1. News

জোনাই ধাননী পথাৰত অচিন পোকৰ সন্ত্ৰাস

KJ Staff
KJ Staff
পথাৰত পোকৰ আক্ৰমণ
পথাৰত পোকৰ আক্ৰমণ

জোনাইত খেৰলৈ পৰ্যবসিত হৈছে শ শ বিঘা কৃষিভূমি৷ জোনাই মহকুমাৰ কেইবাখনো পথাৰত অচিন পোকে চলাইছে সন্ত্ৰাস৷ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কৃষকসকলৰ মাজত ৷ যাৰ পৰিপ্ৰেক্ষিতত এতিয়া দিকবিদিক হেৰুৱাই পেলাইছে কৃষকসকলে ৷ এইক্ষেত্ৰত কৃষকসকলক ধেমাজি জিলা কৃষি বিভাগে কোনো সহযোগিতা নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

কৃষকৰ ভৰসা স্বৰূপ একমাত্ৰ পথাৰখন নষ্ট হোৱাৰ পিছতো কৃষকৰ সমস্যাৰ প্ৰতি জিলা কৃষি বিভাগে তিলমানো গুৰুত্ব প্ৰদান কৰা নাই বুলি কৃষকসকলে অভিযোগ উত্থাপন কৰিছে । আনকি কৃষি বিভাগে কোনো ধৰণৰ কীটনাশক ঔষধ যোগান নধৰা আৰু ক্ষতিগ্ৰস্ত কৃষকৰ কাষলৈ নহাৰো অভিযোগ উত্থাপিত হৈছে । ক্ষতিগ্ৰস্ত কৃষকসকলক ক্ষতিপূৰণ দিয়া আৰু ধাননি পথাৰসমূহ পোকৰ আক্ৰমণৰ পৰা মুক্ত কৰা লগতে ঔষধৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰ তথা কৃষি বিভাগক দাবী জনাইছে । এই ক্ষেত্ৰত খেতিয়ক সকলে জোনাই মহকুমা কৃষি বিভাগক পৰিদৰ্শন কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে ।

প্ৰথমে বৰষুণৰ অভাৱত খেতি পথাৰত চিৰাল ফাঁট, তাৰ পাছত কিছু পৰিমানে বৰষুণ হৈছিল যদিও ইয়াৰ মাজতে পোকৰ আক্ৰমণত ধান খেতি নষ্ট হোৱাত বিপাঙত পৰিছে জোনাই অঞ্চলৰ খেতিয়ক সকলে । শুৰ পোকতকৈও এইবিধ পোক অতি ভয়ংকৰ বুলি খেতিয়ক সকলে মন্তব্য কৰিছে ।

কিয়নো শুৰ পোকে ধানৰ আগবোৰ খায় যদিও গুৰিৰ পৰা কুমলীয়া পাতবোৰ ওলাই থাকে । কিন্তু এই বিধ ভয়ংকৰ পোকে ধানৰ আগ নহয়, গুৰিৰ পৰা মাজৰ কুমলীয়া অংশ কুটি পেলোৱাত কঠিয়াৰ গছ সম্পূৰ্ণ ৰূপে নষ্ট কৰি পেলায় । এই বিধ অচিন পোকে কঠিয়া গছৰ ভিতৰত থাকি কঠিয়াৰ গছ কাটি পেলায় । ফলত ক্ৰমশঃ বৃদ্ধি হৈছে অচিন পোকৰ আক্ৰমণ ।

লগতে পঢ়ক- সাপ্তাহিক কেবিনেট বৈঠকৰ সিদ্ধান্ত

English Summary: Insects attack paddy field in Jonai

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.