সম্প্ৰতি বহু মানুহে কৃষিক জীৱিকা হিচাপে গ্ৰহণ কৰাটো দুৰ্ভাগ্য বুলি ভাৱে। কিন্তু আচলতে এজন খেতিয়ক হব পৰাতো দুৰ্ভাগ্য নে সৌভাগ্য! বহুতে দুৰ্ভাগ্য বুলি ভবাৰ বিপৰীতে কৃষক জীৱনৰ এনে কিছুমান দিশ আছে সেইবোৰৰ লগত পৰিচিত প্ৰতিজন কৃষকেই কৃষি বৃত্তিতকৈ আন কোনো বৃত্তি শ্ৰেষ্ঠ নহয় বুলিও ভাৱে। কিন্তু এইবোৰ উপলব্ধি আৰু অনুভৱৰ বস্তুহে। ততস্তত্তেও আজি এই আলোচনাত জীৱিকা হিচাপে কৃষিৰ লাভালাভসমূহ বিষয়ে কেইটামান দিশৰ বিষয়ে আলোচনা কৰিম।
উপাৰ্জন : বহু চাকৰিত বাহিৰা পইচা থাকে। কিন্তু ঘোচ খাই ভয়ে ভয়ে থাকিব লগা হয়। একেদৰে খেতিতো বাহিৰা পইচা থাকে। এই বাহিৰা পইচবোৰ আহে কৃষিৰ লগত জড়িত আনুষাংগিক কামবোৰৰ পৰা। খেতিৰ সমান্তৰালভাৱে এজন ব্যক্তিয়ে কুকুৰা, ছাগলি, মাছ আদি পালন কৰি বহু ঠাইৰ পৰা উপাৰ্জন কৰিব পাৰে। নিজৰ সাধ্য অনুসৰি এজন কৃষকে আনলিমিটেড উপাৰ্জন কৰিব পাৰে।
লগতে পঢ়ক-
কৃষিলৈ মন মেলাৰ পূৰ্বে এই ৫ টা সম্পদ আপোনাৰ হাতত আছে নাই থিক কৰক
প্ৰকৃতিৰ সৈতে সংযোগ: কৃষি হৈছে এক হাতে কামে কৰা বৃত্তি যাৰ বাবে প্ৰকৃতি আৰু প্ৰাকৃতিক পৰিৱেশৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰে। মাটিৰ গোন্ধই যাক আনমনা কৰে তেওঁৰ বাবে কৃষি বৃত্তিতকৈ আন একো বৃত্তি হব নোৱাৰে।
সুস্থ জীৱনশৈলীঃ খেতিৰ লগত শাৰীৰিক শ্ৰম জড়িত হৈ থাকে, যিটো সামগ্ৰিক স্বাস্থ্য আৰু সুস্থতাৰ বাবে উপকাৰী হ’ব পাৰে। খেতি কৰিলে কেতিয়াও পেটুৱা হৈ বিভিন্ন বেমাৰ আজাৰৰ ভৰাঁল হৈ নপৰে। লগতে নিজেই উতপাদিত খাদ্য শস্য খোৱাৰ সমান একো হ’ব নোৱাৰে। গতিকে খেতিৰ লগত জড়িত হৈ পৰিলে বেমাৰ আজাৰ, ৰাসায়নিকযুক্ত খাদ্যৰ পৰা কৃষকজনক সদায় নিজে নিজে আঁতৰি থাকে।
বহনক্ষমতা : কৃষি পদ্ধতিসমূহ বহনক্ষম, ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰি ডিজাইন কৰিব পৰা ক্ষমতা কৃষকসকলৰ ওচৰত সহজলভ্য।
স্বাধীনতা : নিজেই কৰা খেতিডৰাত BOSS নিজেই। কাৰোৰ কথাত উঠা-বহা কৰিব নালাগে। কিন্তু কৃষকজনৰ শস্যই ডিমাণ্ড কৰা পানী, সাৰ, কীটনাশক সময়মতে দিব লাগিব।
লগতে পঢ়ক-