Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 15 May, 2021 4:29 PM IST
Latest Covid Protocol SOP release by assam govt. DGP Bashkar jyoti Mahanta

    অসম চৰকাৰে কিছুদিন আগতে ৰাজ্যজুৰি জাৰি কৰা কঠোৰ SOPৰ সৈতে সম্পৰ্ক ৰাখি যোৱাকালি এখন সংশােধনী SOP জাৰি কৰিছে। ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকধানে এখন যৌথ সংবাদমেল পাতি যি কঠোৰ SOP জাৰি কৰিছিল তাত আৰু কিছু ৰেহাই দিয়া হৈছে। দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ ৰাজ্যত জাৰি কৰা সান্ধ্য আইনৰ পৰা আজি আৰু কিছু ক্ষেত্ৰক ৰেহাই দিয়া হৈছে।

   এই সংশােধনী SOP অনুসৰি সান্ধ্য আইনৰ পৰা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সৈতে জড়িত চিকিৎসা প্রতিষ্ঠান, আৰক্ষী, কাৰাগাৰ, গৃহৰক্ষী, অসামৰিক প্ৰতিৰক্ষা, অগ্নি নির্বাপক সেৱা, জিলা প্রশাসন, পে’ এণ্ড একাউন্ট অফিচ, বিদ্যুৎ, পানী আৰু অনাময়, বিমান-ৰে’ল-বাছ আদি ৰাজহুৱা পৰিবহণ সকলাে আপদকালীন সেৱাকে ধৰি সকলাে জৰুৰীকালীন সেৱাক ৰেহাই দিয়া হৈছে। ইয়াৰ উপৰি সকলাে ন্যায়িক বিষয়া, সকলাে বেচৰকাৰী চিকিৎসা বিভাগৰ সৈতে জড়িত চিকিৎসক, নাই, পেৰামেডিকেল ষ্টাফ আদিকো সান্ধ্য আইনৰ পৰা ৰেহাই দিয়া হৈছে। আনহাতে চিকিৎসাৰ বাবে যােৱা গৰ্ভৱতী মহিলা আৰু ৰােগীকো সান্ধ্য আইনৰ বাধ্যবাধকতাৰ পৰা ৰেহাই দিয়া হৈছে। বিমান বন্দৰ, ৰেল ষ্টেছন, আই.এছ.বি.টি আদিলৈ যােৱা বা তাৰপৰা অহা লােকসকলক বৈধ টিকট প্রদর্শনৰ ভিত্তিত ৰেহাইদিয়া হৈছে। সাংবিধানিক পদত থকা লােক আৰু কোনাে দেশৰ কূটনীতিবিদসকলক এই সান্ধ্য আইনৰ পৰা ৰেহাই দিয়া হৈছে। বৈদ্যুতিন আৰু ছপা সংবাদ মাধ্যমকে সান্ধ্য আইনৰ পৰা ৰেহাই দিয়া হৈছে। অত্যাৱশ্যকীয় বা অন্য সকলাে মালবাহী বাহনৰ আন্ত:ৰাজ্যিক বা আন্তঃজিলা চলাচলত কোনাে বাধা নিষেধ নাথাকিব। আনকি এনে বাহনৰ বাবে পৃথকে পাছ লােৱাৰাে কোনাে প্রয়ােজন নাথাকিব।

আৰু পঢ়ক- আপোনাৰ জ্বৰ চৰ্দি হৈ আছে নেকি? কিদৰে চিনাক্ত কৰিব সাধাৰণ জ্বৰ চৰ্দি নে Covid -19 (Corona Virus Symptoms)

