Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 20 July, 2022 6:13 PM IST
Various Disease of Tea Leaf and its Remedies

অন্যান্য শস্যৰ দৰে চাহ গছো মাজে সময়ে বিভিন্ন ধৰণৰ বেমাৰৰ দ্বাৰা আক্রান্ত হয়। মূলতঃ ভেঁকুৰজাতীয় অনুজীৱৰ দ্বাৰা সৃষ্ট এই ৰোগবিলাক সাধাৰণতে দুই প্রকাৰৰ হ'ব পাৰে - কিছুমান ৰোগে ভাল ধৰণে আপদাল কৰি ৰখা স্বাস্থ্যবান গছবিলাকো আক্রমণ কৰে। আনহাতে আন কেইবিধমান বেমাৰে আকৌ বিভিন্ন আনুষংগিক কাৰণৰ বাবে ইতিমধ্যে র্দুবল বা নিশকতীয়া হৈ পৰা গছবোৰৰ অপকাৰ কৰে।

চাহ গছত দেখা দিয়া এই ৰোগবিলাকে গছবোৰৰ বিভিন্ন অংশ যেনে পাত, ডাল বা গা-গছ আৰু শিপাক আক্রমণ কৰি ইহঁতৰ স্বাভাৱিক বৃদ্ধি আৰু বিকাশত বাধা জন্মায় যাৰ ফলত বাগিচা এখনৰ কেঁচা পাতৰ

উৎপাদন সুনিশ্চিত কৰিবলৈ হ'লে উপযুক্ত সময়ত ইহঁতক নিয়ন্ত্রণ কৰা অতি প্রয়োজনীয়। আমাৰ অঞ্চলৰ বাগিচাবোৰত সচৰাচৰ দেখা পোৱা চাহ গছৰ কেইবিধমান বেমাৰ আৰু ইহঁতৰ সমন্বিত নিয়ন্ত্রণ পদ্ধতি সম্পর্কে সংক্ষেপে আলোচনা কৰা হ'ল।

পাতত হোৱা ৰোগ

১) ব্লিষ্টাৰ ব্লাইট

এইবিধ ৰোগ সাধাৰণতে ঠাণ্ডা,  সেমেকা তথা ডাৱৰীয়া বতৰত বেছিকৈ বিয়পে আৰু ই সকলো প্রকাৰৰ চাহ গছৰ কুমলীয়া পাত বা কোঁহবোৰ আক্রমণ কৰে। বতাহৰ দ্বাৰা বিস্তাৰিত হোৱা এই বেমাৰৰ ফলত কুমলীয়াপাতবোৰ ঈষত্হালধীয়া বা বগা বৰণৰ ঢৌ বা টেমুনাৰ সৃষ্টি হয় আৰু বেমাৰৰ প্রকোপ বেছি হ'লে পাতবোৰ মেটুৰা - মেটুৰি হৈ পৰে। কলম কৰা গছবোৰৰ পৰা নতুনকৈ ওলাবলৈ ধৰা কোঁহ বা পোখাবোৰত এই বেমাৰ বেছিকৈ হয়। বতৰৰ ওপৰত নির্ভৰ কৰি আমাৰ অঞ্চলত এইৰোগবিধ সাধাৰণতে বছৰৰ আৰম্ভণিতে ফ্রেব্রুৱাৰী পৰা এপ্রিল আৰু শেষৰ ফালে নৱেম্বৰ-ডিচেম্বৰ মাহত হোৱা দেখা যায়।

নিয়ন্ত্রণ পদ্ধতি :

(ক) আক্রান্ত চেকচনবোৰত লঘূ কলম বা স্কিফ কৰা উচিত ।

(খ) ভালদৰে বতাহ চলাচলৰ বাবে চাহ গছবোৰৰ পৰা বাঢ়ি অহা বা ওলমি পৰা অলাগতিয়াল ডালবোৰ কাটি পেলাব লাগে । ছাঁ ঘনে হ'লে ছাঁ গছবোৰো মাজে - সময়ে ডলি দিয়া উচিত ।

গ) বাগিচাখনৰ পৰা পানী ভালদৰে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে ।

(ঘ) কলম কৰাৰ পাছত গছবোৰত 'কষ্টিকৱাছ' কৰা প্রয়োজন ।

(ঙ) সঘনাই এই বেমাৰ হোৱা চেকচনবিলাকত চুটি কলম (যেনে ত্রিবর্ষীয়) গ্রহণ কৰা উচিত ।

চ)ফেব্রুৱাৰী - মার্চ মাহত চাহ গছবোৰ আৰু তলত পৰি থকা কলম কৰা ডাল - পাতবোৰত ভালদৰে কপাৰ অক্সিক্ল'ৰাইড (২৫০ গ্রাম ১০০ লিটাৰ পানীত) প্রয়োগ কৰিব পাৰি।

(ছ) মে' - জুন মাহত ওপৰত উল্লেখ কৰা ঔষধবিধ সেই হাৰত বা হেক্সাকনাজল (১০০ মি: লি: ১০০ লিটাৰ পানীত) দুসপ্তাহৰ মূৰত দুবাৰ ভালদৰে স্প্রে' কৰিব লাগে । বেমাৰৰ আক্রমণ বেছি হ'লে ছেপ্তেম্বৰ মাহলৈকে মাজে মাজে কপাৰ অক্সিক্ল'ৰাইড প্রয়োগ কৰিব লাগে ।

(জ) ঠাণ্ডা কালি (নৱেম্বৰ-ডিচেম্বৰ) মাহত কার্বক্সিন বা কপাৰ অক্সিক্ল'ৰাইড প্রয়োগ কৰি পাছৰ বছৰত বেমাৰবিধৰ প্রাদুর্ভাৱ কম কৰিব পাৰি।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়

লগতে পঢ়ক-এইবাৰ লীজত যাব অসম চাহ নিগমৰ অধীনস্থ ১২ খনকৈ বাগিচা

English Summary: Various Disease of Tea Leaf and its Remedies
Published on: 20 July 2022, 05:02 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now