1. উদ্য়ানশস্য়

Silk tourism : পৰ্যটন ক্ষেত্ৰত ৰেচম ক্ষেত্ৰৰ সম্ভাৱনা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
পৰ্যটন ক্ষেত্ৰত ৰেচম ক্ষেত্ৰৰ সম্ভাৱনা
পৰ্যটন ক্ষেত্ৰত ৰেচম ক্ষেত্ৰৰ সম্ভাৱনা

উত্তৰ-পূব ভাৰত জৈৱ বৈচিত্ৰ্য আৰু বিভিন্ন কীট পতংগ,  জীৱ-জন্তু আৰু নানা প্ৰকাৰৰ উদ্ভিদৰ বাবে প্ৰাকৃতিকভাবে সমৃদ্ধিশালী। উত্তৰ-পূব ভাৰতৰ উপ-ক্ৰান্তীয় পৰিৱেশে অঞ্চলটোক বিভিন্ন ধৰণৰ সূতা উৎপাদনকাৰী ৰেচম কীট-পতংগ আৰু ইয়াৰ নানা খাদ্য বৃক্ষৰ বাবে প্ৰাকৃতিক ৰূপে চহকী কৰি তুলিছে। মুগা এই অঞ্চলৰ বাবে একক আৰু অনন্য সম্পদ । ইয়াৰ উপৰি মুগা আৰু এৰীশিল্প দুয়োটা উপলব্ধিৰ কাৰণে এই অঞ্চল গৌৰৱান্বিত । এৰী ভাৰতৰ জনপ্ৰিয় সৰ্বাধিক উৎপাদনকাৰী বন্য ৰেচম ।

এইটো সত্য যে, ৰেচম পৰ্যটন উদ্যোগে ৰাজ্যৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। মুগা আৰু এৰী শিল্পৰ স্বকীয়তাৰ বাবে পৰ্যটনৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰাৰ যথেষ্ট সম্ভাৱনা আছে। এটা কথা উল্লেখ কৰিব লাগিব যে, ৰেচম শিল্প ‌তথা হস্ততাঁত আৰু বয়ন বিভাগ দুটা যদিও পৃথক ভাৱে‌ ৰখা হৈছে দৰাচলতে ‌দুয়োটা বিভাগ ইটোৰ লগত সিটোৰ ‌ওত:পোত: সম্পৰ্ক আছে । পৃথিৱীৰ ভিতৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় বিলাক ৰেচম পালকসকল পলু পালনৰ পৰা সূতা কটা, কাপোৰ ‌বোৱা, ডিজাইন কৰা আদি সকলো কামত নিয়োজিত ‌হৈ থাকে ।‌ এনে‌ নিদৰ্শন অন্য দেশত দেখিবলৈ পোৱা নাযায় । দক্ষিণ ভাৰতৰ নুনী পলু পোহা কৃষকসকলে ‌মাত্ৰ খোলা উৎপাদনলৈকে কাম কৰে ।

