Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 11 June, 2023 3:28 PM IST
Orange Farming system & its benefit

টেঙা ফলৰ ভিতৰত আন এবিধ উৎকৃষ্ট ফল হৈছে সুমথিৰা টেঙা। এই কমলাৰ এটি অতি লাভজনক খেতি । বৈজ্ঞানিক ভিত্তিত সুমথিৰা টেঙাৰ খেতি কৰি আন খেতিত কৈ যথেষ্ট লাভ আশা কৰিব পাৰি । উত্তৰ-পূৱ অঞ্চলৰ ঘাইকৈ অসম, মেঘালয় ৰাজ্যত সুমথিৰা টেঙাৰ খেতি কৰা হয় । কমলা ৰোপনৰ সময় জুন আৰু জুলাই মাহ। কমলা খেতি কৰাৰ সময় আহি আছে। গতিকে কমলা খেতিৰ বিষয়ে কেইটামান তথ্য কৃষকসকলক দিয়াৰ উদ্দেশ্য এই লেখাটো প্ৰস্তুত কৰিলো।

মাটি:

অধিক জৈৱসাৰ থকা, পানী জমা নোহোৱা ওখ, বালিহীয়া মাটি এই খেতিৰ বাবে আৱশ্যক। বাগিছা খনত জলসিঞ্চনৰ তথা নিষ্কাষনৰ সুব্যৱস্থা থাকিব লাগে।

জাত: উৎকৃষ্ট জাত হৈছে- থলুৱা সুমথিৰা টেঙা।

ৰোপন সামগ্রী:

সুমথিৰা টেঙা সাধাৰণতে বীজ আৰু কলি কলমৰ দ্বাৰা বংশ বিস্তাৰ কৰা হয় ।

মাটি প্রস্তুতকৰন আৰু পুলি ৰোপন:

সুমথিৰা টেঙাৰ বাবে বাচনি কৰা মাটিডোখৰ দুই-তিনি বাৰ হাল-কোৰ মাৰি, মৈয়াই সমান কৰি ৫ মিটাৰ (১৫ ফুট) ব্যৱধানত শাৰী শাৰীকৈ বর্গক্ষেত্র পদ্ধতিত একোটাকৈ গাত খান্দিব লাগে। পুলি ৰোৱাৰ দুইমাহৰ আগতে গাত খান্দিব পাৰিলে ভাল । প্ৰতিটো গাত ৭৫ ছে: মি: দীঘল, ৭৫ ছে:মি: বহল আৰু ৭৫ ছে: মি: দ' হ'ব লাগে। গাঁতৰ ওপৰত আধা অংশৰ মাটি এফালে আৰু তলৰ আধা অংশৰ মাটি আনফালে থব লাগে । গাতবোৰ ওপৰৰ আধা অংশৰ মাটিৰ লগত ১০ কি: গ্রাম গােবৰ বা পচন সাৰ, ১/২ কি: গ্রাম চুন দুই মাহৰ পিছত ভালকৈ মিহলাই লৈ পুনৰ ১ মাহ মান ৰাখি থব লাগে । বীজৰ পৰা গজোৱা পুলি যেতিয়া এক-ডেৰ বছৰ বয়স হ'ব আৰু কলি কলমৰ দ্বাৰা তৈয়াৰ কৰা পুলি যেতিয়া দুই-আঢ়ৈ বছৰ বয়স হব তেতিয়া পুলিবোৰ বাৰিষা কালত (মে মাহৰ পৰা আগষ্টলৈকে) প্ৰতিটো গাঁতত ৰুৱ লাগে। ৰোৱতে গাঁতৰ মাজত প্রয়োজন সাপেক্ষে অকনমান মাটি গৰকি মাটিবােৰ হেচি দিব লাগে। পুলি ৰোৱাৰ পিছত পানী দিলে পুলিবোৰ মাটিত শীঘ্ৰে প্রতিস্থাপিত হয়।

লগতে পঢ়ক- 

Litchi farming : ভালদৰে কৰিলে এজোপা লিচুত ৬০-৭০ কেজি পৰ্যন্ত লাগে

 

Orange Farming

প্রতিপালন :

পুলি ৰোৱাৰ পিছত প্রতিপালন হিচাবে বনবাত নিৰনি, শুকান বতৰ হলে পানী যোগানৰ লগতে অপতৃন নিবাৰনৰ প্রতি দৃষ্টি ৰাখিব লাগে । বৰষুণৰ বতৰত পানী জমা নহবৰ কাৰণে পানী ওলাই যাবৰ বাবে নলা আদিৰ ব্যৱস্থা কৰিব লাগে। ৰোৱাৰ এবছৰ ডেৰবছৰ পিচৰে পৰা মূল কাণ্ডত ওলাৱা পাখো ডালবোৰ কাটি গছজোপা এনেকৈ ৰাখিব লাগে যাতে মাটিৰ পৰা ১ মিটাৰ ওপৰলৈকে গছজোপাৰ মূল কাণ্ড ডালহে থাকে। মাজে মাজে বেমাৰী আৰু পোকে আক্রমন কৰা, বতাহ বা অন্য কাৰণত ভগ আৰু বীজতৰীয়া ডালবোৰ কাটি, কটা অংশত বৰডো মলম নাইবা অন্য ভেকুৰ নাশক ঔষধৰ মিশ্রণ সানি দিব লাগে।নিয়মীয়াকৈ কীট-পতংগ আৰু বেমাৰ নিয়ন্ত্রন কৰি থাকিব লাগে।

