1. News

ভোগালীৰ মাজতে তালগুৰিত শৰশয্যাত মৃত্যুৰ ক্ষণ গণিছে পিতামহ ভীষ্মই

PANKAJ KHANIKAR
PANKAJ KHANIKAR
মাঘৰ বিহুৰ বাবে সাজু অসমীয়া
মাঘৰ বিহুৰ বাবে সাজু অসমীয়া

ভোগালী মানেই ভোগৰ উৎসৱ। বছৰজোৰা শ্ৰমৰ অন্তত বছৰৰ এইখিনি সময় চহাৰ ক্ষণিক বিশ্ৰামৰ সময় । বিশ্ৰামৰ এই মূহুৰ্তত সকলোৱে একেলগহৈ খোৱা এটি সাজেই গঞাৰ আত্মীয়তা আৰু অধিক গাঢ় কৰি তোলে। সেয়ে সমাগত ভোগালীক আদৰিবলৈ এতিয়া উজনি নামনি সৰ্বত্ৰে উচাহৰ ধল বৈছে।

পথাৰে পথাৰে ডেকাসকলে সাজিবলৈ আৰম্ভ কৰিছে ভেলাঘৰ। এই ভেলাঘৰতেই প্ৰাণ পাই উঠিছে চহা অসমীয়াৰ সাংস্কৃতিক মন। ভোগালীক আদৰাৰ এই  উথপথপৰ মাজত পিছপৰি ৰোৱা নাই বইটামাৰী তালগুৰীৰ গঞাও। ভেলাঘৰত অভিনৱত্ব অনাৰ বাবে তালগুৰীৰ ডেকা সকলে মহাকাব্যৰ চৰিত্ৰৰ লগতে বাছি লৈছে অঞ্চলটোৰ পৰম্পৰাগত সম্ভাৰ।

লগতে পঢ়ক-

Small chili and its farming : এবাৰ লগাৰ পাছতে ৩-৪ বছৰলৈ ১২ মাহে লাগিব জলকীয়া

তালগুৰীৰ ভোগালীৰ বাকৰিত। ডেকা সকলে সজা ভেলাঘৰত নিপুন প্ৰাণ পাই উঠিব মহাভাৰতত আটাইটকৈ অধিক চৰ্চিত চৰিত্ৰ ভীষ্মৰ শৰশয্যাৰ দৃশ্য। পুৰণি গোৱালপাৰা জিলাত ভোগালী বিহুত বহুল প্ৰচলিত সৰঞ্জাম বিধ হল উৰাল- গাইন।

বিহুৰ।পিঠা - পনাৰ গুৰি, চিৰা সান্দহ সকলো বোৰতেই উৰাল - গাইন নহলে নচলেই।উৰাল- গাইনৰ এই প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এটি ভেলাঘৰ উৰাল - গাইনৰ আকৃতিত সাজি উলিয়াবলৈ ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে ৰাইজে।ৰাইজে জানোৱা মতে তালগুৰীৰ এইবাৰৰ ভোগালীত বোৱাৰী, গাভৰু আৰু কণ কণ মইনাসকলৰ নৃত্য হব অন্যতম আকৰ্ষণ।

লগতে পঢ়ক- 

মাঘৰ বিহুত মাছমৰীয়াসকলৰ বাবে ওলাব SOP!

English Summary: Upcoming Magh Bihu

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.