Krishi Jagran Tamil
Menu Close Menu

মকৰ সংক্ৰান্তিত ২০২২ : মকৰ সংক্ৰান্তিত কিয় খোৱা হয় খিচৰি, জানক ইয়াৰ ধৰ্মীয় গুৰুত্ব

Friday, 07 January 2022 04:17 PM
Makar Sankranti 2022

Makar Sankranti 2022

দেশত প্ৰতি বছৰে ১৪ জানুৱাৰীত মকৰ সংক্ৰান্তি (Makar Sankranti 2022) উৎসৱ উদযাপন কৰা হয় । সমগ্ৰ দেশতে  হিন্দু ৰীতি-নীতিৰে উদযাপন কৰা হয় এই মকৰ সংক্ৰান্তি উৎসৱ । কিন্তু আপুনি জানেনে কিয় মানুহে মকৰ সংক্ৰান্তি (Makar Sankranti 2022) উদযাপন কৰে, আৰু ইয়াৰ মুখ্য কাৰণ কি? আজি, এই প্ৰবন্ধটোত, আমি আপোনাক মকৰ সংক্ৰান্তি উৎসৱ উদযাপন কৰাৰ বিষয়ে আলোচনা কৰিম-

মকৰ সংক্ৰান্তি কিয় উদযাপন কৰা হয় (Why Makar Sankranti celebrated)?

দৰাচলতে মকৰ সংক্ৰান্তিৰ (Makar Sankranti ) গুৰুত্ব মকৰ ৰাশিত সূৰ্যৰ প্ৰৱেশৰ সৈতে সম্পৰ্কিত । কোৱা হয় যে যেতিয়া সূৰ্য ঈশ্বৰে ধনু ৰাশি ত্যাগ কৰে আৰু মকৰ ৰাশিত প্ৰৱেশ কৰে, মকৰ সংক্ৰান্তি উদযাপন কৰা হয় । এবছৰত, সূৰ্য ১২ টা ৰাশিত চলাচল কৰে আৰু ই যি পৰিমাণত প্ৰৱেশ কৰে তাক ইয়াৰ অয়নান্ত বুলি কোৱা হয় । এই বছৰ সূৰ্য ১৪  জানুৱাৰীত মকৰ ৰাশিত প্ৰৱেশ কৰিব ।

Makar Sankranti 2022

Makar Sankranti 2022

ভাৰতত মকৰ সংক্ৰান্তি (Makar Sankranti) কেনেদৰে উদযাপন কৰা হয়

এই পবিত্ৰ উৎসৱত ভাৰতীয় লোকসকলে পবিত্ৰ নদীত স্নান কৰাৰ লগতে কলা তিল, চাউল, শাক-পাচলি , দাইল, হালধি, ফল আৰু অন্যান্য সামগ্ৰীবোৰ দৰিদ্ৰ লোকসকলক দান কৰে । বিশ্বাস কৰা হয় যে উক্ত দিনাখন দান কৰিলে সূৰ্। দেৱতা প্ৰসন্ন হয় আৰু ভক্তৰ সমস্ত মনৰ ইচ্ছা পূৰণ কৰে । ইয়াৰ উপৰিও আন এটা বিশ্বাস আছে মকৰ সংক্ৰান্তিৰ দিনাখন দান কৰিলে পৰৱৰ্তী জীৱনত মানুহ হিচাপে জন্ম লাভ কৰে । সেয়ে এই মকৰ সংক্ৰান্তিৰ উৎসৱটি বিশুদ্ধ চিন্ত আৰু আনন্দ মনেৰে উদযাপন কৰা হয় ।

উল্লেখ্য যে, উক্ত দিনাখন ঘৰে ঘৰে খিচৰি খোৱাৰো প্ৰথা আছে । বিশেষভাৱে উত্তৰপ্ৰদেশ, বিহাৰ আৰু ঝাৰখণ্ডত খিচৰি দিয়াৰ ৰীতি আছে । এই সময়ত প্ৰয়াগৰাজত মাঘ মেলাও অনুষ্ঠিত হয় ।

দেশৰ বিভিন্ন ৰাজ্যত মকৰ সংক্ৰান্তি কিভাৱে উদযাপন কৰা হয়        

· পশ্চিমবংগত এই উৎসৱ পৌষ সংক্ৰান্তি নামে পৰিচিত । যিহেতু পুহ মাহত হিন্দু কেলেণ্ডাৰ অনুসৰি সূৰ্য মকৰ ৰাখিতে প্ৰবেশ কৰে সেই কাৰণে ইয়াক পৌষ সংক্ৰান্তি নামেৰে জনাজাত ।

· গুজৰাটত ইয়াক উত্তৰায়ণ উৎসৱ নামেৰে জনা যায় । এই উপলক্ষে উক্ত দিনা গুজৰাটত ঘূড়ি উৎসৱৰ আয়োজন কৰা হয় । ইয়ে সমগ্ৰ বিশ্বৰ অংশগ্ৰহণকাৰীক আকৰ্ষক কৰে । উত্তৰায়ণৰ দিনা স্নান আৰু উপবাস বাধ্যতামূলক ।

· কৰ্ণাটকত মকৰ সংক্ৰান্তিৰ দিনাখন স্নান আৰু দান কৰাৰ ৰীতি আছে । অসমত ইয়াক বিহু হিচাপে উদযাপন কৰা হয় । · দক্ষিণৰ ৰাজ্য তামিলনাডুত পুঙ্গাল হিচাপে উদযাপন কৰা হয় ।মকৰ সংক্ৰান্তিৰ দিনাখন সূৰ্যটো স্হিৰ হিচাপে দেখা যায় · হাৰিয়াণা, পঞ্জাৱ আৰু দিল্লীত মকৰ সংক্ৰান্তিৰ এদিন আগত লোহৰি উদযাপন কৰা হয় ।

লগতে পঢ়কঃ UPSC Recruitment 2022: বিষয়া হোৱাৰ সোণালী সুযোগ! ১৩ জানুৱাৰীৰ আগত কৰক আবেদন

Makar sankranti Festival Celebration

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2022 Krishi Jagran Media Group. All Rights Reserved.