প্ৰকৃতিয়ে সসাগৰা পৃথিৱীত সকলো প্ৰয়োজনীয় বস্তুৱেই দান কৰিছে। প্ৰকৃততে সমস্ত প্ৰাণীকুলেই প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। এইক্ষেত্ৰত তিলমাত্ৰও কাৰ্পণ্য নকৰাকৈ প্ৰকৃতিয়ে প্ৰাণীকুলৰ বাবে প্ৰয়োজনীয় সকলো বস্তৰে যোগান ধৰি আহিছে। নানা তৰহৰ ফলমূল মানৱ সমাজৰ প্ৰতি প্ৰকৃতিৰ এক অনন্য উপহাৰ।
তেনে বহু ফলমূল সংগ্ৰহ কৰি খোৱাৰ কথা এতিয়াও মনত আছে। পিছে সময় বাগৰাৰ লগে লগে সেইবোৰ নোহোৱা হৈ আহিল। জনসংখ্যা বাঢ়িল, মানুহে থাকিবৰ বাবে হাবি-জংঘল কাটি খাস্তাং কৰিলে। আমিও ঘৰৰ বাৰীতে থকা শিলিখা, আমলখি, মধুৰি-আম বুটলি খাবলৈ পাহৰি পেলালো, তাৰ ঠাইত মুখত জুতি লগা আপেল, আঙুৰ, বিলাতী আম আদি আমদানিকৃত ফলমূলবোৰৰ প্ৰতিহে মৰম দেখুৱাওৱা হলো। সেইবোৰ ঘৰলৈ নি ভালকৈ সজাই থৈ নিজকে সম্ভ্ৰান্তৰূপে চিনাকি দিবলৈ ধৰিলো। অসমীয়া মানুহখিনিৰ বাবে নিজৰ চোতালৰ দূবৰিখিনিও যেন আজি অচিনাকি হৈ ৰ'ল।
সেয়ে বহুতৰ বাবে অচিনাকি আমি সৰুতে খোৱা আৰু আমাৰ অসমৰ বায়ু-পানীত হেৰাই যাব ধৰা কেইবিধমান অসমীয়া ফলমূলৰ স'তে সকলোকে চিনাকী কৰি দিব বিচাৰিছো। হয়তো ঠাইভেদে ইয়াৰ নাম ভিন্ন হ'ব পাৰে।
(১) লেটেকুঃ বাৰিষা কালত হোৱা ফলমূলবোৰৰ ভিতৰত লেটেকু অন্যতম অসমীয়া ফল। ই সাধাৰণতে টেঙাজাতীয় ফল। কেঁচা অৱস্থাত গাঁৱৰ মানুহে টেঙা আঞ্জা ৰান্ধিলে অন্য টেঙা নাপালে লেটেকুকে ব্যৱহাৰ কৰিছিল। লেটেকু পকিলে খাবলৈ মিঠা হয়। পিছে লেটেকুৰ গুটি হজম নহয়। যেনেদৰে থাকে তেনেদৰে শৌচৰ লগত বাহিৰ হৈ আহে। এটা সময়ত অসমৰ হাবি বননিয়ে ঢেৰ লেটেকু গছ পোৱা গৈছিল । এতিয়া পিছে বিছাৰিলে লেটেকু গছ পোৱা নাযায় ।
২) পনিয়লঃ অসমৰ হাবিত পোৱা আন এবিধ উল্লেখযোগ্য থলুৱা ফল হ'ল পনিয়ল। পনিয়ল আকৃতিত সম্পূৰ্ণ গোলাকাৰ। আকাৰত ই লেটেকুতকৈ অলপ সৰু। পনিয়ল গছজোপা কাঁইটীয়া। সাধাৰণতে পনিয়ল পকিলেও টান হৈ থাকে।তাক খাবলৈ হ'লে পিটিকিব লাগে। আঙুলিকেইটাৰে পিটিকি থাকিলে ই কোমল হৈ পৰে। আজিৰ প্ৰজন্মই ইয়াক কেনেকৈ খাব লাগে সেই বিষয়েও অজ্ঞাত।
