1. News

মানসিক আতিশয্যৰ বলি হৈ থানাত উপস্থিত দীপলিনা ডেকা, এজনক আটক

Mrigakshi Phukan
Mrigakshi Phukan
Deeplina Deka
Deeplina Deka

মানসিক হাৰাশাস্তিৰ বলি হৈ আৰক্ষীৰ কাষ চাপিল কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলিনা ডেকা। শুকুৰবাৰে নিশা হঠাত চানমাৰী থানাত উপস্থিত হয় জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী। তেওঁৰ অভিযোগ, কেইবাদিনো ধৰি এজন লোকে তেওঁক মানসিকভাৱে হাৰাশাস্তি চলাই আছে। কেতিয়াবা মেছেজ কৰি, কেতিয়াবা ফোন কৰি আৰু কেতিয়াবা ঘৰলৈ গৈ শিল্পীগৰাকীক লোককজনে হাৰাশাস্তি কৰাৰ অভিযোগ।

মৃদুল নাথ নামৰ এজন লোকৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দীপলিনা ডেকাই। প্ৰায় এমাহ ধৰি তেওঁক লোকজনে অত্যাচাৰ চলাই আহিছিল বুলি আৰক্ষীক জানিবলৈ দিয়ে দীপলিনাই। ঘটনাৰ সবিশেষ বৰ্ণনা কৰি কণ্ঠশিল্পীগৰাকীয়ে সংবাদ মাধ্যমক কয় যে কেইবাদিন ধৰি মেনেজাৰক ফোন কৰি দীপলিনা ডেকাক লগ কৰিবলৈ বিচৰাৰ কথা কৈছিল লোকজনে। কিন্তু কামৰ বাবে বাহিৰত থকাত তেওঁ লোকজনক লগ কৰিব পৰা নাছিল। এই কথাক লৈ দীপলিনাৰ মেনেজাৰৰ সৈতে লোকজন কাজিয়াত লিপ্ত হয়। ইয়াৰ পাছত কণ্ঠশিল্পীগৰাকী ঘৰত নথকা অৱস্থাত তেওঁৰ ঘৰত গৈ উপস্থিত হয় লোকজন। কেৱল সেয়াই নহয় কণ্ঠশিল্পীগৰাকীক লোকজনে বিভিন্ন নম্বৰৰপৰা ফোন কৰাৰ লগতে ৰাতি ৰাতি অশ্লীল মেছেজ কৰি হাৰাশাস্তি কৰাৰো অভিযোগ।

দুবছৰ ধৰি দীপলিনাৰ সৈতে চা-চিনাকি থকাৰ কথা লোকজনে আৰক্ষীৰ আগত মিছাকৈ কোৱা বুলি কণ্ঠশিল্পীগৰাকীয়ে অভিযোগ তোলে।শুকুৰবাৰৰ দিনা তৃতীয় দিনাৰ বাবে লোকজন দীপলিনা ডেকাৰ ঘৰলৈ যায় আৰু নিজৰ মাজতে কথা পাতি আচহুৱা আচৰণ কৰে। পুৱা ৫.৩০ বজাতে লোকজন দীপলিনাৰ ঘৰত উপস্থিত হৈ বাৰে বাৰে কলিং বেল টিপি এক আচহুৱা পৰিৱেশৰ সৃষ্টি কৰে। লোকজনৰ অস্বাভাৱিক আচৰণে মাক-দেউতাকক ভীতিগ্ৰস্ত কৰাৰ অভিযোগ শিল্পীগৰাকীৰ। বাৰে বাৰে ঘৰৰ বাহিৰত ৰৈ দীপলিনাক বিচাৰে লোকজনে। লগ নাপালে তিনি-চাৰিদিন ঘৰৰ বাহিৰতে বহি থাকিব বুলি ভাবুকি দিয়ে। নিজৰ পাৰ্ছ-মোবাইল পৰ্যন্ত দলিয়াই লম্ফ-জম্ফও কৰে লোকজনে।

মাক-দেউতাক প্ৰায়ে ঘৰত অকলে থকাৰ পৰিপ্ৰেক্ষিতত লোকজনৰ দ্বাৰা ভীতিগ্ৰস্ত হৈ কণ্ঠশিল্পীগৰাকী শুকুৰবাৰে নিশাই আৰক্ষীৰ কাষ চাপে। দীপলিনা ডেকাৰ অভিযোগৰ ভিত্তিত মৃদুল কুমাৰ নাথ নামৰ লোকজনক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। জানিব পৰা মতে লোকজন গুৱাহাটীৰ বাসিন্দা আৰু তেওঁক আৰক্ষী থানাত ৰাখি বিষয়টো সন্দৰ্ভত সোধা-পোছা কৰি থকা হৈছে।

উল্লেখ্য যে, জনপ্ৰিয় তাৰকাসকল ছ’চিয়েল মিডিয়াযোগে প্ৰায়ে মানসিক হাৰাশাস্তিৰ সন্মূখীন হোৱা দেখা যায়। ছ’চিয়েল মিডিয়াত জনপ্ৰিয় লোকসকলক ট্ৰোল কৰাটো একাংশৰ বাবে অভ্যাসত পৰিণত হৈছে। কিন্তু এইদৰে ঘৰলৈ গৈ বাৰে বাৰে এজন শিল্পীক হাৰাশাস্তি কৰাটো স্বাভাৱিকতে এক বিপজ্জনক কথা। তাৰকা-শিল্পীসকলৰ নিৰাপত্তাৰ দিশটোত বিশেষ গুৰুত্ব দিয়াটো এই সময়ত এক প্ৰয়োজনীয় বিষয় হৈ পৰিছে।

লগতে পঢ়কঃ Silk tourism : পৰ্যটন ক্ষেত্ৰত ৰেচম ক্ষেত্ৰৰ সম্ভাৱনা

English Summary: Man detained for harrassing singer Deeplina Deka

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.