1. News

গুৱাহাটীত অনুষ্ঠিত হ’ব দেশৰ জৈৱিক সামগ্ৰীৰ সৰ্ববৃহৎ বাণিজ্য মেলা

KJ Staff
KJ Staff
Expo One International Trade Fair for Organic
Expo One International Trade Fair for Organic

জৈৱিক কৃষিৰ সৈতে জড়িতসকলৰ বাবে সু-খবৰ। জৈৱিক কৃষিৰ সৰ্ব বৃহৎ বাণিজ্য মেলা অনুষ্ঠিত হ’ব গুৱাহাটীত। ছিকিম ষ্টেট কো-অপাৰেটিভ ছাপ্লাই এণ্ড মাৰ্কেটিং ফেডাৰেচন লিমিটেড (Sikkim State Cooperative Supply and Marketing Federation Ltd.) চমুকৈ ছিমফেড(SIMFED)এ অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত এই মেলাৰ আয়োজন কৰিছে। ৩ ফেব্ৰুৱাৰীৰপৰা ৫ ফেব্ৰুৱাৰীলৈ আয়োজন কৰা এই বাণিজ্য মেলাত নলেজ পাৰ্টনাৰৰ ভূমিকা গ্ৰহণ কৰিব চিমফেডে।

ইয়াত মিডিয়া সহযোগী হিচাপে জড়িত হৈছে কৃষি জাগৰণ। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এই অৰ্গেনিক নৰ্থইষ্ট ইণ্টাৰনেচনেল ট্ৰেড ফেয়াৰ অনুষ্ঠিত হ’ব। জৈৱিক ফচলৰ খেতি কৰা কৃষক বা উৎপাদকৰ সৈতে উপভোক্তাৰ সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে এই মেলাৰ আয়োজন কৰা হৈছে। বিশ্বজুৰি জৈৱিক সামগ্ৰীৰ প্ৰচাৰৰ বাবে জৈৱিক কৃষিৰ ভেল্যু চেইনৰ বিকাশক উদগণি দিবলৈ আয়োজন কৰা এই এক্সপ’ৰ সম্পূৰ্ণ নাম- Expo One International Trade Fair for Organic.

ইয়াত আগশাৰীৰ কোম্পানীসমূহৰ পেভিলিয়ন থাকিব আৰু লগতে প্ৰাকৃতিক, জৈৱিক আৰু ৰপ্তানি, কৃষি ব্যৱসায়, বি টু বি সভা, বি টু চি ইভেণ্ট, আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰেতা প্ৰতিনিধিৰ দল, আন্তঃৰাষ্ট্ৰীয় সন্মিলন, কৃষক কৰ্মশালা আৰু চৰকাৰী বিভাগৰ পেভিলিয়নৰ উচ্চমানৰ প্ৰদৰ্শনী থাকিব।

প্ৰদৰ্শনীত জৈৱিক আৰু প্ৰাকৃতিক সামগ্ৰীৰ ব্ৰেণ্ডৰ ১৬০টাতকৈও অধিক বুথে বিভিন্ন ধৰণৰ খাদ্য আৰু জৈৱিক সামগ্ৰী প্ৰদৰ্শন কৰিব। প্ৰদৰ্শকসকলৰ ভিতৰত আছে ৰপ্তানিকাৰী, খুচুৰা বিক্ৰেতা, কৃষক গোট, জৈৱিক ইনপুট কোম্পানী, চৰকাৰী সংস্থা আদি।

মেলাৰ এক অবিচ্ছেদ্য অংশ,  ক্ৰেতা-বিক্ৰেতাৰ সমন্বয়ে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰেতাসকলক (ৰপ্তানিকাৰক, পাইকাৰী বিক্ৰেতা আৰু খুচুৰা বিক্ৰেতাসকলকে ধৰি) যোগানকাৰীৰ সৈতে সাক্ষাৎ কৰিবলৈ আৰু কৃষক গোট, এফ পি অ’ আদিক প্ৰকৃত ব্যৱসায়ৰ লেনদেন কৰিবলৈ সুযোগ প্ৰদান কৰিব।

২ দিনৰ বাবে এখন জ্ঞান বিনিময় সন্মিলন ইয়াত আয়োজন কৰা হ’ব আৰু ৰাজ্য তথা দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকৰ বাবে বিশেষ কৰ্মশালাও অনুষ্ঠিত হ’ব এই এক্সপ’ত। ইয়াৰ বিভিন্ন অধিবেশনসমূহ অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাত অনুষ্ঠিত হ'ব। জৈৱিক উৎপাদন আৰু ভেল্যু চেইনৰ বিশেযজ্ঞসকলে এই অধিবেশনসমূহ সম্বোধন কৰিব। জৈৱিক উৎপাদন, বজাৰৰ ধাৰা, চাহিদা, জৈৱিক প্ৰমাণীকৰণ প্ৰক্ৰিয়া, ৰপ্তানি আদিৰ বিষয়ে বুজি পোৱাৰ ক্ষেত্ৰত অংশগ্ৰহণকাৰীসকল লাভৱান হ’ব বুলি আশা কৰা হৈছে।

লগতে পঢ়কঃ অসমীয়া মহিলাই উৎপাদন কৰা ধূপকাঠি আৰু চাবোন উদ্যোগ পৰিদৰ্শন আমেৰিকান সংস্থাৰ

English Summary: India's biggest expo on organic to be held in Guwahati

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.