1. স্বাস্হ্য আৰু জীৱন

মাৰুৱা ধানৰপৰা প্ৰস্তুত কৰক ভোগালীৰ স্বাস্থ্যসন্মত খাদ্যসম্ভাৰ

KJ Staff
KJ Staff
Bihu Pitha
Bihu Pitha

বৰ্তমান  মোটা শস্যসমূহ যথেষ্ট চৰ্চাত আছে। মাৰুৱা ধানো মোটা শস্য শ্ৰেণীৰ অন্তৰ্গত। মাৰুৱাৰ পৰা তৈয়াৰ কৰা কিছু খাদ্য স্বাস্থ্যৰ বাবে উপযোগী। মাৰুৱা ধান ভাৰতৰ বেছিভাগ ঠাইতে কৰা হয়। উত্তৰাখণ্ড আৰু পাহাৰীয়া অঞ্চলসমূত এই শস্যক ৰাগী বুলি কোৱা হয়। এই অঞ্চলসমূহত মাৰুৱা ধানৰ আটাৰে ৰুটী তৈয়াৰ কৰা হয়।

যাৰ সোৱাদ বাজৰাৰ ৰুটীৰ দৰে। আজিকালি বিভিন্ন ফাষ্ট ফুড যেনে কেক, পিজ্জা, চিপচ, বান, দোচা, বিস্কুট আদিও মাৰুৱা ময়দাৰ পৰা তৈয়াৰ কৰা হয়। মাৰুৱাই শৰীৰক উষ্ণতা প্ৰদান কৰে, সেয়েহে ইয়াক শীতকালত আৰু ঠাণ্ডা এলেকাত খোৱা হয়। মাৰুৱাত প্ৰ'টিন, কেলচিয়াম, আইৰণ, ট্ৰিপ্টোফেন, মেথিওনিন, লেচিথিন, ফছফৰাছ, ফাইবাৰ আৰু কাৰ্বোহাইড্ৰেট থাকে, যি শৰীৰত থকা বহুতো ৰোগৰ প্ৰতিকাৰ হিচাপে কাম কৰে।

মাঘৰ বিহুৰ বতৰত আপুনিও এইবাৰ মাৰুৱা ধানেৰে প্ৰস্তুত কৰা বিভিন্ন পিঠা আৰু অন্যান্য খাদ্য প্ৰস্তুত কৰিব পাৰে। এই ধানৰ যথেষ্ট স্বাস্থ্য ৰক্ষাৰ গুণাগুণো আছে।

পেটৰ সমস্যাৰ পৰা সকাহ দিয়ে

মাৰুৱাই পেটৰ সকলো সমস্যা আঁতৰ কৰে। ইয়াত উচ্চ পৰিমাণৰ আঁহ থাকে, যি কোষ্ঠকাঠিন্য, বদহজম আদিৰ উপশম ঘটায়। তদুপৰি, ময়দা পিঠা খাই হোৱা গেছ, বদহজমৰ সমস্যাও মাৰুৱাই আঁতৰ কৰে। লগতে, যদি মাৰুৱাৰ ৰুটী নিয়মীয়াকৈ খোৱা হয়, তেনেহ'লে ই শৰীৰত কলেষ্টেৰলৰ পৰিমাণ সন্তুলিত কৰি ৰাখে।

ওজন হ্ৰাস কৰে

যদি আপুনি আপোনাৰ বৰ্ধিত ওজনৰ বাবে অসুবিধাত পৰিছে, বা আপোনাৰ বৰ্ধিত ওজন হ্ৰাস কৰাৰ কথা ভাবি আছে, তেনেহ'লে আপুনি মাৰুৱাৰ পিঠা খাব লাগিব। মাৰুৱাৰ পিঠাত যথেষ্ট পুষ্টিগত গুণাগুণ থাকে, যি ভোক নিয়ন্ত্ৰণ কৰে আৰু ওজন বৃদ্ধি নকৰে। ইয়াৰ বাহিৰেও, এই শস্যত চৰ্বিৰ পৰিমাণ অতি কম, যি শৰীৰৰ চৰ্বি বৃদ্ধি নকৰে।

দাঁত শক্তিশালী হৈ থাকে

আমি দাঁতৰ শক্তিশালী কৰিবৰ বাবে বিভিন্ন প্ৰকাৰৰ টুথপেষ্টৰ আশ্ৰয় লওঁ, কিন্তু বহুলোকৰ দাঁতত কেলচিয়ামৰ অভাৱৰ বাবে, ই তেওঁলোকৰ দাঁতৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়। যদি আপোনাৰ দাঁতৰ সৈতে সম্পৰ্কিত কোনো সমস্যা আছে, তেনেহ'লে আপুনি মাৰুৱাৰ পিঠা খোৱা উচিত, কিয়নো ইয়াত যথেষ্ট পৰিমাণৰ কেলচিয়াম থাকে, যি দাঁত শক্তিশালী কৰে।

হাড়বোৰ শক্তিশালী হৈ পৰে

মাৰুৱাত থকা কেলচিয়ামে কেৱল দাঁত শক্তিশালী নকৰে, ই শৰীৰৰ হাড়বোৰো শক্তিশালী কৰে। অষ্টিওপোৰোচিছত ভুগি থকা ৰোগীসকলক নিয়মীয়াকৈ মাৰুৱাৰ পিঠা খুৱালে আৰোগ্য লাভ কৰিব পাৰে।

লগতে পঢ়কঃ মাৰ্চ-এপ্ৰিলত এবিঘা মাটিক কাঠ আলু খেতি কৰক

English Summary: Make pithas from raagi this bhogali bihu

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.