সাৰ প্ৰয়োগ :

সুমথিৰা টেঙা গছত সাৰ গছৰ বয়স অনুপাতে প্রয়োগ কৰা হয় । প্রথম বছৰ গাতত অল্প পৰিমানৰ (৫ কি: গ্রা:) পচন সাৰ মাটিৰ লগত মিহলাই পুলিটো ৰুৱ লাগে ।

  1. দুই বছৰ পাছত পচন সাৰ ৫ কিঃগ্রা, ইউৰীয়া ৩৩০গ্রাঃ, একক চুপাৰ ফচফেট ৭৫০ (গ্রা:) আৰু মিউৰেট অৱ পটাছ ১৬৭(গ্রা:) প্রয়োগ কৰিব লাগে।
  2. তিনি বছৰ পাছত পচন সাৰ ১০ কিঃগ্রা, ইউৰীয়া ৬৬০গ্রাঃ, একক চুপাৰ ফচফেট ১৫০০ (গ্রা:) আৰু মিউৰেট অৱ পটাছ ৩৩৪(গ্রা:) প্রয়োগ কৰিব লাগে।
  3. চাৰি বছৰ পাছত পচন সাৰ ১৫ কিঃগ্রা, ইউৰীয়া ৯৯০গ্রাঃ, একক চুপাৰ ফচফেট ২২৫০ (গ্রা:) আৰু মিউৰেট অৱ পটাছ ৫০০(গ্রা:) প্রয়োগ কৰিব লাগে।
  4. পাঁচ বছৰ পাছত পচন সাৰ ২০ কিঃগ্রা, ইউৰীয়া ১৩২০গ্রাঃ, একক চুপাৰ ফচফেট ৩০০০ (গ্রা:) আৰু মিউৰেট অৱ পটাছ ৬৬৮(গ্রা:) প্রয়োগ কৰিব লাগে।
  5. ছয় বছৰ বা তাতকৈ বেছি হলে পচন সাৰ ২৫ কিঃগ্রা, ইউৰীয়া ১৬৫০গ্রাঃ, একক চুপাৰফচফেট ৩৭৫০ (গ্রা:) আৰু মিউৰেট অৱ পটাছ ৮৩৫(গ্রা:) প্রয়োগ কৰিব লাগে।

সাৰখিনি সমানে দুভাগ কৰি এভাগ ফেব্ৰুৱাৰী - মার্চ মাহত আৰু আনটো ভাগ ছেপ্তেম্বৰ - অক্টোবৰ মাহত প্রয়োগ কৰিব লাগে। গছজোপাৰ বয়স অনুযায়ী গুৰিৰ পৰা ১৫-৪৫ ছে: মি: আতৰত গছে আবৰি থকা গোটেই ঠাইখিনিত দিবলগীয়া সাৰখিনি সমান ভাৱে পৰাকৈ চটিয়াই পিচত পাতলীয়াকৈ কোৰ মাৰি মাটিৰ লগত মিহলাই দিব লাগে । লক্ষ্য কৰিব লাগে যে সাৰ প্ৰয়োগ কৰিবৰ সময়ত মাটিখিনিত বন-বাত নাথাকে আৰু মাটিত জীপ থাকে।

সংমিশ্রণ শস্য:

সাধাৰণতে পুলি ৰোৱাৰ ৭ বছৰ বয়সৰ পৰা গছত ফল লাগিবলৈ ধৰে । এই সময়ছোৱাত গছৰ মাজত খালি থকা ঠাইখিনিত অন্তর্বর্তী শস্য হিচাবে হ্রস্বকালীন শস্য যেনে মাহজাতীয় শস্য, অমিতা, মাটিকঠাল আদিৰ খেতি কৰি কিছু উপাৰ্জন কৰিব পাৰি। এতিয়া কিছুমান ক্ষুদ্ৰ চাহ খেতিয়কে সুমথিৰা টেঙা বাৰীত চাহ খেতি কৰি যথেষ্ট উপকৃত হৈছে। চাহ আৰু সুমথিৰা টেঙাৰ অন্ত আৰু সংমিশ্রিত খেতিত খেতিয়ক এজনে চাহ খেতিৰ পৰা মার্চ মাহৰ পৰা নৱেম্বৰ মাহলৈ আৰু সুমথিৰা টেঙাৰ পৰা নৱেম্বৰ মাহৰ পৰা জানুৱাৰী মাহলৈ উপার্জন পায়, যিটো আন কোনাে খেতিৰ বাবে সম্ভৱ নহয়।

ফল চপোৱা

সাধাৰণতে ফলবোৰ বৰণ ধৰাৰ লগে লগে ছিঙিব লাগে। ফল চপোৱাৰ সময়ত যাতে কোনো আঘাত নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। বর্তমান সময়ত বজাৰত সুমথিৰা টেঙাৰ চাহিদালৈ চাই খেতিয়ক সকলে | বৈজ্ঞানিক পদ্বতিত খেতি কৰি আর্থিক ভাবে লাভান্বিত হ'ব পাৰে।

লগতে পঢ়ক- 

Cocoa farming benefits: তামোলৰ মাজে মাজে চকলেট খেতি আৰম্ভ কৰক

English Summary: Improve Orange Farming System & its benefit
Published on: 11 June 2023, 03:27 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now