1. এগ্ৰিপেডিয়া

পথাৰৰপৰা পাকঘৰলৈ সুস্বাদু বৰা চাউলঃ ইতিহাস, খেতি আৰু ব্যঞ্জন

KJ Staff
KJ Staff
Jolpan
Jolpan

বৰা চাউল ঘাইকৈ পূব আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহত উৎপাদিত হোৱা এবিধ চাউল। ইয়াক ইংৰাজীত Glutinous Rice বুলি কোৱা হয়। সিজালে এই চাউলবিধ আঠাযুক্ত হয়। অসমৰ বাহিৰেও এছিয়া মহাদেশৰ বিভিন্ন দেশ যেনে চীন, থাইলেণ্ড, ইণ্ডোনেচিয়া, বাৰ্মা, বাংলাদেশ আদিত বৰা চাউলৰ ৰন্ধন প্ৰকৰণৰ বিশেষ প্ৰচলন আছে। অসমত প্ৰধানকৈ জলপান হিচাপে আৰু পিঠা পুৰিবলৈ বৰা চাউল ব্যৱহাৰ কৰা হয়। অসমীয়া জনগোষ্ঠীসমূহৰ পৰম্পৰাগত পানীয় যেনে লাওপানী আদি প্ৰস্তুত কৰাত বৰা চাউলক এক প্ৰধান উপকৰণ হিচাপে ব্যৱহাৰ কৰা হয়।

সকলো প্ৰকাৰৰ ধানৰ ভিতৰত বৰা ধানে অসমৰ কৃষকৰ মাজত এক বিশেষ স্থান দখল কৰি আহিছে। বৰা ধানৰ জনপ্ৰিয়তা অসমৰ কৃষকৰ মাজতো অতীজৰে পৰা এতিয়ালৈ কোনোগুণে কমা নাই বুলি ক’ব পাৰি। কাৰণ, এই বৰা আৰু জহা চাউল অবিহনে অসমীয়াৰ বাপতিসাহোন বিহু পতাটোৱে যে কঠিন সেই কথা সকলো লোকে ভালদৰে উপলব্ধি কৰিব পাৰে।

লাওছ, থাইলেণ্ড, কম্বোডিয়া, ভিয়েটনাম, মালয়েচিয়া, ইণ্ডোনেচিয়া, ম্যানমাৰ, বাংলাদেশ, উত্তৰ ভাৰত, চীন, জাপান, কোৰিয়া, টাইৱান আৰু ফিলিপাইনচত বৰা চাউল উৎপাদিত হয়। লাওছত উৎপাদিত হোৱা চাউলসমূহৰ ৮৫ শতাংশই বৰাজাতীয় চাউল।

বিভিন্ন দেশত বিভিন্ন প্ৰকাৰৰ বৰা চাউলৰ খেতি কৰা হয়। অসমত উৎপাদিত বৰা চাউলৰ প্ৰকাৰসমূহ হৈছে বকুল বৰা, আঘোণী বৰা ইত্যাদি।

আহোম ৰজাৰ শাসনকালত নিৰ্মাণ কৰা পকী ভৱন যেনে-  কাৰেংঘৰ, ৰংঘৰ আদি সাজোঁতে কৰালৰ মিশ্ৰণত বৰা চাউল ব্যৱহাৰ কৰা হৈছিল। বিশ্ব বিখ্যাত চীনৰ প্ৰাচীৰ সাজোঁতেও বৰা চাউল ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে।

অসমৰ কৃষকসকলৰ মাজত জনপ্ৰিয় বৰাধানৰ থলুৱা জাত কিছুমান হ’ল তুলসী বৰা, ৰঙা বৰা, জাংগনী বৰা, ৰূপহী বৰা ঘিউ বৰা, বগা বৰা, আঘোণী বৰা, ক’লা বৰা ইত্যাদি। এই থলুৱা জাতবোৰ তুলনামূলকভাৱে উজনি অসমৰ কৃষকসকলে অধিক ব্যৱহাৰ কৰা দেখা যায়।

বৰাধানৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত তিতাবৰস্থ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰই কেইবিধমান অধিক উৎপদানক্ষম বৰাধানৰ জাত উদ্ভাৱন কৰিছে আৰু জাতকেইটা ইতিমধ্যে কৃষকৰ মাজত জনপ্ৰিয় হোৱাও দেখা গৈছে। আঘোণী, ভোগালী আৰু ৰঙিলী বৰা নামেৰে পৰিচিত এই জাতকেইটা ১৫০-১৫৫ দিনীয়া আৰু ইয়াৰে ৰঙিলী বৰা জাতটো তুলনামূলকভাৱে দ’ মাটিত কৰিব পৰা ওখ জাত হিচাপে বিবেচিত হৈছে।

বৰা চাউলৰ জলপান তৈয়াৰ কৰিবলৈ বৰা ধান ৰ‘দত শুকুৱাই ঢেঁকী বা মিলত খুন্দি চাউল উলিয়াই ল‘ব লাগে। এই চাউল পাছত ভাত ৰন্ধাৰ দৰে সিজালে বৰা চাউলৰ জলপান হয়। কিছুমানে বৰাচাউল ঘিঁউত ভাজিও জলপান কৰি খায়। থমা দৈ, গুড় আৰু ক্ৰীম, কল আদিৰ লগত বৰা চাউল খাই বৰ ভাল লাগে।

ভজা বৰা চাউলৰ জলপান- এই জলপানবিধ প্ৰস্তুত কৰোঁতেও বৰাধান খিনি কেৰাহীত তিনিদিন তিয়াই থৈ টুকি এখন কেৰাহীত অলপ-অলপকৈ ভাজিব লাগে। ভজা-ভজা গোন্ধ ওলালে বা এটা-দুটা ধান ফুটিলে পাচিত নমাই থৈ দিব লাগে। পাছদিনা সেই ধান খুন্দি আনি চাউল কৰি থৈ দিব লাগে। এই ভজা বৰা চাউল খাবৰ সময়ত দুবাৰমান ধুই অলপ গৰম পানীত তিয়াই থলে ই অলপ কোমল আৰু লিকটিয়া হ‘ব। তাৰ পাছত তাক গাখীৰ আৰু গুড়ৰ সৈতে খাব লাগে। বৰা চাউলৰ পিঠাগুৰিৰ মাজত তিল আৰু গুৰৰ মিশ্ৰণ সুমুৱাই শুকানকৈ খোলাত ভজা পিঠাক তিল পিঠা বোলা হয়। একে পদ্ধতিৰে মাজত ভজা নাৰিক আৰু চেনীৰ মিশ্ৰণ ভৰায়ো পিঠা প্ৰস্তুত কৰিব পাৰি। তিল পিঠাৰ দৈৰ্ঘ্য ৪ ইঞ্চিৰ পৰা ১০ ইঞ্চি মানলৈকে হয়।

(জৈৱিক কৃষিৰ সৈতে জড়িতসকলৰ বাবে সু-খবৰ। জৈৱিক কৃষিৰ সৰ্ব বৃহৎ বাণিজ্য মেলা অনুষ্ঠিত হ’ব গুৱাহাটীত। ছিকিম ষ্টেট কো-অপাৰেটিভ ছাপ্লাই এণ্ড মাৰ্কেটিং ফেডাৰেচন লিমিটেড (Sikkim State Cooperative Supply and Marketing Federation Ltd.) চমুকৈ ছিমফেড(SIMFED)এ অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত এই মেলাৰ আয়োজন কৰিছে। ৩ ফেব্ৰুৱাৰীৰপৰা ৫ ফেব্ৰুৱাৰীলৈ আয়োজন কৰা এই বাণিজ্য মেলাত নলেজ পাৰ্টনাৰৰ ভূমিকা গ্ৰহণ কৰিব চিমফেডে।  জৈৱিক ফচলৰ খেতি কৰা কৃষক বা উৎপাদকৰ সৈতে উপভোক্তাৰ সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই মেলাৰ। এই বিষয়ে অধিক জানিবলৈ এই লিংকত ক্লিক কৰক- https://asomiya.krishijagran.com/news/indias-biggest-expo-on-organic-to-be-held-in-guwahati/

যদিহে আপুনি এই মেলাত যোগদান কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক এই নম্বৰত- ৯৮৯১২২৩৩৪০)

লগতে পঢ়কঃ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ঋষভ পন্ত, ডেৰাডুনৰ হাস্পতালত হ’ব প্লাষ্টিক চাৰ্জাৰী

English Summary: A to Z of Bora Rice (sticky rice)

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.