১। পদিনা
অসমৰ প্ৰত্যেকজন মানুহেই পদিনা চিনি পায়। গাঁওবোৰত প্ৰত্যেক মানুহৰ ঘৰৰ পিড়ালীত সাধাৰণতে পদিনা থাকে। বৰ্তমান গাঁৱৰ পৰা চহৰলৈ অহা মানুহবোৰেও পদিনা ফুলৰ টাব অথবা মাছৰ কাৰ্টুনত ৰুৱে। অসমীয়া মানুহে সাধাৰণতে পদিনা চাটনিৰ লগতে খায়। আৰু চাটনি কৰি খাবৰ বাবেই পিড়ালীত এনেদৰে কম পৰিমাণে কৰে নিজৰ ঘৰত ৰুৱে। যিসকলৰ ঘৰত নাই তেওঁলোকৰ ফুলৰ টাব, বা পানীয়ে নোপোৱা ঠাইত পদিনা দুই-এজোপা লগাব পাৰে। ইয়াৰ উপকাৰিতা কিমান আছে আপুনি ৰুই খোৱাৰ পাছত উপলব্ধি কৰিব।
৩। ধনিয়াৰ খেতি
সাধাৰণতে আগষ্ট-ছেপ্টেম্বৰতে কৰা হয় ধনিয়া খেতি। কিন্তু ঘৰতে খাবৰ বাবে ফুলৰ টাবত, মাছৰ কাৰ্টন আদিত ধনিয়া ৰুই বাৰ মাহে খাই থাকিব পাৰে।
৪। ভেদাই লতা
ভেদাই লতা হ’ল দীঘল পাতৰ লতাজাতীয় এবিধ উদ্ভিদ । সাধাৰণতে হাবি -জংঘলত পোৱা যায় যদিও মানুহে সুবিধাৰ বাবে বাৰীতো ৰুই লয় । বহুতে ইয়াৰ আন এটা নাম 'গোন্ধোৱা লতা’ বুলি কয়৷ ভেদাইলতাৰ পাত, ঠাৰি, ফুল সকলো অংশই খাব পাৰি। চাতনী কৰি ,বড়া ভাজি কৰি , মাছৰ লগত জোল কৰিও ভোদাই লতা খাব পাৰি। ভেদাই লতাৰ বহুতো উপকাৰিতা আছে। ভেদাই লতাও ফুলৰ ডাঙৰ টাবত ৰুব পাৰি।
৩। ধনিয়াৰ খেতি
সাধাৰণতে আগষ্ট-ছেপ্টেম্বৰতে কৰা হয় ধনিয়া খেতি। কিন্তু ঘৰতে খাবৰ বাবে ফুলৰ টাবত, মাছৰ কাৰ্টন আদিত ধনিয়া ৰুই বাৰ মাহে খাই থাকিব পাৰে।
৫। কণ জলকীয়া
অসমীয়া মানুহক ভাত খাবৰ বাবেই জলকীয়া লাগিব। নিমখৰ পাছতে ইয়াৰ স্থান বুলি ক’লেও বঢ়াই কোৱা নহ’ব। গতিকে ঘৰতে খাবৰ বাবে আমি সকলোৱে প্ৰয়োজন অনুসৰি দুই এজোপা ঘৰত লগাই ল’ব পাৰি। পিড়ালীত, ফুলৰ টাবত, ছাদৰ ওপৰত মাছৰ কাৰ্টনত এজোপা কণজলকীয়া লগাই সাৰপানী যোগান ধৰি থাকিলে বাৰে মাহে খাব পাৰি।
৬। মান ধনিয়া
মান ধনিয়াও ফুলৰ টাব, পিড়ালী বা মাছৰ কাৰ্টনত ৰুব পৰা এবিধ উদ্ভিদ। ইয়াৰ গোন্ধই ব্যঞ্জনৰ সোণত সুৱগা চৰায়। এই মান ধনিয়াৰ গছজোপা ঘৰতে ৰুই ল’ব পাৰে।
লগতে পঢ়ক- খৰাংপীড়িত পথাৰত অথবা চৰ অঞ্চলত ৰঙালাও খেতি