Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 1 February, 2025 11:58 AM IST
Ginger farming benefit

আদা খেতিয়ো এক লাভজনক কৃষি কাৰ্য। আদা খেতিৰ পৰাও এজন কৃষকে বছৰি এটা ভাল উপাৰ্জন কৰিব পাৰে। কিন্তু ইয়াৰ বাবে পৰিকল্পিতভাবে কাম কৰিব লাগিব। খৰচ পাতিয়ো অলপ বেছি হ’ব। এবিঘা মাটিত এজন কৃষকে আদা খেতি কৰিবলৈ হ’লে ৮০-৯০ হাজাৰমান টকাৰ খৰচ হ’ব। কিন্তু সেয়া ভয় কৰিব লগীয়া কথা নহয়। কাৰণ এবিঘা মাটি আদা খেতিৰ পৰা এজন কৃষকে ৫-৬ লাখ টকা উপাৰ্জন কৰিব পাৰে। গতিকে আদা খেতিৰ আহি থকা সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ কৃষকসকলে আদা খেতি কৰিলে নিশ্চিতভাৱে লাভান্বিত হ’ব।

কৃষকসকলে আদা খেতি কৰি লাভন্বিত হোৱাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি তলত আদা খেতিৰ কৃষি পদ্ধতিৰ বিষয়ে দুটামান কথা উল্লেখ আলোচনা কৰা হ’ল-

আদা খেতিৰ বাবে উপযুক্ত সময় হৈছে মাৰ্চ পৰা মে’ মাহ। আচলতে বৰষুণ আৰম্ভ হোৱাৰ আগতেই কৃষিভূমিত আদা ৰোপণ কৰিব লাগে। আদা খেতিৰ বাবে বালিঅহীয়া, সাৰুৱা মাটি আৰু ভাল জলনিষ্কাশন থকা ঠাই ভাল।

বীজৰ পৰিমান

৭-৮ কুইন্টল প্ৰতি বিঘাত৷ বীজৰ বাবে ৰখা পোখাবোৰত ২-৩ টামান কোঁহ থাকিব লাগে আৰু প্ৰতিটুকুৰাৰ ওজন প্ৰায় ৫ গ্ৰাম মান হোৱা দৰকাৰ ৷

পুলি আৰু শাৰীৰ ব্যৱধান

২৫ চে:মিটাৰ দূৰত্বত শাৰী পৰা শাৰীলৈ আৰু ১৫০ চে:মিটাৰ দূৰত্ব গছৰ পৰা গছলৈ ৷ মধ্যমীয়া দৰ গাতত পোখাবোৰ পুতিব লাগে৷

সাৰ প্ৰয়োগ

পচন সাৰ ১০ টন, নাইট্ৰোজেন ২০, ফছফৰাছ ৬০ আৰু পটাছ ২০ কি: গ্ৰাম প্ৰতি হেক্টৰত ৷ নাইট্ৰোজেন আধা অংশ আৰু বাকী পচন সাৰ আৰু অন্য ৰাসায়নিক সাৰৰ সম্পূৰ্ণ অংশ মাটি প্ৰস্তুত কৰোতে প্ৰয়োগ কৰিব লাগে ৷ বাকী থকা অংশ নাইট্ৰোজেন পোখা সিঁচাৰ ৬০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে ৷

লগতে পঢ়ক- 

Farmer avoid this Work : কৃষকসকলে কৃষি পথাৰত কৰিব নলগা কেইটামান কাম

পৰিচর্য্যা

আচ্ছাদন : প্ৰথম আচ্ছাদন ৰোৱাৰ পিছতে যি কোনো সুবিধাজনক আচ্ছাদনৰ সামগ্ৰীৰে আৰু দ্বিতীয় বাৰ ৰোৱাৰ ৪০ দিনৰ পিছত দিব লাগে৷

জলসিঞ্চণ : খৰাং বতৰত ১৫ দিনৰ ব্যৱধানত জলসিঞ্চণৰ ব্যৱস্হা কৰিব লাগে ৷

অপতৃণ নিয়ন্ত্ৰণ : প্ৰথমবাৰ বনবাত নিৰোৱাৰ উপযুক্ত সময় হ’ল ৰোৱাৰ পৰা ৪০ দিন মান পিছত মানে দ্বিতীয় বাৰ আচ্ছাদন দিয়াৰ আগে আগে৷

মাটি চপোৱা : বনবাত নিৰোৱাৰ লগে লগে গছৰ গুৰিত মাটিও চপাই দিব লাগে ৷

শস্য ৰক্ষা

মজাখোৱা আৰু পাত মেৰুৱা পোকৰ বাবে ৰ'গৰ ০.০৫ শতাংশ ঔষধ স্প্ৰে কৰিব ৷

আদা পঁচা বেমাৰ

(ক) এই বেমাৰ নিয়ন্ত্ৰণৰ বাবে পথাৰৰ পৰা পানী ওলাই যাব পৰা ব্যৱস্হা কৰিব লাগে ৷

(খ) প্ৰতিষেধক ব্যৱস্হা হিচাপে বীজবোৰ মেনক’জেব ৭৫ ডব্লিও পি (২ গ্ৰাম প্ৰতি লিটাৰ পানীত) নাইবা মেটালেকজিল আৰু মেনক’জেব ৭৫ ডব্লিও পি মিশ্ৰণ ০.৩ শতাংশ ৰোৱাৰ বা সংৰক্ষণ কৰাৰ আগেয়ে ব্যৱহাৰ কৰিব লাগে ৷

(গ) বেমাৰ হোৱা অংশত মেনক’জেব ৭৫ ডব্লিও পি ২ গ্ৰাম প্ৰতি লিটাৰ পানীত বা কেপ্টাফল জাতীয় ঔষধেৰে ধুই বা ঢালি দিব লাগে৷

পাতত দাগ লগা (Leaf Spot) : এই বেমাৰ নিয়ন্ত্ৰ্ৰণৰ বাবে বৰদ’ মিশ্ৰণ ১ শতাংশ বা ০.২ শতাংশ থিৰাম ব্যৱহাৰ কৰিব ৷

শস্য চপোৱা আৰু ইয়াৰ তত্ত্বাৱধান

গছবোৰ/পাতবোৰ যেতিয়া লাহে লাহে হালধীয়া ৰঙৰ হৈ শুকাবলৈ আৰম্ভ কৰে তেতিয়াই শস্য চপোৱাৰ ব্যৱস্হা কৰিব লাগে  চপোৱাৰ পাচত আদাবোৰ ভালদৰে ২-৩বাৰ ধুই তাৰ পৰা মাটি আৰু বোকাবোৰ আঁতৰাই ৰ’দত দি শুকুৱাব লাগে ৷

উত্পাদন:

এক বিঘাত খেতিৰ পৰা ৯০-১২০ কুইন্টল আদাৰ উত্পাদন পাব পাৰি ৷

উল্লেখ্য যে এই খেতিৰ দ্বাৰাও অসমৰ কৃষকসকলে ভাল উপাৰ্জন কৰিব পাৰে। সঠিক সময় আৰু পদ্ধতি অনুসৰণ কৰিলে আদা খেতি সফল হ’ব।

লগতে পঢ়ক- 

Farmers VS Market : কৃষকসকলে বজাৰখন পাবলৈ এইকেইটা কাম কৰক

English Summary: Ginger farming benefit
Published on: 01 February 2025, 11:55 IST