1. উদ্য়ানশস্য়

Stevia : বহি:ৰাজ্যই দখল কৰাৰ পূৰ্বে অসমীয়া কৃষকে ষ্টেভিয়াৰ খেতি কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
মাৰ্চ-এপ্ৰিল মাহতে আৰম্ভ কৰক ষ্টেভিয়াৰ খেতি
মাৰ্চ-এপ্ৰিল মাহতে আৰম্ভ কৰক ষ্টেভিয়াৰ খেতি

সম্প্ৰতি অসমৰ মাটি আৰু জলবায়ুৰ বাবে অতি উপযোগী হিচাপে চিহ্নিত ষ্টেভিয়া খেতি অৰ্থাত মিঠা তুলসীৰ খেতি বিগত বৰ্ষসমূহত ডায়েবেটিচ ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি হোৱাৰ ফলত ষ্টেভিয়া (Stevia)ৰ চাহিদাও দ্ৰুতগতিত বৃদ্ধি পাইছে। এই ৰোগীসকলে আৰু ডায়েবেটিছৰ পৰা হাত হাৰিবলৈ চেনীৰ সলনি বৰ্তমান ষ্টেভিয়াক আকোঁৱালি লৈছে। ষ্টেভিয়া চেনীতকৈ প্ৰায় ২৫ৰ পৰা ৩০ গুণ মিঠা যদিও ই স্বাস্থ্য সন্মত। বৰ্তমান ষ্টেভিয়াক বিশ্বত চেনীৰ এক বিকল্প হিচাপেও ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে। গতিকে ষ্টেভিয়াৰ এখন বৃহত বজাৰ সৃষ্টি হৈছে। ষ্টেভিয়া খেতিত লাভেই লাভ। এক একৰ কৃষিভূমিত এই খেতি কৰি কৃষকসকলে প্ৰতি বছৰে কমেও ৬ লাখ টকালৈকে উপাৰ্জন কৰিব পাৰিব। খুব এটা যোগাত্মক কথা যে গৱেষণাত প্ৰমাণিত হৈছে অসমৰ মাটি আৰু জলবায়ু ষ্টেভিয়াৰ বাবে অতি উপযোগী।

Stevia farming
Stevia farming

কিন্তু দুখৰ কথা যে অসমৰ কৃষকসকল এইক্ষেত্ৰত অতি অসচেতন। এই অসচেতনতাৰ সুযোগ লৈয়ে বহি:ৰাগত কৃষকে অসমত আহি ষ্টেভিয়া খেতি কৰি ইয়াৰ ব্যৱসায়িক দিশটো নিজ হাতলৈ লৈ যাব। গতিকে বহি:ৰাগতৰ হাতৰ পৰা এইক্ষেত্ৰখন অসমীয়া কৃষকে নিজৰ হাতৰ মুঠিত ধৰি ৰাখিবলৈ এই খেতিৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰয়োজনীয়তা আছে। এই উদ্দেশ্য আগত ৰাখিয়েই বিগত দিনত কৃষি জাগৰণ অসমে ষ্টেভিয়া খেতি সন্দৰ্ভত কৃষকসকলৰ মাজত সজাগতা সৃষ্টিৰ লগতে এই খেতিৰ লাভালাভ, কৃষি পদ্ধতি আৰু ব্যৱসায়িক দিশসমূহৰ ওপৰত আলোচনা কৰি আহিছে।

লগতে পঢ়ক- 

Black Tomato : ক’লা বিলাহী খেতি কৰি লাখ লাখ টকা উপাৰ্জন কৰক

ষ্টেভিয়া খেতি
ষ্টেভিয়া খেতি

অসমত ষ্টেভিয়া খেতিৰ বাবে কাম কৰি আছাম ষ্টেভিয়া নামৰ এটা গ্ৰুপটোৱে। এই গ্ৰুপটোৰ আটাইকেইজন সদস্যই উচ্চশিক্ষিত। তেওঁলোকে দেশ-বিদেশৰ বিভিন্ন ঠাইত গৈ ষ্টেভিয়া খেতি সন্দৰ্ভত প্ৰশিক্ষণ লৈ অসমত ষ্টেভিয়া খেতিৰ এটা জোৱাৰ আনিবলৈ চেষ্টা কৰিছে। তেওঁলোকে কৃষকসকলক ষ্টেভিয়া খেতি সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে, পুলি যোগান ধৰে আৰু কৃষকসকলৰ পৰা পথাৰত উতপাদিত ষ্টেভিয়াসমূহ ক্ৰয় কৰে। আগ্ৰহী কৃষকসকলে ষ্টেভিয়া কৰিবলৈ আৰু এই খেতি সন্দৰ্ভত জানিবলৈ আছাম ষ্টেভিয়া নামৰ গ্ৰুপটোৰ লগত যোগাযোগ কৰিব পাৰে। বৰ্তমান অসমৰ বিভিন্ন ঠাইত এই খেতি কৰিবলৈ কৃষকসকল আগবাঢ়ি আছে। কিয়নো এই খেতিত আপুনি ভাবি নোৱৰাকৈ লাভান্বিত হ’ব।

Stevia farming
Stevia farming

শেষত কৃষকসকলক জনাও যে অসমৰ জৈৱিক চাহ, গ্ৰীণ টি এ বিশ্ব দৰবাৰ দখল কৰিছে। সম্প্ৰতি অসমৰ কৃষকসকলেও প্ৰণালীবদ্ধভাবে ষ্টেভিয়া খেতি আৰু ব্যৱসায়িক দিশসমূহক গুৰুত্ব দি খেতি কৰিলে অসমৰ চাহ, অসমৰ গ্ৰীণ টি, অসমৰ ৰঙাচাউলৰ দৰে ষ্টেভিয়াও বিশ্বত নিজৰ পৰিচয় মজবুট কৰিব।

লগতে পঢ়ক- 

Cocoa farming benefits: তামোলৰ মাজে মাজে চকলেট খেতি আৰম্ভ কৰক

English Summary: Bumper benefit of Stevia farming

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.