহৰ জীৱনত প্ৰভাৱ পেলাইছে। এনে পৰিস্থিতিৰ মাজতে ভাৰতীয় ষ্টেট বেংকে (SBl) ইয়াৰ গ্ৰাহকসকলৰ বাবে কিছু ভাল খবৰ আনিছে। ভাৰতীয় ষ্টেট বেংকে গ্ৰাহক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক কোভিড-19-ৰ বিৰুদ্ধে চিকিৎসাৰ বাবে সহায় প্ৰদান কৰাৰ উদ্দেশ্যে KAVACH ব্যক্তিগত ঋণৰ প্ৰৱৰ্তন কৰে।

  এই কাভাচ (KAVACH) ব্যক্তিগত ঋণৰ নির্দেশনাত স্পষ্টভাবে উল্লেখ আছে যে, এছ.বি.আই. গ্ৰাহকসকলৰ বাবে এক সকাহ দিয়া হৈছে যাতে তেওঁলোকে এই কোভিড-19 সংক্ৰমণৰ বিৰুদ্ধে চিকিৎসাৰ বাবে তেওঁলোকে বেংকৰ পৰা সম্পূর্ণ সমৰ্থন ও সহযোগিতা লাভ কৰে, এইটো নিশ্চিত কৰা। এই কাভাচ (KAVACH) ব্যক্তিগত ঋণৰ গ্রাহক সকলৰ বাবে এটা ভাল সুবিধা হৈছে এয়ে যে ইয়াৰ বাবে ঋণ লাভ কৰবলৈ কোনো বন্ধক বা বেংক সুৰক্ষাৰ বাবে সম্পত্তিৰ নথি-পত্র জমা দিব নালাগে।

   এছ.বি.আই. গ্ৰাহকসকলে ঋণৰ বিৱৰণৰ বাবে এছ.বি.আই বেঙ্কৰ শাখালৈ যাব পাৰে বা 1800 11 2211 নম্বৰত ফোন কৰিব পাৰে।

আৰু পঢ়ক- ভোট জলকীয়া খেতিয়ক সকলে তলত দিয়া কথা কেইটা বিশেষভাৱে মন কৰিব লাগে

   শেহতীয়াকৈ, দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংকে ইয়াৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰি কয় যে, "এছবিআইৰ দ্বাৰা কাভাচ ব্যক্তিগত ঋণ প্ৰৱৰ্তন কৰা। যিহেতু ৰাষ্ট্ৰই এই ভয়ংকৰ ভাইৰাছৰ সৈতে যুঁজ দিছে, আমি আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সদস্যসকলক কোভিড চিকিৎসাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰিব বদ্ধপৰিকৰ।"

   এছ.বি.আই. গ্ৰাহকসকলে মন কৰিব লাগিব যে কাভাচ ব্যক্তিগত ঋণ কোভিড-19 চিকিৎসাৰ বাবে বছৰি 8.50 শতাংশৰ সৰ্বনিম্ন সূতৰ হাৰত উপলব্ধ। এই ঋণ লাভ কৰিবলৈ, এছ.বি.আই. গ্ৰাহক এজনে কিছুমান কথা মনত ৰাখিব লাগিব। গ্ৰাহকে সৰ্বাধিক ৫ লাখ টকালৈকে কাভাচৰ (KAVACH) অধীনত ঋণ ল'ব পাৰে। ঋণপৰিশোধ ৬০ মাহৰ ভিতৰত কৰিব লাগে য'ত তিনি মাহৰ স্থগিতাদেশ অন্তৰ্ভুক্ত থাকে। লগতে, এই ঋণ প্ৰাপ্ত কৰাৰ বাবে, ব্যক্তিজনে কোভিড-19 ইতিবাচক প্ৰতিবেদন দাখিল কৰাটো বাধ্যতামূলক।

আৰু পঢ়ক- আপুনি পাচাউলি খেতি কৰিব আগ্রহী নেকি? তেন্তে এনেদৰে সহজতে কৰক পুলি উৎপাদন

এছ.বি.আই. ৱেবছাইট অনুসৰি, এটা গুৰুত্বপূর্ণ কথা মনত ৰাখিব লাগিব যে এই ঋণৰ উদ্দেশ্য হৈছে 1 এপ্ৰিল, 2021 তাৰিখে বা তাৰ পিছত কোভিড-19 পজিটিভ পোৱা ব্যক্তি বা পৰিয়ালৰ সদস্যৰ COVID-19 চিকিৎসা কৰা। এই ঋণৰ হিতাধিকাৰী বেতনভোগী, বেতনবিহীন বা পেঞ্চনাৰসকল যিকোনো হব পাৰে।

কাভাচ (KAVACH) ব্যক্তিগত ঋণৰ সৈতে সম্পৰ্কিত অধিক বিৱৰণৰ বাবে, আগ্রহী ব্যক্তিয়ে এছ.বি.আই.বেংকত বা অফিচিয়েল ৱেবছাইটত লগইন কৰিব পাৰে নাইবা 1800 11 2211 নম্বৰত কল কৰিব পাৰে।

আৰু পঢ়ক- সু-খৱৰ! একাধিক খৰিফ শস্যৰ নূন্যতম সমৰ্থন মূল্য 50-62% বৃদ্ধি কেন্দ্রীয় চৰকাৰৰ
English Summary: good news for sbi customers kavach against covid 19 with personal loan for coronavirus treatment at lowest interest rate check all details here
Published on: 15 June 2021, 12:06 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now