1. অন্যান্য

কৃষিলৈ মন মেলাৰ পূৰ্বে এই ৫ টা সম্পদ আপোনাৰ হাতত আছে নাই থিক কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
কৃষক হোৱাতকৈ ভাল কাম আৰু একোৱেই নাই
কৃষক হোৱাতকৈ ভাল কাম আৰু একোৱেই নাই

আপুনি কি কৰে! কোনোবাই প্ৰশ্ন কৰিলে আমি সাধাৰণতে খেতি কৰো বুলি খুৱ নৰম হৈ কওঁ। সঁচা কথা ক’বলৈ গ’লে কৃষক হোৱাতকৈ ভাল কাম আৰু একোৱেই নাই। যদি আপুনি কঠোৰ পৰিশ্ৰম কৰিব পাৰে  তেন্তে আপুনি যি ৰোপণ কৰিছে তাৰ সুফল অতি সোনকালে লাভ কৰিব পাৰে। কিন্তু আ'মাৰ কৃষকসকলে ছমাহ খেতি কৰি ছমাহ ঘৰত বহি থাকে। গতিকে আমি আৰ্থিকভাৱে টনকিয়াল হ’ব নোৱাৰো। যাৰবাবে আমি খেতি কৰো বুলি ক’লে অলপ নৰম হৈ ক’ব লগা হয়। কিন্তু যিসকল কৃষকে কঠোৰ পৰিশ্ৰমৰ লগতে পৰিকল্পনাৰে কাম কৰি যায় তেওঁলোক আৰ্থিকভাৱে সৱল হয় আৰু বুকু ফিন্দাই খেতি কৰো বুলি ক’ব পাৰে। আৰু কাকো খাতিৰ কৰিব লগা নহয়। প্ৰয়োজন হ’লে তেওঁক কোনোবাই খাতি কৰিব পাৰে। গতিকে প্ৰতিজন স্বাধীনমনা ব্যক্তিয়ে কৃষক হোৱাতকৈ ভাল কাম আৰু একোৱেই নাই বুলি কয়।

এই আলোচনাত আমি এজন কৃষকে কৃষিক্ষেত্ৰখনত খোজ দিয়াৰ পূৰ্বে প্ৰয়োজন হোৱা ৫ বিধ সম্পদৰ বিষয়ে আলোচনা কৰিম।

১.ভূমি

যদি আপুনি এজন কৃষক হ’ব বিচাৰে তেন্তে শস্য খেতি কৰিবলৈ, বা পশুধন ৰাখিবলৈ যথেষ্ট মাটি থাকিব লাগিব৷ মাটিখিনি ঘৰৰ ওচৰে-পাজৰে হ’লে ভাল। লগতে মাটিখিনি কৃষিৰ বাবে উপযোগী হোৱাটো নিতান্তই প্ৰয়োজন হ’ব। এজন কৃষকৰ শস্যৰ সফলতা-বিফলতা নিৰ্ভৰ কৰে কৃষকজনৰ মাটিখিনিৰ ওপৰতেই।

২/ কৃষি সঁজুলি

শস্য ৰোপন, শস্য যতন আৰু শস্য চপাবলৈ এজন কৃষকক কিছুমান কৃষি সঁজুলিৰ প্ৰয়োজন হয়। আচলতে আপুনি যি ধৰণৰ কৃষি কৰ্ম কৰিবলৈ বিচাৰিছে কি উপযুক্ত হ’ব সেই বিষয়ে চিন্তা কৰক আৰু আপুনি প্ৰয়োজনীয় বস্তুবোৰ ক্ৰয় কৰক।

লগতে পঢ়ক- 

TOP AGRI BUSINESS IDEAS : সৰু আৰম্ভণিৰ সৈতে শীৰ্ষ কৃষি ব্যৱসায়ৰ ধাৰণা

৩/ পূৰ্বৰ দক্ষতা

কোনো অভিজ্ঞতা আৰু বিশেষজ্ঞতা নোহোৱাকৈ পোনে পোনে খেতিৰ কামত যোৱাটো কিছুমান মানুহৰ বাবে কামত আহিব পাৰে, কিন্তু এনেদৰে সফল হোৱাতো বিৰল৷ গতিকে খেতি কৰিবলৈ কৃষিভূমি, কৃষি সঁজুলিৰ দৰে অভিজ্ঞতাও নিতান্তই প্ৰয়োজনীয়।

৪/ আৰ্থিক সমৰ্থন

খেতি কৰাটো এনেকুৱা এটা কাম যিয়ে আপোনাক প্ৰায় সদায় লাভ নিশ্চিত কৰিব, কিন্তু এই ক্ষেত্ৰখনত সোমাবলৈ হ’লে, আপোনাৰ সপোন বাস্তৱায়িত কৰিবলৈ নগদ ধনৰো প্ৰয়োজন। গতিকে হাতত অলপ পইচা লাগিব কৃষি কৰ্ম আগবঢ়াই নিবলৈ

৫/ ইতিবাচক মানসিক মনোভাৱ

পুৱাৰে পৰা আৰম্ভ কৰি বেলি ডুবালৈ কৃষকসকলে মোকাবিলা কৰিবলগীয়া হয়। কিন্তু মোকাবিলাকৰ মাজত আনন্দও আছে। সকলো কামত প্ৰত্যাহ্বান থকাৰ দৰে কৃষিতো আছে। প্ৰত্যাহ্বান বিলাকক অভিজ্ঞতা হিচাপে গ্ৰহণ কৰি আগবাঢ়ি যোৱাৰ মানসিকতাতো এজন কৃষকৰ মৌলিক সম্পদৰ দৰে।

গতিকে এজন ব্যক্তিয়ে কৃষক হিচাপে খোজ দিয়াৰ পূৰ্বে এই পাঁচটা সম্পদ তেওঁৰ ওচৰত আছে নে নাই সেই বিষয়ে থিক কৰি লোৱা উচিত। ইয়াৰ এটা অবিহনেও আপুনি সফল হ’ব  নোৱাৰে।

লগতে পঢ়ক- 

লোকচানৰ সন্মুখীন নহ’বলৈ নতুন কৃষকসকলে মন কৰক এইকেইটা কথা

English Summary: 5 Things You Need for a Farm

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.