Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 24 December, 2022 4:33 PM IST
Gardening tools

বজাৰত উপলব্ধ ৰাসায়নিক সাৰযুক্ত শাক-পাচলি আৰু ফল-মূলে পেটৰ ৰোগ, কেন্সাৰ, বি পি আদি ৰোগৰ সৃষ্টি কৰে। ইয়াৰপৰা হাত সাৰিবলৈ এতিয়া মানুহে ঘৰতে পাকঘৰ/টেৰেচৰ বাগিচা সাজিবলৈ আৰম্ভ কৰিছে। য’ত ঘৰতে খাবলৈ ফলমূল আৰু শাক-পাচলি উৎপাদন কৰা হয়। বাগিচা প্ৰস্তুত কৰাৰ সময়ত বহু কথা মনত ৰাখিব লগীয়া হয় আৰু বাগিচাখনতো কিছুমান সঁজুলিৰ প্ৰয়োজন হয়, যাৰ সহায়ত আপুনি সুবিধাজনকভাৱে শস্য উৎপাদন কৰিব পাৰে। আজি এই লেখাটোত আমি কেইটামান Gardening Tools ৰ বিষয়ে জনাব বিচাৰিছোঁ। এইবোৰৰ সহায়ত ঘৰুৱা বাগিচাত কাম কৰিবলৈ যথেষ্ট সুবিধা।

থাৰ্মোপ্লাষ্টিক পাত্ৰ

মাটিৰ পাত্ৰৰ ই এক উত্তম বিকল্প। ইয়াক গছ-গছনি ৰোপণৰ বাবে ব্যৱহাৰ কৰা হয়। এই পাত্ৰটো অতি নমনীয়। বেঁকা কৰিলে বা টিপিলে ভাঙি বা ফাটি নাযায়। ইয়াৰ ওজন লঘু হোৱাৰ লগতে ইয়াৰ নিষ্কাশন ব্যৱস্থাও ভাল। আপুনি বীজ অংকুৰণ কৰিবৰ বাবে বা গছ-গছনি গজাবলৈ এইসমূহ ব্যৱহাৰ কৰিব পাৰে।

স্প্ৰে পাম্প

সাধাৰণতে ইয়াক উদ্ভিদত পানী বা কীটনাশক ছটিয়াবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ সহায়ত নিম তেল স্প্ৰে কৰি গছ-গছনিক কীট-পতংগৰ পৰা ৰক্ষা কৰিব পাৰি। এইবোৰ পাত্ৰ ১ লিটাৰ বা ২ লিটাৰ ক্ষমতাযুক্ত। ইয়াক ব্যৱহাৰ কৰাও অতি সহজ।

আঠাযুক্ত ফান্দ (ষ্টিকী ট্ৰেপ)

ই উদ্ভিদৰ ক্ষতি কৰা পোক-পৰুৱা ধৰি ৰাখে। ই এটা আঠাযুক্ত পেড। যেতিয়াই কোনো পোক-পৰুৱা গছ-গছনিৰ ফালে আহে তেতিয়াই এই আঠাযুক্ত ফান্দত আবদ্ধ হৈ পৰে। যাৰ বাবে গছ-গছনিবোৰক বগা মাখি, এফিড, পাত খোৱা পোক, থ্ৰিপছ আদিৰ দৰে পোক-পৰুৱাৰ পৰা ৰক্ষা কৰিব পাৰি। ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ই ৰাসায়নিক সাৰ মুক্ত। যাৰ বাবে ষ্টিকী ট্ৰেপ প্ৰয়োগ কৰিলে গছ-গছনিৰ কোনো ক্ষতি নহয়।

নাইলনৰ তাঁৰৰ জাল

ইয়াক বান্দৰ বিৰোধী সুৰক্ষা জাল বুলিও কোৱা হয়। টেৰেচত বা পাকঘৰৰ গছ-গছনিৰ ওপৰত লগাব পাৰে। যাৰ বাবে শস্য বান্দৰ আৰু চৰাইৰ পৰা সুৰক্ষিত হৈ থাকিব। এই সুৰক্ষা জালত সৰু সৰু ফুটা থাকে, যাৰ বাবে গছবোৰে সূৰ্যৰ পোহৰ আৰু বতাহ পাব পাৰে।

