1. News

চাহৰ দোকান, আচাৰৰ ব্যৱসায়েৰে স্বাৱলম্বী উচ্চ শিক্ষিতা প্ৰণামী

KJ Staff
KJ Staff
Pranami Haloi
Pranami Haloi

এফালে উচ্চ শিক্ষা গ্ৰহণ আৰু আনফালে চাহৰ দোকানেৰে জীৱিকা অৰ্জন কৰি জীৱন সংগ্ৰাম চলাইছে এগৰাকী মেধাবী ছাত্ৰীয়ে। ছাত্ৰীগৰাকীয়ে সকলো বাধা নেওচি ২০২১ চনৰ পৰা অবিৰত ভাৱে চলাই আহিছে সংগ্ৰাম। জীৱিকা আৰু অধ্যয়ন সমান্তৰালভাৱে চলাই ছাত্ৰীগৰাকীয়ে এক নিদৰ্শন দাঙি ধৰিছে। মনত অদম্য সাহস আৰু প্ৰবল ইচ্ছা শক্তি থাকিলে আৰ্থিক দৈন্য যে সফলতাৰ বাটত হেঙাৰ হ’ব নোৱাৰে, সেয়াই যেন প্ৰমাণ কৰি দেখুৱাইছে নলবাৰী বৰজাৰৰ প্ৰণামী হালৈ নামৰ এইগৰাকী মেধাবী ছাত্ৰীয়ে।

নলবাৰী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰি পুনৰ নলবাৰীৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত D.EL.EDপাঠ্যক্ৰমত অধ্যয়নৰত প্ৰণামী। ইপিনে গাড়ী চালক পিতৃ চন্দ্ৰ হালৈ অসুস্থ হোৱাত পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থা। কিন্তু সাহসী মেধাবী ছাত্ৰী গৰাকীয়ে নিজ বাসভৱনৰ সন্মুখত, ৩১নং ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপত এখন চাহ দোকান দি চলাই গৈছে জীৱন সংগ্ৰাম। আনহাতে আৰণ্যক ফুড প্ৰডাক্ট নামেৰে এটি ক্ষুদ্ৰ আচাৰৰ ব্যৱসায়ো আৰম্ভ কৰিছে মেধাবী ছাত্ৰী গৰাকীয়ে।

প্ৰণামীয়ে মাত্ৰ ৪০০০টকাৰে আৰম্ভ কৰিছিল আৰণ্যক ফুড প্ৰডাক্ট। পৰৱৰ্তী সময়ত বৰমাৰ বিধায়ক ভূপেন বড়োৱে ছাত্ৰী গৰাকীৰ ব্যৱসায়টো আগবঢ়াই নিবলৈ ২০,০০০টকাৰ অনুদান আগবঢ়ায়। কিন্তু ব্যৱসায়টো বহল ভিত্তিত কৰিবলৈ ছাত্ৰীগৰাকীৰ বাবে সেয়াও পৰ্যাপ্ত নহয়। সেয়েহে চৰকাৰৰ পৰা প্ৰণামীয়ে বিচাৰিছে সহায়। আনহাতে প্ৰণামীয়ে চাহৰ দোকানৰ সমান্তৰালভাৱে নিজ ঘৰতে উৎপাদন কৰা সামগ্ৰীৰে দুপইচা উপাৰ্জনৰ চেষ্টা কৰিছে। উল্লেখ্য যে ঘৰতে ১১ প্ৰকাৰৰ আচাৰ প্ৰস্তুত কৰে প্ৰণামীয়ে। ইয়াৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰী সমূহ তেওঁ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰে । উচ্চ শিক্ষিত যুৱতী গৰাকীয়ে উৎপাদন কৰা বিভিন্ন আচাৰ অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰত বিক্ৰী হৈছে।

কেৱল সেয়াই নহয়, গাঁৱৰ কেইবাগৰাকী মহিলাক এই ব্যৱসায়ত জড়িত কৰাই আনসকলৰ বাবেও সংস্থাপনৰ বাট মুকলি কৰিছে ছাত্ৰীগৰাকীয়ে।প্ৰণামীয়ে বিশ্বাস কৰে যে শিক্ষাৰ উদ্দেশ্য কেৱল চাকৰি নহয়। শিক্ষা গ্ৰহণ কৰি নিজৰ লগতে আনসকলৰ বাবেও উপাৰ্জনৰ বাট মুকলি কৰিব পৰাটোকহে প্ৰকৃত সফলতা বুলি ভাবে তেওঁ। গুৱাহাটী, গোৰেশ্বৰ, নলবাৰী, ধমধমাৰ লগতে বহিঃ ৰাজ্যতো ইতিমধ্যে প্ৰণামীয়ে প্ৰস্তুত কৰা আচাৰ আৰু মচলাই বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। ছাত্ৰীগৰাকীৰ আশা ৰাইজ তথা চৰকাৰে সহায় সহযোগ আগবঢ়ালে তেওঁ আৰম্ভ কৰা আৰণ্যক নামৰ অনুষ্ঠানটোৱে আন ১০ টা পৰিয়ালৰ মুখতো হাঁহি বিৰিঙাবলৈ সক্ষম হ’ব।

লগতে পঢ়কঃ শ্বিলঙত ২,৪৫০ কোটি টকীয়া উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদীৰ

English Summary: Assamese chaiwali Pranami

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.