1. News

ৰাজ্যত ভোগালীৰ খদমদমঃ ৰেডীমেড মেজিৰে ভৰিছে নগৰ-মহানগৰৰ বজাৰ

Mrigakshi Phukan
Mrigakshi Phukan
মেজি
মেজি

পুহৰ শেষ, অসমৰ গাঁৱে-ভূঞে এতিয়া ধেঁকীৰ শব্দৰ তালে তালে পিঠাৰ খোলাত ব্যস্ত জীয়ৰী-বোৱাৰী। পথাৰত ডেকা-বুঢ়াই মিলি সজা মেজি-ভেলাঘৰো প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। তিল পিঠা, ঘিলা পিঠা, চিৰা, মুড়ি, আখৈ, লাড়ুৰ সোৱাদ ল’বলৈ সাজু অসমবাসী। বৰা চাউলৰ জলপান, ম’হৰ এঠা দৈ আৰু গুড়েৰে বিহুৰ দিনা পুৱাই ল’ব লাগিব জুতি। লগত থাকিব সান্দহৰ গুৰি, হুৰুম আৰু অসমৰ খেতি পথাৰে উপহাৰ দিয়া বিবিধ শস্যৰে প্ৰস্তুত কৰা খাদ্য সম্ভাৰ।

গাঁওসমূহৰ দৰে নগৰ-মহানগৰতো ভোগালীক লৈ একেই হেঁপাহ অসমীয়াৰ। কোনোৱে যদি বিহু বুলি গাঁৱৰ ঘৰলৈ ধাপলি মেলিছে, কোনোৱে পথাৰ, জুহাল, ভেলাঘৰ অবিহনেই কৰিছে ভোগালীৰ জোগাৰ। যিসকল লোক গাঁৱলৈ যাব পৰা নাই, তেওঁলোকৰ কাষলৈ গাঁওবোৰ নিজেই ওচৰ চাপি আহিছে। গুৱাহাটীকে ধৰি কেইবাখনো নগৰত বিস্তৃতভাৱে অনুষ্ঠিত হৈছে ভোগালী মেলা। চিৰা-পিঠা, দৈ-গুড়কে ধৰি ভোগালীৰ মেটমৰা সম্ভাৰ লৈ বহিছে এই ভোগালী মেলাসমূহ।

পৰম্পৰাগত খাদ্যসমূহৰ বাণিজ্যিকীকৰণৰ ক্ষেত্ৰত এই ভোগালী মেলাসমূহৰ গুৰুত্ব অপৰিসীম। শেহতীয়াকৈ ৰেডীমেড চুঙা-চাউল, ৰেডীমেড মেজি আদিও ভোগালীৰ বজাৰত উলিয়াই দিয়া হৈছে। কেৱল গুৱাহাটীয়ে নহয়, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰৰ বজাৰতো ৰেডীমেড মেজিয়ে ভূমুকি মাৰিছেহি। মহানগৰীৰ এপাৰ্টমেণ্টসমূহত বাস কৰা লোকসকলে ইতিমধ্যে আদৰি লৈছে এই ৰেডীমেড মেজিসমূহ। কম উচ্চতাৰ এই মেজিবোৰ ঘৰৰ চাদ বা বেলকনি আদিতো জ্বলাবলৈ সহজ।

বজাৰত মেজি বিক্ৰী হোৱা কথাটোক লৈ অৱশ্যে দুটা ভাগত বিভক্ত হৈছে সচেতন মহল। কোনো কোনো লোকৰ মতে এইদৰে বজাৰত মেজি বেচিবলৈ হ’লে মানুহ এলেহুৱা হৈ পৰিব। লগে ভাগে কৰা কাম এটা এনেকৈ সহজতে হ’লে মানুহৰ মাজত সামাজিক চেতনা লাহে লাহে কমি আহিব। কিন্তু একাংশৰ মতে এয়া কোনো বেয়া কথা নহয়। সময় সুবিধা অনুসৰি কিছুমান পৰিস্থিতিত পৰম্পৰাৰ সৈতে বুজাবুজি কৰিবলগীয়া হয়। গাঁৱৰ পৰিৱেশৰপৰা দূৰত থকাসকলে কি বিহু নাপাতিবই নেকি? যদি কিনি অনা পিঠা-পনা বা ৰেডীমেড মেজিৰ দৰে বস্তুৱে নগৰৰ বাসিন্দাসকলক সামান্যতমো নিজৰ শিপাৰ সৈতে সংযুক্ত কৰি ৰখাত সহায় কৰে তেন্তে এইবোৰৰ বিৰোধিতা কৰাৰ কোনো প্ৰয়োজন নাই।

জানিব পৰা মতে বৰ্তমান গাঁৱৰ লোকসকলে সহজে কঢ়িয়াই নিয়া মেজিসমূহ ১০০০ৰপৰা ৩০০০ টকাৰ ভিতৰত নগৰীয়া অঞ্চলৰ বজাৰত বিক্ৰী কৰিবলৈ আনিছে। এইদৰে তেওঁলোকে বিহুৰ আগতে কিছু উপাৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে নগৰীয়া লোকসকলক সংক্ষেপতে ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰাত সহায় কৰিছে।

লগতে পঢ়কঃ কেন্দ্ৰীয় মন্ত্ৰী পৰশোত্তম ৰূপালাৰ উপস্থিতিত ‘কৃষি জাগৰণ’ৰ মিলেট বিশেষ সংখ্যাৰ উন্মোচন

English Summary: Readymade meji being sold in market on the occasion of bhogali bihu

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.