(৩) হেলচঃ হেলচ এবিধ থোপাথোপে গুটি ধৰা সৰু সৰু ফল। ই সাধাৰণতে টেঙা স্বাদৰ। কেঁচাতে সেউজীয়া বৰণৰ।পকিবলৈ ধৰিলে ৰঙা ৰং ধৰে। সম্পূৰ্ণকৈ পকিলে ক'লা হৈ পৰে। তেতিয়া ই মিঠা হৈ পৰে। একোটা থোকত সৰু সৰু হেলচবোৰ নধৰাকৈ লাগে। গাৱৰ তিৰোটাবোৰে পথাৰত ভুই ৰোওতে জিৰণিৰ পৰত বাঁহৰ চুঙাত নিমখ-জলকীয়াৰে খুন্দি জুতি লগাই হেলচ খায়।
(৪) মধুৰি-আমঃমধুৰি সকলোৰে পৰিচিত এক উৎকৃষ্ট ফল। ইয়াৰ গুণাগুণো বহুত। অসমত থলুৱাভাৱে পৰ্যাপ্ত পৰিমাণৰ মধুৰি আম পোৱা যায়। কিছুমান অত্যন্ত মিঠা হোৱাৰ বিপৰীতে কিছুমান খাবলৈ সোৱাদ নহয়। লেটেকুৰ দৰে মধুৰীৰ গুটিবোৰো হজম নহয়। তথাপি সেইবোৰে কোনোধৰনৰ অপকাৰ নকৰে।
৫) নৰাবগৰীঃ অসমৰ থলুৱা ফলমূলৰ ভিতৰত নৰাবগৰী এবিধ উল্লেখযোগ্য ফল। এইবিধ কেচাতে টেঙা স্বাদৰ হয় যদিও পকিলে মিঠা হয়।পকিবলৈ ধৰিলে ই ৰঙা-হালধীয়া হয়। তেতিয়া দেখিবলৈ বগৰীটোৰ দৰে ধুনীয়া হৈ পৰে। আজিকালি এইবিধ ফল তেনেকে দেখা নাযায়।
(৬) থেকেৰাঃ অসমৰ হাবিয়ে-বননিয়ে হোৱা থেকেৰা এবিধ গুণবিশিষ্ট টেঙা ফল। থেকেৰাৰ কেবাটাও প্ৰজাতি আছে। অসমত চাৰিবিধ থেকেৰা পোৱা যায়। সেইবিধ হ'ল-কুঁজী থেকেৰা, বৰ থেকেৰা, ৰূপহী থেকেৰা আৰু কাউৰি থেকেৰা । থেকেৰা শুকুৱাই থৈ ব্যৱহাৰ কৰিলে ঋতুকালীন হোৱা পেটৰ অসুখৰ পৰা পৰিত্ৰাণ পাব পাৰি।
(৭) বেতগুটিঃ বেত অসমৰ এবিধ বনজ সম্পদ। বেতৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী আজিৰ দিনত দেশ-বিদেশতো সমাদৃত। অসমত সকলো কামতে ব্যৱহৃত বেতবিধ হ'ল জাতিবেত। বেতৰ গাঁঠিবোৰত ফুল-ফুলে আৰু গুটি ধৰে। বেতগুটি সৰু-সৰুকৈ থোকাথোকে লাগে। বেতগুটিৰ স্বাদৰ বৰ্ণনা দিয়া টান। মিঠা, টেঙা, কেহা, তিতা একোৱেই নহয়। তথাপি খাবলৈ ভাল লগা।
(৮) থেৰেজুঃ অসমৰ থলুৱা ফলবিলাকৰ ভিতৰত থেৰেজু উল্লেখযোগ্য ফল। থেৰেজুৰ স'তে অতীতৰ বহুতো কথা জড়িত আছে। বিহুগীত, বনগীত আনকি লোকগীতটো থেৰেজুৰ স্থান উল্লেখযোগ্য।
থেৰেজু এবিধ মধ্যমীয়া জোপোহা গছ। ইয়াৰ আকৃতি দীঘলীয়া আঙুৰবিধৰ দৰে। আধা পকিলে ই টেঙা মিঠা হয় আৰু সম্পূৰ্ণ পকিলে ক'লা ৰঙলৈ পৰিৱৰ্তন হয় আৰু তেতিয়া খাবলৈ সোৱাদ হৈ পৰে।
উৎস-(অতুলনীয় অন্তৰীপৰ ২০১৯ ডিচেম্বৰ সংখ্যাত প্ৰকাশিত প্ৰবন্ধ)
দিব্যজ্যোতি শইকীয়া
লগতে পঢ়ক-নেমু খেতিৰ পদ্ধতি আৰু ইয়াৰ পৰিচৰ্যা সম্পৰ্কে জানো আহক-