Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 18 January, 2023 5:24 PM IST
Large cardamom of Sikkim

ডাঙৰ ইলাচী এক প্ৰাচীন মচলা আৰু ঔষধি ভেষজ যি ইয়াৰ সুগন্ধিৰ বাবে বিখ্যাত। পূৱ হিমালয় অঞ্চলত উৎপন্ন হোৱা এই ইলাচী ভাৰতৰ ছিকিম, পশ্চিম বংগৰ দাৰ্জিলিং আৰু অৰুণাচল প্ৰদেশত পোৱা যায়। এই ইলাচী প্ৰথমে থলুৱা লেপচা জনজাতিৰ দ্বাৰা খেতি কৰা হৈছিল বুলি ধাৰণা কৰা হয় যিয়ে মুখ্যতঃ ঔষধি উদ্দেশ্যৰ বাবে আৰু এক সুগন্ধি মছলা হিচাপে বনাঞ্চলৰ পৰা ডাঙৰ ইলাচী সংগ্ৰহ কৰিছিল। পাছত ইয়াক ছিকিমৰ ভুটিয়া আৰু নেপালী সকলৰ চুবুৰীয়া সম্প্ৰদায় আৰু তাৰ পাছত দাৰ্জিলিং, ভূটান আৰু নেপাললৈ প্ৰেৰণ কৰা হয়।

ডাঙৰ ইলাচী হৈছে সাধাৰণতে ছাঁ পৰা ঠাইত উৎপন্ন হোৱা এক উদ্ভিদ যি সামান্য এচিডিক মাটিত হয়। হিমালয়ৰ এল্ডাৰ, পিপলি, পানীচাজ, মালিটো, আছাৰে, আৰ্গেলি, বিলাউনে আৰু খাৰানেৰ দৰে গছবোৰ হৈছে ডাঙৰ ইলাচীখেতিত ব্যৱহৃত পছন্দৰ ছাঁগছ। ছাঁ প্ৰদান কৰাৰ উপৰি এই গছবোৰ ইন্ধনকাঠ, পশুখাদ্য আৰু কাঠৰ বাবে ব্যৱহাৰ কৰা হয়। ডাঙৰ ইলাচী ৰোপণ মে’ৰ পৰা জুলাইৰ ভিতৰত হয় কিয়নো খেতিয়কসকলে বাৰিষাৰ সুবিধা ল'বলৈ পছন্দ কৰে। পৰম্পৰাগতভাৱে ডাঙৰ ইলাচী তুলি আনি ভাটাত গৰম কৰি শুকুৱাই দিয়া হয়।

ডাঙৰ ইলাচী ছিকিমৰ এক গুৰুত্বপূৰ্ণ চিৰস্থায়ী নগদ শস্য আৰু ছিকিমক ভাৰতৰ বৃহৎ ইলাচীৰ সৰ্ববৃহৎ উৎপাদক হিচাপে গণ্য কৰা হয় আৰু ই ভাৰত আৰু বিশ্ব দুয়োখন বজাৰৰ সিংহভাগত অৰিহণা যোগায়। সাধাৰণতে 'মচলাৰ ৰাণী' বুলি জনাজাত ছিকিমৰ ডাঙৰ ইলাচীক ইয়াৰ সুগন্ধি, বিশেষ সোৱাদ আৰু উৎপাদিত সামগ্ৰীৰ উৎকৃষ্ট মানদণ্ডৰ বাবে ২০১৪-১৫ বৰ্ষত ভৌগোলিক ইণ্ডিকেচন টেগ (জিআই) প্ৰদান কৰা হৈছিল।

ইউনানী আৰু আয়ুৰ্বেদত ডিঙিৰ বিষ, হাঁওফাঁওৰ অসুখ, পাচন বিকাৰ আৰু পালমোনাৰী যক্ষ্মাৰোগৰ বাবে ইলাচী ব্যৱহাৰ হয়। সুগন্ধি আৰু ঔষধি প্ৰস্তুত কৰাৰ বাবে, বিভিন্ন খাদ্য প্ৰস্তুতিৰ বাবে, মিঠাই বনাওতে, আৰু অন্যান্য খাদ্যত ফ্লেভাৰিং এজেণ্ট হিচাপে ডাঙৰ ইলাচী ব্যৱহাৰ কৰা হয়।

ৰেমচে, গলচি, ভাৰ্লেনি আৰু চাওনি হৈছে অঞ্চলটোত পোৱা ডাঙৰ ইলাচীৰ কিছুমান প্ৰকাৰ। পশ্চিম ছিকিমত উৎপন্ন হোৱা চেৰেমনা নামৰ এবিধ ডাঙৰ ইলাচী শেহতীয়াকৈ ইয়াৰ ডাঙৰ আকাৰৰ বাবে প্ৰিমিয়াম মূল্য লাভ কৰাৰ বাবে চৰ্চালৈ আহিছে।

ছিকিম পৰম্পৰাগত জৈৱিক কৃষি পদ্ধতিৰ এক উদাহৰণ হৈ পৰিছে আৰু ইয়াত উৎপাদিত ইলাচীৰ অপৰিসীম ৰপ্তানিৰ সম্ভাৱনা আছে যাক অধিক অন্বেষণ কৰাৰ প্ৰয়োজন আছে। যিহেতু বৃহৎ ইলাচীৰ খেতিয়ে উৎপাদক আৰু সহায়কসকলক নিযুক্তি আৰু যথেষ্ট উপাৰ্জন প্ৰদান কৰি অৰ্থনীতিত গুৰুত্বপূৰ্ণ অৰিহণা যোগায়, ই প্ৰশ্ন উত্থাপন কৰে যে এই নগদ শস্যৰ পৰা কি কি মূল্য যুক্ত সামগ্ৰী উৎপাদন কৰিব পাৰি।

লগতে পঢ়কঃ Dalle Khursani: আপুনি জানেনে? ম’ম’ চাটনিত দিয়া ৰঙা জলকীয়াটো উত্তৰ পূবৰ জৈৱিক সম্পদ!

(জৈৱিক কৃষিৰ সৈতে জড়িতসকলৰ বাবে সু-খবৰ। জৈৱিক কৃষিৰ সৰ্ব বৃহৎ বাণিজ্য মেলা অনুষ্ঠিত হ’ব গুৱাহাটীত। ছিকিম ষ্টেট কো-অপাৰেটিভ ছাপ্লাই এণ্ড মাৰ্কেটিং ফেডাৰেচন লিমিটেড (Sikkim State Cooperative Supply and Marketing Federation Ltd.) চমুকৈ ছিমফেড(SIMFED)এ অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত এই মেলাৰ আয়োজন কৰিছে। ৩ ফেব্ৰুৱাৰীৰপৰা ৫ ফেব্ৰুৱাৰীলৈ আয়োজন কৰা এই বাণিজ্য মেলাত নলেজ পাৰ্টনাৰৰ ভূমিকা গ্ৰহণ কৰিব চিমফেডে।  জৈৱিক ফচলৰ খেতি কৰা কৃষক বা উৎপাদকৰ সৈতে উপভোক্তাৰ সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই মেলাৰ। এই বিষয়ে অধিক জানিবলৈ এই লিংকত ক্লিক কৰক- https://asomiya.krishijagran.com/news/indias-biggest-expo-on-organic-to-be-held-in-guwahati/

যদিহে আপুনি এই মেলাত যোগদান কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক এই নম্বৰত- ৯৮৯১২২৩৩৪০)

English Summary: Large Cardamom of Sikkim
Published on: 18 January 2023, 05:19 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now