Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 10 January, 2022 11:35 AM IST
Bhogali Mela 2022

হেপাহৰ ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন । প্ৰতিবছৰৰ দৰে এইবেলিও প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ উদ্যোগত গুৱাহাটীৰ দিঘলীপুখুৰীত আয়োজন কৰা হয় “ভোগালী মেলা ২০২২” । দেওঁবাৰে অসমৰ কৃষিমন্ত্ৰী অতুল বৰাই “ভোগালী মেলা ২০২২”ৰ শুভাৰম্ভ কৰে ।

উৎসৱৰ সৈতে জড়িত এই মেলাত থলুৱা ভিন্ন বিহু সুস্বাদু খাদ্য সামগ্ৰী আৰু পৰম্পৰাগত হস্তশিল্প প্ৰদৰ্শন কৰা হয় । উল্লেখ্য যে, ভোগালী মেলা ২০২২ য়ে ক্ৰেতা আৰু বিক্ৰেতা দুয়োকে ক্ৰয়-প্ৰদৰ্শন কৰিবলৈ আৰু আনকি এটা চালিৰ তলত পিঠা-পনা, লাৰুৰ দৰে বিহু সুস্বাদু খাদ্য বিক্ৰী কৰিবলৈ সুবিধা প্ৰদান কৰিছে । প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ মহান উদ্যোগৰ বাবে কৃষি মন্ত্ৰী অতুল বৰাই প্ৰতিষ্ঠানটোৰ প্ৰতিগৰাকী কৰ্মকৰ্তাক অভিনন্দন জনায় ।

যুগ যুগ ধৰি চলি অহা পৰম্পৰাসমূহৰ সৈতে নতুন চামক জড়িত কৰাব পাৰিলেহে জাতিটো অধিক উজ্জীৱিত হ'ব । সেই দিশৰ পৰা এই মেলা বিশেষ গুৰুত্বপূৰ্ণ । কৃষিমন্ত্ৰী অতুল বৰাই কয় যে- “উত্তৰ-পূবৰ অগ্ৰণী সংবাদ গোষ্ঠী প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডৰ দ্বাৰা গুৱাহাটীৰ দীঘলীপুখুৰীত আয়োজিত ভোগালী মেলা-২০২২ আজি উদ্বোধন কৰি আহ্লাদিত হ'লোঁ । লগতে থলুৱা ভিন্ন খাদ্য সামগ্ৰী, বস্ত্ৰ, ৰন্ধন প্ৰণালীৰ বিপণীসমূহ দৰ্শন কৰি আপ্লুত হওঁ” ।

Atul Bora Perform Bihu At Bhogali Mela

ক’ভিড বিধি মানি আয়োজন কৰা এই অনুষ্ঠানক কিষান মৰ্চাৰ সহযোগিতাৰো মন্ত্ৰীগৰাকীয়ে শলাগ লয় । এই পদক্ষেপে মহানগৰীখনত বাস কৰা কেৱল অসমীয়া ভাষীকেই নহয়, বিভিন্ন ভাষা-ভাষী, ধৰ্মাৱলম্বী, জাতি-জনগোষ্ঠীৰ লোকসকলক আকৰ্ষিত কৰাৰ লগতে অসমৰ সাতাম পুৰুষীয়া সমন্বয়ৰ এনাজৰীডাল অধিক মজবুত কৰিব বুলি তেওঁ উল্লেখ কৰে ।

প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ চি.এম.ডি ৰিনিকি ভূঞা শৰ্মাই অসমৰ কৃষি মন্ত্ৰী অতুল বৰাৰ সৈতে মেলাখন পৰিদৰ্শন কৰাৰ লগতে ভোগালী মেলাৰ পৰম্পৰাগত বিভিন্ন সুস্বাদু ব্যঞ্জনৰ জুতি লয় । উল্লেখ্য যে, ভোগালী মেলাত কৃষি মন্ত্ৰী অতুল বৰাই পৰম্পৰাগত বিহু গীত গাই দৰ্শক সকলক আপ্লুত কৰে ।

লগতে পঢ়কঃ Milk Production: ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ সৈতে ২০০০ কোটিৰ বুজাবুজি চুক্তি

English Summary: Bhogali Mela 2022, Guwahati
Published on: 10 January 2022, 11:35 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now