1. অন্যান্য

Problems & challenges : ‘ ৫ বিঘা নষ্ট হ’ল অহা বছৰলৈ ১৫ বিঘাত কৰিম’

PANKAJ KHANIKAR
PANKAJ KHANIKAR
ভাগি নপৰা এজন কৃষক
ভাগি নপৰা এজন কৃষক

শেহতীয়াকৈ অহা বসন্তৰ প্ৰথমজাক বৰষুণে শুকাই যোৱা পৃথিবীখনক জীপাল কৰি তোলাৰ সমান্তৰালভাৱে দুই এজন কৃষকৰ জীৱনলৈ কঢ়িয়াই আনিলে দুৰ্দশা। ৰাজ্যৰ বহু কৃষকৰ লগতে চৰাইদেউ জিলাৰ বৰহাটৰ কৃষক তনব গগৈকো লোকাচানৰ সন্মুখীন কৰালে এই বৰষুণ জাকে। বৰষুণৰ জাকৰ ফলত ৫ বিঘা মাটিত কৰা ঘেঁহুত এতিয়া থোকতে গজালি মেলিছে। এই সন্দৰ্ভত তেওঁ ফেচবুকত এটা পোষ্ট আপলোড কৰিছে। পোষ্টটোত তনব গগৈয়ে গজালি মেলা ঘেঁহুৰ কেইখনমান ফটো আপোলোড কৰাৰ লগতে পোষ্টটোত লিখিছে- ‘বৰষুণত সকলো পৰিশ্ৰম শেষ। ঘেঁহুৰ ঠোকতেই গঁজালি ওলালে।দুখ লাগিছে যদিও হতাশ হোৱা নাই ।এই বছৰ পাঁচ বিঘাৰ ঠাইত আগন্তুক বছৰত পোন্ধৰ বিঘা মাটিত ঘেঁহু খেতি কৰিবলৈ সাজু হৈছো।‘

Facebook post of Tanab Gogoi
Facebook post of Tanab Gogoi

এটা যোগাত্মক কথা যে এইবাৰ ঘেঁহু খেতিত লোকচান হ’লেও তেওঁ হতাশ হৈ পুনৰ ঘেঁহু খেতি কৰা আশা ত্যাগ কৰা নাই। ইয়াৰ বিপৰীতে পৰৱৰ্তী সময়ত অধিক উতসাহেৰে পুনৰ খেতিত মনোনিৱেশ কৰাৰহে সংকল্প লৈছে। সাধাৰণতে আমাৰ বহু কৃষকে কোনো খেতিত এবাৰ ঘাটি হোৱাৰ পাছত সেই খেতি পুনৰ নকৰাৰ কৰাৰ কথা ভাৱে আৰু আনকো সেই খেতি কৰিবলৈ মানা কৰে। কিন্তু যিকোনো ক্ষেত্ৰত সফল ব্যক্তিসকল বাৰে বাৰে সন্মুখীন হোৱা বাধাসমূহক প্ৰত্যাহ্বান জনাই সফলতাৰ শিখৰত আৰোহণ কৰে।

লগতে পঢ়ক-

লোকচানৰ সন্মুখীন নহ’বলৈ নতুন কৃষকসকলে মন কৰক এইকেইটা কথা

কথা প্ৰসংগত এবাৰ ধেমাজীৰ উদ্যমী কৃষক জিতু গগৈয়ে কৈছিল- প্ৰত্যাহ্বানৰ মুখামুখি নহ’লে কোনো সফল হ’ব নোৱাৰে। মই প্ৰথম যিবাৰ গাহৰি পুহিছিলো গোটেই গাহৰিখিনিয়েই ছোৱাইন ফ্লুত মৰি থাকিছিল। কিন্তু মই সেই সময়ত কৰা ভুলবোৰ উপলব্ধি কৰিছিলো। পৰৱৰ্তী সময়ত সেই ভুলবোৰ পুনৰাবৃত্তি নকৰি ফাৰ্মখনত অধিক উতসাহেৰে গাহৰি পালন কৰিলো। বৰ্তমান মোৰ গাহৰি ফাৰ্মখনত চাৰে তিনিশটা গাহৰি আছে। যদি মই গাহৰি পুহিলে কি হ’ব মৰিয়েই থাকে বুলি ভাবি পুনৰ গাহৰি পালন নকৰা হ’লে মোৰ গঁড়ালত আজি তাৰিখত ৩-৪ শ টা গাহৰি নাথাকিলহেঁতেন। আজি তনব গগৈৰ ফেচবুক পোষ্টটোৱে মোক জিতু গগৈৰ কথাখিনি মনত পেলাই দিলে। 

তনব গগৈৰ শাক-পাচলি দোকান
তনব গগৈৰ শাক-পাচলি দোকান

২০০৬ চনৰ পৰা কৃষিৰে জড়িত হৈ পৰা গগৈয়ে খেতি কৰাৰ সমান্তৰালভাৱে বজাৰখনকো সমানে গুৰুত্ব দিয়ে। পথাৰ আমাৰ বজাৰ আমাৰ বজাৰ আমাৰ লক্ষ্যৰে খেতি কৰা কৃষকসকলৰ এক উদাহৰণ চৰাদেউৰ তনব গগৈ। গগৈয়ে কৃষি পথাৰত উৎপাদিত সামগ্ৰীসমূহ নিজেই বজাৰত বিক্ৰি কৰে আৰু তেওঁৰ এখন নিজা শাক-পাচলি দোকানো আছে। য’ত তেওঁ নিজৰ কৃষি পথাৰত উৎপাদিত সামগ্ৰীসমূহ বিক্ৰি কৰে।

লেখক- পংকজ খনিকৰ

লগতে পঢ়ক- 

নগাঁৱত ৩৫ বিঘা মাটিত সাঁচিৰ গছ ৰোপন কৰি কোটিপতি আইনুল ইছলাম বক্সি

English Summary: Most common problems and challenges that farmers Face

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.