1. News

ফেচবুকত কইনা বিচাৰি কিয় ট্ৰ’ল হৈছে ২২ বিঘা মাটিৰ অধিকাৰী, পশুপালক বীৰেণ বড়ো?

KJ Staff
KJ Staff
Biren Boro
Biren Boro

মানুহজনৰ নাম বীৰেণ বড়ো। এটা বিশেষ ছ’চিয়েল মিডিয়া প’ষ্টৰ বাবে চৰ্চালৈ আহিছে লোকজন। কইনা বিচাৰি দিবলৈ ছ’চিয়েল মিডিয়াযোগে আহ্বান জনাইছিল লোকজনে। কিন্তু তাত নতুন কথা কি আছে? প্ৰতি দেওবাৰে বাতৰি কাকতত প্ৰকাশ পায় শ শ মেট্ৰিমনিয়েল বিজ্ঞাপন। উচ্চ শিক্ষিত, অৱস্থাপন্ন লোকে বিবাহৰ বাবে পাত্ৰ বা পাত্ৰী বিচাৰি বিজ্ঞাপন দিয়ে। বিভিন্ন ৱেবছাইট, এপতো চলে জীৱনসংগীৰ সন্ধান। পিছে বীৰেণ বড়ো নামৰ এই লোকজনে দিয়া প’ষ্টটোক লৈহে ছ’চিয়েল মিডিয়াত বু-বু-বা-বা কিয়? প্ৰথমেই চাওঁ আহক এই লোকজনে কি কৈছিল বিশেষ ভিডিঅ’টোত-

‘মোৰ নাম বীৰেণ বড়ো। মই বৰাজুল হাইস্কুলত চকিদাৰৰ কাম কৰোঁ, এমাহত ৩০ হাজাৰ টকা দৰমহা পাওঁ। এই ভিডিঅ’টো বনোৱাৰ বাবে মোক বেয়া নাপাব। মোৰ এড্ৰেছটো হৈছে- গাঁও- বৰাজুল, পোষ্ট অফিচ- বৰাজুল, পি.এছ ঘগ্ৰাপাৰ, জিলা নলবাৰী, অসম। মোৰ মোবাইল নম্বৰ.....। কিন্তু মোৰ মোবাইলটো সৰু। আপোনালোকে বাপনৰ ফোনত হোৱাটছএপ, ফেচবুক কৰিব। মোক ইমিডিয়েটলী দুই-এদিনৰ ভিতৰতে ভাল ছোৱালী এজনী লাগে। মোক বিয়া নোহোৱা ছোৱালী এজনী লাগে বিবাহ কৰাবলৈ। দুই-এদিনৰ ভিতৰতে ছোৱালীজনী আনি মই মাঘৰ ২০-২৫ তাৰিখে ৰাইজক ভালকৈ খানা এটা খুৱাম। মাছ-মাংস, গোল্লা-দৈ- যিয়ো যি খায় তাকে খুৱাম। মোৰ হাঁহ-পাৰ, ছাগলী, মুৰ্গীৰ ফাৰ্ম আছে। মাটি আছে ২২ বিঘা ১৩ লোচা। মোক আপোনালোকে ভাল ছোৱালী এজনী চাই দিয়ক।‘

কথাখিনিৰপৰা ভালদৰে বুজা যায় যে, সহজ-সৰল লোকজনে ঘৰুৱা কোনো অসুবিধাৰ বাবে ততাতৈয়াকৈ বিয়া পাতিব বিচাৰিছে। পিছে নিজাকৈ সেই কাম কৰিব নোৱাৰি তেওঁ কৰযোৰে ৰাইজৰ সহায় বিচাৰিছে। পিছে লোকজনৰ পোষ্টটোক লৈ বিভিন্নজনে ছ’চিয়েল মিডিয়াত ঠাট্টা-মষ্কৰা কৰাই নহয়, বিভিন্ন সংবাদ মাধ্যমে সহজ-সৰল লোকজনক বহুৱা সজাই নিকৃষ্ট বাতৰি পৰিৱেশন কৰা দেখা গৈছে। কোনোৱে যদি তেওঁৰ মাটি-বাৰীৰ হিচাপক লৈ প্ৰশ্ন উত্থাপন কৰিছে, কোনোৱে লোকজনৰ মানসিক সন্তুলনক সন্দেহৰ আৱৰ্তলৈ আনিছে। ভিডিঅ’টো ভালদৰে চালে ২২ বিঘা শব্দটো তেওঁৰ মুখেৰে অনিচ্ছাকৃতভাৱে ওলোৱা যেন লাগে। যিহেতু ভিডিঅ’টো আন কোনোবাই ৰেকৰ্ড কৰিছিল, গতিকে লোকজনে এই বিসংগতিটো গম নোপোৱাটো স্বাভাৱিক।

কথাতে কোৱা হয়, ‘কাৰোবাক যদি তুমি সহায় কৰিব পৰা নাই, তেওঁক তুমি বিপদত নেপেলাবা।‘ এই লোকজনেও সামাজিক মাধ্যমত লাঞ্চনাৰ পাত্ৰ হ’বলৈ ভিডিঅ’টো বনোৱা নাছিল। কাৰণ এটা পুৰণি চেলফোন ব্যৱহাৰ কৰা লোকজনে নাজানে কিমান বিপজ্জনক সামাজিক মাধ্যমৰ এই সমাজখন! যিখন সমাজক কইনা বিচাৰি দিবলৈ তেওঁ কৰযোৰে আহ্বান জনাইছে সেইখন সমাজ বৰ্তমান আন দুজন দৰা-কইনাৰ ভঙা বিবাহৰ প’ষ্টমৰ্টেমক লৈ ব্যস্ত। মন নিমিলাৰ বাবে জোৰোণ দিয়াৰ পাছত দৰাই বিয়া ভঙাৰ কথাটোক লৈ তেওঁলোক ছ’চিয়েল মিডিয়াত ইমানেই ব্যস্ত হৈ পৰিছে যে আন কোনো কথাতে গুৰুত্ব দিবলৈ তেওঁলোকৰ আহৰি নাই। চৰ্চাত থকা দৰাজনৰ ব্যক্তিগত কথোপকথন, ফটোপৰ্যন্ত খুঁচৰি তেওঁলোক দুজন অচিনাকি লোকৰ চৰিত্ৰ হননত জঁপিয়াই পৰিছে। বীৰেণ বৰাৰ শুভাকাংক্ষীসকললৈ অনুৰোধ- তেওঁক ছ’চিয়েল মিডিয়াৰ চিকাৰ হ’বলৈ নিদিব। হোৱাটছএপ ফেচবুকৰপৰা দূৰতেই তেওঁ কুশলে থাকক!

লগতে পঢ়কঃ গৰুৰ গাখীৰত আছে সোণ! গাখীৰৰ এই গুণাগুণ জানি আচৰিত হ’ব

English Summary: Assam farmer brutally trolled online for finding bride in facebook video

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.