1. News

অপেক্ষাৰ অন্ত! ৰেচন কাৰ্ড আবেদনৰ তাৰিখ ঘোষণা কৰিলে মন্ত্ৰী ৰণজিৎ দাসে

KJ Staff
KJ Staff
Ranjit Das
Ranjit Das

যিসকল লোকৰ হাতত এতিয়ালৈকে ৰেচন কাৰ্ড নাই তেওঁলোকৰ বাবে সুখবৰ। শীঘ্ৰেই আপোনাৰ হাতত পৰিব ৰেচন কাৰ্ড। ভোগালী বিহুৰ প্ৰাক সন্ধ্যা এই কথা ঘোষণা কৰে অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷ মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে জানুৱাৰী মাহতে নতুন ৰেচন কাৰ্ডৰ বাবে ৰাইজে আবেদন কৰিব পাৰিব।

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ২৫ জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড নথকা লোকসকলে ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। উল্লেখ্য যে ৰেচন কাৰ্ড নথকা লোক সকলে বহুদিনৰ পৰা নতুন ৰেচন কাৰ্ডৰ বাবে অপেক্ষা কৰি আছিল। ৰাজ্য চৰকাৰে কেতিয়া নতুন ৰেচন কাৰ্ড আবেদনৰ বাবে তাৰিখ ঘোষণা কৰে তাৰ অপেক্ষাত আছিল ৰেচন কাৰ্ডবিহীন লোকসকল।

সকলো উৎসুকতাৰ অন্ত পেলাই ভোগালী বিহুৰ উৰুকাৰ দিনাই মন্ত্ৰী ৰণজিত দাসে নতুন ৰেচন কাৰ্ড সন্দৰ্ভত চৰকাৰে লোৱা সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে।

মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিশেষ তৎপৰতাৰে ৰেচন কাৰ্ডৰ সমস্যা সমাধানৰ দিশে আগবাঢ়িছে। সেয়েহে ভোগালী বিহুৰ এই মধুৰ সময়ত ৰেচন কাৰ্ডবিহীন সমগ্ৰ ৰাইজক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব বুলি জনাবলৈ পাই সুখী হোৱা বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে৷ চলিত জানুৱাৰী মাহৰ ২৫ তাৰিখৰ পৰা ৰেচন কাৰ্ড বিহীন লোকসকলে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰা মতে যি পৰিয়ালৰ বাৰ্ষিক আয় ২.৫ লাখ টকাতকৈ কম তথা যাৰ পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল নাই আৰু যাৰ আধাৰ কাৰ্ড আছে তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। গাঁও অঞ্চলৰ বাসিন্দাসকলে ইয়াৰ বাবে গাঁও পঞ্চায়তৰ কাৰ্যালয়ত যোগাযোগ কৰিব লাগিব। আনহাতে চহৰ অঞ্চলৰ বাসিন্দাসকলে পৌৰসভা কাৰ্যালয়ত ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে জনায়। তদুপৰি এই সন্দৰ্ভত অধিক তথ্য জানিবৰ বাবে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয়, মহকুমাধিপতিৰ কাৰ্যালয় তথা জিলা উপায়ুক্ত কাৰ্যালয়ৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সৈতে যোগাযোগ কৰিব পাৰিব বুলি চৰকাৰৰ তৰফৰপৰা জনোৱা হৈছে।

লগতে পঢ়কঃ Manipur Chak Hao: ভৌগোলিক স্বীকৃতি প্ৰাপ্ত মণিপুৰৰ সুগন্ধি ক’লা চাউল

English Summary: Ranjit das announces date for new ration card application

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.