1. উদ্য়ানশস্য়

Cocoa farming benefits: তামোলৰ মাজে মাজে চকলেট খেতি আৰম্ভ কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Cocoa farming methods & benefits
Cocoa farming methods & benefits

সম্প্ৰতি অসমত জনপ্ৰিয় হৈ উঠা এবিধ নতুন আৰু লাজনক খেতি হ’ল চকলেট খেতি। কিন্তু বৰ্তমানেও এই খেতি দুই-এজন কৃষকৰ মাজতে সীমাবদ্ধ হৈ আছে। অসমৰ গাঁৱে-ভূঁঞে এই খেতিৰ যথেষ্ট সম্ভাৱনা আছে। কাৰণ অসমৰ গ্ৰামাঞ্চলৰ প্ৰত্যেক মানুহৰ বাৰীত তামোলৰ বাৰী থাকে, এই তামোলৰ বাৰীসমূহত কৃষকসকলে মিশ্ৰিত পদ্ধতিৰে চকলেটৰ খেতি কৰিব পাৰে। তামোলৰ বাৰীখনকেই সাৰথি কৰি অসমৰ বহুকেইজন কৃষকে আৰম্ভ কৰিছে চকলেটৰ খেতি। তামোলৰ লগত চকলেটৰ খেতিৰ খেতি কৰাৰ মূলতে হৈছে চকলেট গছক ৪০-৫০ শতাংশ ছাঁৰ প্ৰয়োজন হয়। সেই ছাঁ তামোল গছে যোগান ধৰে।

অসমত চকলেট খেতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে বিশেষ ভূমিকা লৈছে নৰ্থ-ইষ্ট অৰ্গেনিক চমুকৈ NEO নামৰ এটা বেচৰকাৰী সংস্থাই। উত্তৰ-পূবত জৈৱিক খেতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে দীৰ্ঘদিনে কাম কৰি আহিছে এই সংগঠনটোৱে। সংগঠনটোৱে কৃষকসকলক চকলেট গছৰ পুলি যোগান ধৰাৰ লগতে এই ক’ক’ৰ কৃষি পদ্ধতি সন্দৰ্ভতো কৃষক প্ৰশিক্ষণ দিয়ে আৰু চকলেটৰ ফলসমূহ কৃষকসকলৰ পৰা ক্ৰয় কৰে। সম্প্ৰতি অসমৰ জৈৱিক কৃষিখণ্ডলৈ এক পৰিৱৰ্তন আনিছে সংগঠনটোৱে।

লগতে পঢ়ক-

New Variety Betel nut : পুলি পাবৰ বাবে উল্লেখিত নম্বৰত যোগাযোগ কৰক

সোণাপুৰৰ ডিমৰীয়া অঞ্চলত প্ৰায় ৯০০ যুৱকে ২৫০ বিঘা মাটি জৈৱিকভাৱে কৰিছে ক’ক’ৰ অৰ্থাত চকলেট গছৰ খেতি। তামোল গছৰ মাজে মাজে মিশ্ৰিত পদ্ধতিৰে এই উদীয়মান যুৱ কৃষকসকলে কৰিছে চকলেটৰ খেতি। সম্প্ৰতি প্ৰতিজোপা ক’ক’ৰ গছতে লমালমে লাগিছে সুমিষ্ট ফচল। পৰৱৰ্তী সময়ত ২০০০ বিঘা মাটিত এই খেতি কৰি সোণাপুৰৰ ডিমৰীয়াক চকলেট ভিলেজ কৰি পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা পৰিকল্পনা NEO আৰু অঞ্চলটোৰ যুৱ কৃষকসকলৰ।

চকলেট অৰ্থা ক’ক’ খেতিৰ বিশেষত্বসমূহ :

১। তামুল-নাৰিকলৰ গছৰ মাজে মাজে এই খেতি কৰা হয় কাৰণ এই গছে বেছি সূৰ্যৰ তাপ সহ্য কৰিব নোৱাৰে।

২। ৰোৱাৰ তিনি বছৰৰ পাছতে গছবোৰত ফল লাগে।

৩। এই খেতিত বহুত লালন-পালনৰ প্ৰয়োজন নাই। ৰোৱাৰ সময়ত গোৱৰ দিব লাগে পৰৱৰ্তী মাজে গোৱৰ দিব লাগে।

৪। বছৰৰ ১০ মাহেই গছজোপাই আপোনাক ফল দি থাকিব।

৫। এবছৰত ৮০-৯০ টা ফল দিয়ে এজোপা গছে। ২-৩ টাতে এক কেজি হয়। ১ কেজিৰ দাম ৫০ টকা।

৬। এবাৰ ৰুলে ৪০-৫০ বছৰলৈ গছজোপাই ফল দি থাকিব।

এই খেতিৰ বাবে আগ্ৰহী কৃষকসকলে North-East Organic -NEO নামৰ ফেচবুক পেজটোত গৈ ফোন নম্বৰ সংগ্ৰহ কৰি চকলেট খেতিৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰিব পাৰিব।

লগতে পঢ়ক- 

অসমৰ এই থলুৱা ফলবিধৰ নাম জানেনে? ৯০% লোকেই দিব পৰা নাই শুদ্ধ উত্তৰ

English Summary: Cocoa farming methods & benefits

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.