1. এগ্ৰিপেডিয়া

এবিধ অদ্ভূত ফলঃ নিমিষতে নোহোৱা কৰে খং, শত্ৰুও হৈ পৰে মিত্ৰ!

KJ Staff
KJ Staff
Khasi Mandarin
Khasi Mandarin

খাচী মাণ্ডাৰিন হৈছে কমলাৰ এক অতুলনীয় প্ৰকাৰ। খাচী মাণ্ডাৰিন (চাইট্ৰাছ ৰেটিকুলাটা)ৰ খেতি প্ৰধানতঃ মেঘালয় ৰাজ্যত কৰা হয়। মাণ্ডাৰিনৰ আকৃতি টেনিছ বলতকৈ কিছু ডাঙৰ। ফলবোৰৰ ৰং উজ্জ্বল কমলা আৰু ভিতৰৰ ফালে এটা মিঠা সুগন্ধি ৰস থাকে। ফলবোৰ পৰম্পৰাগতভাৱে নৱেম্বৰ আৰু ফেব্ৰুৱাৰীৰ ভিতৰত চপোৱা হয় আৰু গাওঁবাসীয়ে মাণ্ডাৰিন সংগ্ৰহৰ বাবে এটা বোৱা বাঁহৰ সঁজুলি ব্যৱহাৰ কৰে, যাৰ দ্বাৰা তেওঁলোকে কোনো ক্ষতি নোহোৱাকৈ লাহেকৈ ফলটো ছিঙি আনিব পাৰে।

আমোদজনকভাৱে, এক স্থানীয় বিশ্বাস অনুসৰি খাচী মাণ্ডাৰিনৰ এক আচৰিত ক্ষমতা আছে। এই ফল খালে হেনো খং নিমিষতে নোহোৱা হয়। খঙাল লোকসকলক শান্ত কৰাৰ ক্ষমতাৰ বাবে ই খাচী সমাজত জনাজাত। সেয়েহে ইয়াক প্ৰায়ে পুৰণি শত্ৰুতা শেষ কৰাৰ বাবে শত্ৰুক উপহাৰ হিচাপে দিয়া হয়।

খাচী মাণ্ডাৰিনত বহুতো স্বাস্থ্য উপযোগী জৈৱসক্ৰিয় যৌগৰ থাকে। চীন, ভিয়েটনাম, মালয়েছিয়া আৰু ইকুৱেডৰত তথা আয়ুৰ্বেদ আৰু পৰম্পৰাগত চিকিতসা পদ্ধতিৰ ঔষধত বহু ৰোগৰ চিকিৎসাৰ বাবে খাচী মাণ্ডাৰিন ব্যৱহাৰ কৰা হয়।

খাচী কমলাৰ খেতিৰ বাবে মাটি নিৰ্বাচন:

খাচী কমলাৰ বাবে প্ৰধানকৈ দ, ঢিলা, বতাহযুক্ত মাটি উপযোগী। কিন্তু টান মাটি একেবাৰে উপযোগী নহয়। খাচী কমলা সেমেকা অৱস্থাৰ বাবে অতি স্পর্শকাতৰ।

খাচী কমলাৰ বৃদ্ধি:

১) গুটি বা বীজ ২) গজালি

গুটি বা বীজ : খাচী কমলাৰ গুটিবোৰ প্রধানতঃ পোলিমব্রাওনিক। প্রথম অৱস্থাতে গুটিবোৰে গছডালৰ মাকৰ দৰে ৰূপ লয় আৰু এইটোৱে পাচলি সম্বন্ধীয় চৰিত্ৰবোৰ আহৰণ কৰে। গুটিবোৰ দুই ধৰণে দেখা যায়- প্রাথমিক কাল আৰু দ্বিতীয় শ্রেণীৰ কাল।

 ক) প্রাথমিক কাল- প্রাথমিক কালৰ বাবে খাচী কমলাই ওখ মাটি নির্বাচন কৰে য'ত উপযুক্ত নলী- নাদ ব্যৱস্থা থাকে। গুটি সিঁচিবলৈ ২০-৩০ ছেঃ মিঃ x ১ মিঃ x ৫ মিঃ পৰিমাণৰ মাটিত গৰুৰ গোৱৰ, মাটি আৰু বালি ১ : ১ : ১ পৰিমাণত মিহলি কৰি ল'ব লাগে। বীজটো সদায় সতেজ লগতে উন্নত জাতৰ হ'ব লাগে। বীজটো ২০-৩০ বছৰ পুৰণা গছৰ পৰা ল'ব লাগে। সতেজ বীজটো বাচি লৈ পানীত ৰুব লাগে। তাৰ পাছত ছাঁত শুকুৱাব লাগে। ২.৫ ছেঃমিঃ শাৰীৰ ব্যৱধানত বীজবিলাক মাটি খুঁচৰি ৰুব পাৰি। যদি গাঁত কৰি ৰোৱা হয়, শাৰীবোৰৰ ব্যৱধান ১.৫ ছেঃমিঃ হ'ব লাগে আৰু গাঁতটোৰ জোখ ১.৫ ছেঃমিঃ- ১.২৫ ছেঃমিঃ হ'ব লাগে। বীজটো ৰোৱাৰ পাছত নির্দিষ্ট ব্যৱধানত উপযুক্ত পৰিমাণৰ পানী দিব লাগে।

খ) দ্বিতীয় শ্রেণীৰ কাল- যেতিয়া বীজবিলাকৰ গজালি মেলি ৪-৬ টা মান পাত ওলাব তেতিয়া পুলিটো সাৱধানে উভালি আনি বেলেগ ঠাইত ৰুব লাগে। পুলিবিলাকৰ ব্যৱধান শাৰী বিলাকৰ মাজত ৩০ ছেঃমিঃ হ'ব লাগে। বিভিন্ন ধৰণৰ পোক আৰু ৰেমাৰে যাতে আক্রমণ কৰিব নোৱাৰে তাৰ ওপৰত মনোযোগ ৰাখিব লাগে। পুলি বিলাকৰ তিনি বছৰ হ’লে পুনৰ আন ঠাইত ৰুব লাগে।

(খাচী মাণ্ডাৰিন খেতিৰ পৰৱৰ্তী পদক্ষেপসমূহ জানিবৰ বাবে এই পৃষ্ঠাটো চাই থাকিব)

লগতে পঢ়কঃ পথাৰৰপৰা পাকঘৰলৈ সুস্বাদু বৰা চাউলঃ ইতিহাস, খেতি আৰু ব্যঞ্জন

English Summary: cultivation of khasi mandarin fruit

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.