   খাদ্য সামগ্রী, গোলামাল, ফল-মূল, পাচলি, গাখীৰ আৰু দুগ্ধজাত সামগ্রী, মাছ-মাংস, পশুখাদ্য, ঔষধৰ দোকান আৰু চিকিৎসা সামগ্ৰীৰ দোকানৰ ক্ষেত্ৰত সান্ধ্য আইন ৰেহাই দিয়া হৈছে। বেংক, বীমা কার্যালয়, এ.টি.এম, টেলিফন সেৱা, ইণ্টাৰনেট সেৱা, ব্রড কাষ্টিং সেৱা, তথ্য প্রযুক্তি সেৱা আদিৰ উপৰি ই-কমার্চযােগে ক্ৰয় কৰা সকলাে অত্যাৱশাকীয় সামগ্ৰী আৰু খাদ্য সামগ্রী, ঔষধ, চিকিৎসা সামগ্ৰীৰ ডেলিভাৰী, পেট্রল পাম্প, ৰন্ধন গেছ, চিএনজি, পেট্রলিয়াম আৰু গেছৰ মজুত কৰা স্থান আৰু খুচুৰা বিক্ৰী কেন্দ্রক সান্ধ্য আইনৰ পৰা ৰেহাই দিয়া হৈছে। ইফালে শক্তি উৎপাদন, সহ আৰু বিতৰণ গােট আৰু সেৱা, শীতলীকৰণ ভঁৰাল আৰু গুদাম, ব্যক্তিগত নিৰাপত্তা সেৱা, অত্যাৱশ্যকীয় সামগ্রী নির্মাণ গােট, ধাৰাবাহিক উৎপাদন প্রক্রিয়াৰ সৈতে জড়িত নির্মাণ গােটসমুহকো সান্ধ্য আইনৰ পৰা ৰেহাই দিয়া হৈছে। আনহাতে কভিড ভেকচিন লবলৈ যােৱা লােকসকল, পৰিৱেশ আৰু বন বিভাগৰ অধীনত বনানী প্রক্রিয়াৰ সৈতে জড়িত সকলাে লােক, মানৱীয় দৃষ্টিভংগীৰে কভিড ৰােগীক খাদ্য যােগানৰ পৰা অন্য সকলাে সহায় কৰিবলৈ আগবাঢ়ি অহা লোক আৰু সংস্থা আৰু বাটৰুৱা পশু খাদ্য যােগানৰ বাবে আগবাঢ়ি অহা লোক বা সংস্থাকো জিলা উপায়ুক্তৰ আগতীয়া অনুমতিসহ ৰেহাই দিয়া হ'ব বুলি নতুন সংশােধিত এছ.অ.পি খনত প্ৰকাশ কৰা হৈছে।

আৰু পঢ়ক- ভাৰতত সম্পূর্ণ লকডাউনৰ পৰামৰ্শ মার্কিন বিশেষজ্ঞ এন্থনী ফউচী‍ৰ (American Health Adviser Anthony Fauci Suggested to Nationwide Lockdown in India)

    আনহাতে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ আৰু ২০ শতাংশই নিলাম প্রক্রিয়াক দিনৰ ১ বজালৈকে অনুমতি দিয়া হৈছে। সকলাে কৃষি সামগ্ৰীৰ যে মেৰামতি কৰা কাম, কোৱাৰেন্টেইনত মানুহ ৰখা, চিকিৎসক বা চিকিৎসা সেৱাৰ সৈতে জড়িত লােক ৰখা, বিমান সেৱাৰ লােক ৰখা হােটেলকো সান্ধ্য আইনৰ বাধ্যবাধকতাৰ পৰা ৰেহাই দিয়া হৈছে। আনহাতে কৃষি আৰু চাহ বাগিচাৰ কাম কভিড প্ৰট'কল মানি চলি থাকিবলৈ, ভাৰতীয় খাদ্য নিগমৰ অত্যাৱশ্যকীয় খাদ্য সামগ্রী যােগান প্রক্রিয়া, চিকিৎসা সামগ্রী নির্মাণ আৰু যােগান ধৰাসকলে চৰকাৰী-বেচৰকাৰী প্রতিষ্ঠানক সান্ধ্য আইৰ পৰা ৰেহাইদিয়া হৈছে। যাত্রী আৰু সামগ্রী কঢ়িওৱা ৰেল পবিহণৰ সৈতে পোনপটীয়াকৈ জড়িত লােকসকল, বেংক, বীমা আৰু বিত্তীয় প্রতিষ্ঠানৰ সৈতে জড়িত লােক, চৰকাৰী-অর্ধচৰকৰী কাৰ্যালয়ৰ সচিব বিষয়াৰ পৰা ওপৰৰ বিষয়াসকলক দিনৰ ১বজালৈ কাৰ্যালয়ত উপস্থিত থকাৰ অনুমতি দিয়া হৈছে।

 তদুপৰি কন্টেনমেন্ট জনত যি সীমিত লােক বা বাহনৰ প্ৰৱেশ কৰাৰ অনুমতি থাকিব যদিও তেঁওলােকৰ ক্ষেত্ৰত জিলা উপায়ুক্তৰ অনুমতি বাধ্যতামূলক হ'ব।

আৰু পঢ়ক- এই ক'ৰণা মহামাৰীৰ সময়ত আপুনি দেহৰ যত্ন কেনেদৰে ল'ব আৰু প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ আমাৰ কেইটামান পৰামর্শ

 

English Summary: Breaking news new covid 19 sop release by assam government details inside
Published on: 15 May 2021, 11:35 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now