Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 3 June, 2023 2:38 PM IST
Litchi farming time & its farming benefits

আম ফলৰ ৰজা আৰু লিচু হৈছে ফলৰ ৰাণী। আমৰ দৰেই ভাৰতৰ চুকে-কোনে লিচু চিনি পায় লিচুক খায়। ভাৰতবৰ্ষৰ বিহাৰত লিচুৰ উৎপাদন আটাইতকৈ বেছি হয়। অসমৰ তেজপুৰৰ লিচুৰ নাম ভাৰতৰ লগতে ভাৰতৰ বাহিৰতো বিখ্যাত। লিচু খোৱাৰ বতৰ অহাৰ সমান্তৰালভাৱে লিচুৰ ৰোৱাৰ বতৰো আহি আছে। গতিকে অসমৰ কৃষকসকললৈ লিচু খেতিৰ বিষয়ে অলপ কথা লৈ আহিছো। লিচুৰ চাহিদা বহুত, দাম আছে ততস্বত্তেও কিন্তু অসমৰ কৃষকসকলে লিচু খেতি ব্যৱসায়িকভাৱে কৰা দেখা নাযায়। দুই এজনে কৃষকে অৱশ্যে কৰে। সেয়া পৰ্যাপ্ত নহয়।

লিচু খেতিৰ বাবে পানী জমা নোহোৱা, বালিচহীয়া মাটি উপযোগী। অসমৰ মাটি আৰু জলবায়ু লিচুৰ বাবে বেছ উপকাৰী। কাৰণ অসমত শীতকালত অতিপাত ঠাণ্ড আৰু গৰমত অতিপাত গৰম নহয়। অসমত লিচু পুলি ৰোপনৰ উপযুক্ত সময় আগষ্ট মাহৰপৰা ছেপ্টেম্বৰ মাহলৈ। গতিকে আমাৰ যিসকল কৃষকে লিচুৰ খেতি কৰিম ভাবি আছে তেওঁলোকে এতিয়াৰ পৰাই সাজু হওঁক।

লগতে পঢ়ক- 

Stevia : বহি:ৰাজ্যই দখল কৰাৰ পূৰ্বে অসমীয়া কৃষকে ষ্টেভিয়াৰ খেতি কৰক

লিচু খেতিৰ লাভালাভসমূহ-

১। লিচু গছ এবাৰ ৰোৱাৰ পাছত বহুত দিনলৈ ফল দি থাকে।

২। গছত ফল লগাৰ পাছৰ পৰা সামান্য যতন ল’লেই  হল।

৩। বজাৰৰ অভাৱ নাই। লিচু গছত লাগিলেই বেপাৰীয়ে ঘৰৰ পৰাই লৈ আহিব।

৪। লিছু গছৰ লগত ফল নলগালৈকে বিভিন্নধৰণৰ খেতি কৰিব পাৰিব লিচু গছৰ লগতে।

লিচু খেতিৰ মনকৰিবলগীয়া কথাসমূহ-

১। পানী নিয়মিতভাৱে যোগান ধৰিব লাগিব।

২। পৰাপক্ষত গছৰ তলখন চাফ-চিকুণ আৰু অপতৃণ উঠিব দিব নালাগিব।

৩। বান্দৰ থকা অঞ্চলৰ কৃষকসকলে এই খেতি নকৰাই ভাল।

৫। গছৰ পুলি দাম হ’লেও  ভাল আৰু উন্নত জাতৰ পুলি ক্ৰয় কৰক।

৬। এজোপা লিচু গছত ৪-৫ বছৰৰ পাছতহে ফল লাগে গতিকে খুব সোণকালে ইয়াৰ ফল আশা নকৰিব।

বাকী আমাৰ যিসকল কৃষকে লিচু খেতি কৰিম বুলি ভাবিছে তেওঁলোকে কৃষি বিষয়াৰ লগত প্ৰথমে কথা পাতি লওঁক। তেওঁলোকৰ পৰামৰ্শ মতে আগবাঢ়ক, সাৰ-পানী যোগান ধৰক। দেখিব আপুনি ভবাতকৈ ভালধৰণে উপাৰ্জন কৰিব। লগতে কওঁ যে কৃষি বিষয়াসকলৰ পৰামৰ্শ গ্ৰহণ কৰাৰ লগতে এটা ভাল সম্পৰ্কও বজাই ৰাখক। তেতিয়া কৃষকৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে গম পাব আৰু সেইবোৰ লাভ কৰাত সহায় হ’ব।

লগতে পঢ়ক- 

Cashew nut : কাজু বাদামৰ খেতিৰে লাখ টকা উপাৰ্জন কৰক অসমৰ কৃষকে

 

English Summary: Litchi farming time & its farming benefits
Published on: 03 June 2023, 02:38 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now