Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 22 December, 2022 12:04 PM IST
Ranoj Pegu

চাকৰি প্ৰত্যাশীৰ বাবে ভাল খবৰ! ৩১ ডিচেম্বৰৰ পূৰ্বে পুনৰ ওলাব চৰকাৰী চাকৰি। ডিচেম্বৰ মাহতে প্ৰকাশ পাব বিজ্ঞাপন। শিক্ষা বিভাগত সহস্ৰাধিক পদ মুকলি হোৱাৰ কথা ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। আজি সদনৰ শীতকালীন অধিৱেশনৰ তৃতীয়টো দিনত এই কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। ৩,৮৩০ টা নিয়মীয়া শিক্ষকৰ পদ মুকলি হ’ব শিক্ষা বিভাগত। ৫৮৯ টা ঠিকাভিত্তিক শিক্ষক পদৰ বিজ্ঞাপনো ডিচেম্বৰতে মুকলি হ’ব। চৰকাৰৰ ১ লাখ চাকৰি প্ৰদানৰ লক্ষ্যৰ দিশে আৰু এখোজ।

শিক্ষিত নিবনুৱাৰ বাবে পুনৰ আহিছে চৰকাৰী চাকৰিৰ সুযোগ। নতুন বছৰৰ প্ৰাক মূহুৰ্তত এই সুখবৰ দিলে শিক্ষামন্ত্ৰীয়ে। মাধ্যমিক বিদ্যালয়সমূহৰ ফ্ৰিজ হৈ থকা পদসমূহ নিযুক্তিৰ বাবে মুকলি কৰি দিয়া হ’ব বুলি শিক্ষামন্ত্ৰীগৰাগীয়ে ঘোষণা কৰে। হাইস্কুলসমূহতো মুকলি হ’ব শিক্ষকৰ পদ। অনুসূচিত জাতি(পাৰ্বত্য)ৰ বাবে সংৰক্ষিত শিক্ষক পদসমূহ কেইবাবাৰো বিজ্ঞাপন দিয়াৰ পাছতো খালী হৈ থকাৰ পৰিপ্ৰেক্ষিতত এই পদসমূহত বিদ্যালয় বিশেষে ঠিকাভিত্তিক শিক্ষক নিযুক্তি দিয়াৰ সিদ্ধান্তৰ বিষয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

এই ক্ষেত্ৰত নিযুক্তিৰ দায়িত্ব বিদ্যালয়ৰ পৰিচালনা সমিতিক দিয়া হ’ব। ৫৮৯ টা এনে শিক্ষক পদ মুকলি হোৱাৰ কথা মন্ত্ৰীগৰাকী্য়ে কয়। তদুপৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় নথকা পঞ্চায়ত সমূহত সমীক্ষা চলাই ৫৫০ খন হাইস্কুলৰ তালিকা শিক্ষা বিভাগে প্ৰস্তুত কৰাৰ কথা পেগুৱে কয়, যিকেইখন বিদ্যালয়ক শীঘ্ৰে উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীত কৰা হ’ব।

ইফালে বুধবাৰৰ দিনা শিক্ষামন্ত্ৰীগৰাকী তেওঁৰ কাৰ্যালয় সভাকক্ষত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিনিধিবৰ্গৰ লগত প্ৰাথমিক শিক্ষকসকলৰ সমস্যাৱলী সম্পৰ্কে সৌহাৰ্দ্যমূলক আলোচনাত মিলিত হয়। শিক্ষকসকলৰ সমস্যাসমূহ অসম চৰকাৰে পৰ্যায়ক্ৰমে সমাধান কৰি আহিছে আৰু বাকী থকা সমস্যাসমূহো আইনৰ গণ্ডীৰ ভিতৰত বিধিসন্মতভাৱে সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। অসমৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু উন্নয়নৰ লগতে গুণোত্‍সৱ ২০২৩লৈ সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়াবলৈ প্ৰাথমিক শিক্ষক সমাজক শিক্ষামন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। আলোচনাকালত বিদ্যালয় শিক্ষা বিভাগৰ সচিব ড০ বিজয়া চৌধুৰীও উপস্থিত থাকে।

লগতে পঢ়কঃ Mission Basundhara বাবে আবেদনৰ তাৰিখ ৩১ মাৰ্চলৈ বৃদ্ধি

English Summary: New posts for govt school teachers will be open before 31st december: Ranoj Pegu
Published on: 22 December 2022, 12:04 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now