ড্ৰেইনেজ মেট

পাকঘৰৰ বাৰীত পাত্ৰ ৰখাৰ বাবে নিষ্কাশন মেটৰ ব্যৱহাৰ অতি লাভজনক। এইবোৰ ডাঠ প্লাষ্টিকৰ পৰা তৈয়াৰী, ইয়াত নিষ্কাশনৰ বাবে ফুটা থাকে। পাত্ৰৰ পৰা ওলোৱা পানী এই নিষ্কাশন ফুটাবোৰৰ মাজেৰে বাহিৰলৈ বৈ যায়। যাৰ বাবে বাৰীখনত পানী জমা নহয়।

ড্ৰিপ ইৰিগেচন কিট

যদি আপুনি বাৰীত বহু গছ-গছনি ৰোপণ কৰিছে, তেন্তে গছ-গছনিবোৰক হাতেৰে পানী দিয়াৰ পৰিৱৰ্তে ড্ৰিপ ইৰিগেচন কিট ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ দ্বাৰা গছৰ শিপালৈ পোনপটীয়াকৈ পানী পঠিয়াব পৰা যায়।

বাগিচাৰ কেঁচী

ষ্টেইনলেছ ষ্টীলৰ চোকা ব্লেডযুক্ত কেঁচি আছে। যিটো গছৰ ডাল কাটি, গছৰ আকৃতি দিয়াত উপযোগী। ইয়াৰ খৰচো কম।

ৰোল কাট প্ৰুনিং secateur

ইয়াক প্ৰধানকৈ কঠিন কাণ্ড বা ডাল কাটিবলৈ ব্যৱহাৰ কৰা হয়।

পানী দিয়া প্লাষ্টিকৰ কেন

মাটিত পানী দিবলৈ প্লাষ্টিকৰ টেমা ব্যৱহাৰ কৰাটো ভাল। ইয়াৰ দ্বাৰা আপুনি গছ-গছনিক উপযুক্ত পৰিমাণত পানী দিব পাৰে।

পুলিৰ ট্ৰে

ইয়াক উদ্ভিদৰ বীজৰ খেতি কৰিবলৈ ব্যৱহাৰ কৰা হয়। পুলিৰ ট্ৰে’ত সৰু সৰু গছৰ বীজ অংকুৰিত কৰিব পাৰে। অংকুৰণৰ পাছত ইহঁতক সহজে পাত্ৰলৈ স্থানান্তৰিত কৰিব পাৰি।

হেণ্ড গ্ল

ইয়াক পাত্ৰৰ মাটি খান্দিবলৈ ব্যৱহাৰ কৰা হয়।

ক্ৰিপাৰ নেট

ইয়াক লতাজাতীয় উদ্ভিদক বগাই যোৱাত সহায় কৰিবলৈ ব্যৱহাৰ কৰা হয়। তিঁয়হ, কেৰেলা, লাউ আদি গছৰ লতাক সহায় কৰিবলৈ ক্ৰিপাৰ নেট ব্যৱহাৰ কৰিব পাৰি।

প্লাষ্টিকৰ হুক ওলমি থকা পাত্ৰ

দেখাত বৰ আকৰ্ষণীয়। ইহঁতৰ সহায়ত সৰু সৰু গছ-গছনিৰ খেতি কৰিব পাৰি। এইবোৰ বেলকনিৰ জালত ওলোমাই থ’ব পাৰি।

লগতে পঢ়কঃ আকৌ ক’ভিড মহাযুঁজ! চিকিৎসালয়ত পৰ্যাপ্ত অক্সিজেন মজুত ৰখাৰ নিৰ্দেশনা কেন্দ্ৰৰ

English Summary: Some useful gardening tools
Published on: 24 December 2022, 04:33 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now