Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 28 February, 2021 11:55 PM IST
Assam Farming

   অসমৰ পৰিৱেশত অনায়াসে খেতি কৰিব পৰা এবিধ দাইলজাতীয় শস্য হ’ল ৰহৰ মাহ। অসমত ৰহৰ দাইলৰ চাহিদাও বৰ ব্যাপক। কিন্তু চাহিদাৰ তুলনাত ৰহৰ দাইলৰ উত্পাদন একেবাৰে নগণ্য। কাৰণ আমাৰ কৃষক ৰাইজৰ মাজত ৰহৰ খেতিয়ে এতিয়াও জনপ্ৰিয়তা লাভ কৰা নাই। সেইবাবে ৰহৰ দাইল আমদানিৰ নামত অসমৰ পৰা বছৰি এক বুজন অংকৰ ধন ওলাই যায়। কিন্তু অসমৰ পৰিৱেশ ৰহৰ মাহৰ খেতিৰ বাবে উপযোগী বুলি কৃষি বিশেষজ্ঞসকল নিশ্চিত হৈছে। ঘৰৰ চৌপাশৰ এনেয়ে পৰি থকা মাটি, ওখ পতিত মাটি, পুখুৰীৰ পাৰ, বাৰীৰ খালী মাটি আদিত ৰহৰ মাহৰ খেতি কৰি আশাতীতভাৱে লাভৱান হ’ব পাৰি। অন্যান্য দাইলজাতীয় শস্যৰ দৰে ৰহৰ মাহৰ খেতিত বৰ বিশেষ লাগিও থাকিব নালাগে, খৰচো বৰ কম। আনহাতে, উত্পাদিত ৰহৰ দাইল অত্যন্ত লাভজনক দামত সহজে বিক্ৰী কৰিব পাৰি। গতিকে আমাৰ কৃষক ৰাইজে এইবিধ শস্যৰ খেতিত গুৰুত্ব দিয়াৰ এয়াই উপযুক্ত সময় বুলি ক’ব পাৰি। আহকচোন, ৰহৰ মাহৰ কৃষি পদ্ধতি সম্পৰ্কে আলোচনা কৰো-

জাত বাছনিঃ

   অধিক উত্পাদনক্ষম বিভিন্ন থলুৱা জাতৰ উপৰি টি-২১ নামৰ জাতটোৰ খেতি কৰিলে লাভ হোৱাটো নিশ্চিত। এই জাতৰ বীজ সিঁচাৰ ১৭০-২০০ দিনৰ ভিতৰতে খেতি চপাব পৰা হয়।

খেতিৰ সময়ঃ

  অসমৰ পৰিৱেশত জুন-জুলাই মাহ ৰহৰ খেতিৰ বাবে উপযুক্ত সময়। অৱশ্যে আগষ্টৰ প্ৰথম সপ্তাহলৈকে বীজ সিঁচিব পৰা যায়।

প্ৰথাৰ প্ৰস্তুতিঃ 

   ৰহৰ খেতিৰ বাবে বাছি লোৱা মাটিডৰাত যাতে কোনো কাৰণতে পানী জমা হ’ব নোৱাৰে বা বানপানী নহয় সেই বিষয়ে আগতীয়াকৈ নিশ্চিত হ’ব লাগিব। উপযুক্ত মাটিডৰাত চাৰি-পাঁচবাৰ দকৈ হাল বাই অথবা কোৰ মাৰি, সম্ভৱ হ’লে মৈয়াই সমান কৰি ল’ব। বন-বাত, জাবৰ-জোঁথৰ আঁতৰাই মাটিডৰা পৰিষ্কাৰ কৰি ল’ব।

বীজ ৰোপণঃ

  এবিঘা মাটিত খেতি কৰিবলৈ প্ৰায় দুই কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয়। শাৰীবদ্ধ প্ৰণালীৰ ৭৫ চেঃ মিঃ × ৩০ চেঃ মিঃ ব্যৱধানত বীজ সিঁচিব।

সাৰ প্ৰয়োগঃ

  শেষৰবাৰ হাল বোৱাৰ সময়ত বিঘাই প্ৰতি ৬ কুইণ্টল পচন সাৰ, ৫ কিলোগ্ৰাম ইউৰিয়া আৰু ৩০ কিলোগ্ৰাম একক ছুপাৰ ফছফেট সাৰ প্ৰয়োগ কৰি ভালকৈ মাটিত মিলাই দিব। বীজখিনি ৰাইজ’বিয়াম কালছাৰেৰে শোধন কৰিলে ইউৰিয়াৰ পৰিমাণ কমাই মাত্ৰ ৩ কিলোগ্ৰাম প্ৰয়োগ কৰিলেই হ’ব।

পৰিচৰ্যাঃ

   বীজ সিঁচাৰ ২০-২৫ দিন পাছত বন-বাত নিৰাই দিলে খেতিডৰা লহপহকৈ বাঢ়ি আহিব। বিভিন্ন পোক-পৰুৱা, ৰোগ আদিৰ আক্ৰমণৰ পৰা খেতিডৰাক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে উপযুক্ত সময়ত যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰিলে আশানুৰূপ উত্পাদন পাব বুলি আশা কৰিব পাৰি।

English Summary: Pigeon peas cultivation in modern age know here step by step
Published on: 28 February 2021, 11:55 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now