লগতে পঢ়ক-

অসমৰ ৰেছম শিল্পৰ ক্ষেত্ৰখনত চৰকাৰী ৰেছম ফাৰ্মসমূহৰ ভূমিকা

পৰবৰ্তী ‌কাৰ্য অন্য ‌মানুহে‌ সম্পাদন‌ কৰে ।‌ সম্ভাৱ্য পৰ্যটন ক্ষেত্ৰত কাজিৰঙা অঞ্চলত অৱস্থিত বাগৰি, ওদালগুৰি, মাজুলী, ডিফু আদিৰ দৰে সাম্ভাব্য পৰ্যটন ক্ষেত্ৰত "ৰেচম উদ্যোগ পাৰ্ক"  স্থাপন কৰি এই উদ্যোগক আগবঢ়াই নিব পাৰি।  ইতিমধ্যে মেঘালয় আৰু বিটিচি অঞ্চলত এনে অনুষ্ঠান স্থাপন কৰা হৈছে । কেৱল ৰেচম পলু পালকৰ দ্বাৰা পৰ্যটকক আকৰ্ষিত কৰিবলৈ পৰ্যাপ্ত নহ'ব পাৰে। এইকাৰণে, এনেধৰণৰ পাৰ্কে এৰী আৰু মুগা  দুয়োটা শিল্পৰ প্ৰদৰ্শনী স্থল হিচাপে কাম কৰিব পাৰে। দেখা যায় যে, প্ৰাক খোলাৰ পৰা পশ্চাৎ খোলা স্তৰৰ  মুগা আৰু এৰীশিল্পৰ প্ৰতিটো স্তৰতে স্বকীয়তা আছে আৰু ই সকলো স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকক আকৰ্ষিত কৰিব পাৰে। এৰী আৰু মুগা শিল্পৰ বিভিন্ন পদক্ষেপ যেনে বৃক্ষৰোপণ, পলু পালন, প্ৰতিপালন, সূতা কটা, বয়ন আৰু লেটা খাদ্যসহ বৈচিত্ৰ্যপূৰ্ণ সামগ্ৰী এনে কেন্দ্ৰৰ আকৰ্ষণ হ'ব পাৰে।  পৰম্পৰাৰ প্ৰতীক হোৱাৰ বাবে বেছিভাগ ক্ষেত্ৰতে মহিলাই এই কেন্দ্ৰত নিয়োজিত হ'ব পাৰে আৰু ‌এইদৰে নাৰী সৱলীকৰণৰ ক্ষেত্ৰতো অৰিহনা ‌যোগাব পাৰে। ইয়াৰ ওপৰিও, পৰম্পৰাগত ৰেচম গাওঁ পৰ্যটকৰ বাবে আকৰ্ষণৰ উৎস হ'ব পাৰে।কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে এই খণ্ডটোক গুৰুত্ব দিয়াৰ বাবে উদ্যোগ লোৱা উচিত । কেন্দ্ৰীয় মুগা এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান নামৰ মুগা আৰু এৰী শিল্পৰ পৃথিৱীৰ ‌একমাত্ৰ গৱেষণা প্ৰতিষ্ঠান লাহদৈগড় যোৰহাটত‌ অৱস্থিত । এই অনুষ্ঠানটি পৰ্যটকৰ আকৰ্ষণ হ'ব পাৰে ।‌

কাৰণ অসমলৈ অহা বহু ‌পৰ্যটকে এই অনুষ্ঠান ভ্ৰমণ ‌কৰে ।  এইটো নিশ্চিত যে, ৰেচম পৰ্যটন ক্ষেত্ৰই ৰাজ্যৰ অৰ্থনীতি শক্তিশালী কৰাৰ লগতে পুৰণি কুটিৰ শিল্পটিক আগবঢ়াই নিব পাৰে আৰু বিশ্বদৰবাৰত অসমক প্ৰতিষ্ঠা কৰাত উল্লেখযোগ্য বৰঙনি আগবঢ়াবলৈ সক্ষম হ'ব। এটা অতি ‌ইতিবাচক কথা যে, অসমত ইতিমধ্যে বহুত শিক্ষিত যুৱক যুৱতীয়ে ৰেচম ক্ষেত্ৰত বিশেষকৈ বৈচিত্ৰময় বস্ত্ৰ উৎপাদন ক্ষেত্ৰত উদ্যোগ স্থাপন কৰি সফলতা ‌লাভ কৰিছে । দেশীয় বজাৰৰ ওপৰিও ‌নানা ৰেচমজাত সামগ্ৰী বিদেশলৈ ‌ৰপ্তানী কৰি সুনাম অৰ্জন কৰিছে ।‌ এই সকলৰ প্ৰতিষ্ঠান বিলাক পৰ্যটকৰ বাবে আকৰ্ষণৰ বিন্দু হোৱাৰ ‌পূৰ্ণ সম্ভাৱনা ইতিমধ্যে পৰিলক্ষিত হৈছে । এইদৰে ব্যক্তিগত উদ্যোগীসকলেও এই লাভজনক খণ্ডত অংশগ্ৰহণ কৰি লাভবান হোৱাৰ লগতে অসমৰ নিবনুৱা সমস্যা সমাধানত বৰঙণি আগবঢ়াব পাৰে।

লেখক- ড° মৃদুল চন্দ্ৰ শৰ্মা, অৱসৰপ্ৰাপ্ত বিজ্ঞানী, যোৰহাট, অসম

লগতে পঢ়ক- 

শিৱসাগৰত কৃষিৰ সৈতে গ্ৰাম্য পৰ্যটনৰ বিশাল সম্ভাৱনাক সংযোগ কৃষক মনোজ কোঁৱৰৰ

English Summary: Potential of silk sector in tourism

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.