Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 1 June, 2022 5:38 PM IST
Lemon Farming

নেমু হৈছে অসমীয়া খাদ্যাভ্যাসৰ অত্যাৱশ্যকীয় উপাদান। ইয়াক অসমীয়াত নেমু টেঙা বুলিও কোৱা হয়। নেমুৰ বৈজ্ঞানিক নাম হৈছে ছাইট্ৰাছ লাইমন।  ই এবিধ টেঙা জাতীয় ফল। নেমুৰ বিশেষ গোন্ধ আৰু স্বচ্ছকাৰক গুণৰ বাবে সমগ্ৰ বিশ্বতে ই জনাজাত। চিৰসেউজ গুল্মজাতীয় উদ্ভিদ নেমু মূলত দক্ষিণ এছিয়াৰ ঘাইকৈ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ স্থানীয় উদ্ভিদ। নেমুৰ ৰসত ৫% ৰ পৰা ৬% লৈ ২.২ পিএইচৰ চাইট্ৰিক এচিড পোৱা যায়।

অসমৰ নেমু ৰোপণ পদ্ধতি

০.৫ মিঃ থ ০.৫ মিঃ আহল-বহুল গাত কৰি মাজত প্রায় ০.৩ মিঃ খ ০.৩ মিঃ ঠাই ৰাখি মৌচুমী অহাৰ আগত অসমৰ নেমু ৰোপণ কৰিব লাগে। ৰোপণ কৰি কৰি সাৰ আৰু মাটি (১:১ পৰিমাণত) গুৰিত দিব লাগে। অসমৰ নেমু মে-আগষ্ট মাহৰ ভিতৰত ৰুব লাগে।

ৰাসায়নিক সাৰবিলাক নেমু গছৰ গুৰিৰ পৰা প্ৰায় ৫-৪৫ ছেঃমিঃ দূৰত্বত চটিয়াব লাগে। সাৰবিলাক মাটিৰ তলত গাত কৰিওঁ প্ৰয়োগ কৰিব পাৰি। নেমু গছডাল ঠন ধৰি উঠাৰ পিছত পোলিমাক্স (Polymax) প্রতি লিটাত ২ মিঃ লিঃ কৈ স্প্রে কৰিব লাগে। ঘাহঁ-বনবিলাক প্রতি মাহৰ অন্তৰে অন্তৰে নিকাব লাগে। পেডি স্ট্র বা কলা পলিথিন ব্যৱহাৰ কৰিও ঘাঁহ-বনবিলাক নিকাব পাৰি।

নেমু কলম পদ্ধতি আৰু শিকন 

প্রথমিক অৱস্থাত নেমুৰ কলম পদ্ধতি তিনিধৰণে কৰিব পাৰি। যেনে-ডালৰ পৰা পত্ৰ-মুকুলৰ পৰা আৰু গছতে ডাল ধৰা। এই পদ্ধৰি দ্বাৰা নেমু ৰোপণ কৰি মাটিৰ পৰা প্ৰায় ৫০-৬০ ছেঃমিঃ ওপৰত থকা প্রধান ডালটোৰ বাহিৰে ৰাকি ডাল বিলাক কাটি দিব লাগে। নেমুগছৰ পূৰঠ ডাল এফলীয়া জোঙাকৈ কাটি ৰুব লাগে।

মাটি আৰু জলবায়ু 

নেমু খেতিৰ বাবে মাটি ৩ মিটাৰ গভীৰতালৈকে পলসুৱা বা বালিচহীয়া হোৱা ভাল। নেমু সেমেকা আৰু নাতিশীতোষ্ণ জলবায়ু উপযোগী।

পুলিৰ প্ৰস্তুতকৰণ:

অসমৰ নেমুৰ খেতিৰ বাবে কেনেকৈ পুলি প্রস্তুত কৰা হয় তলত এক আভাস দিয়া হল –

ডালৰ পৰা:

পুৰঠ ডাল কাটি নেমু খেতিৰ বাবে পুলি প্রস্তুত কৰিব পাৰি। পেঞ্চিলৰ সমান শকত ডাল ১৮-২০ চেণ্টিমিটাৰ জোখত পুলিৰ বাবে কাটি ল'ব লাগে। ওপৰ অংশটো গাঁঠিৰ পৰা ১ চেণ্টিমিটাৰ ওপৰত হ'ব লাগে। তলৰ অংশটো গাঁঠিৰ ঠিক তলতে এফলীয়াকৈ জোঙাকৈ কাটি ল'ব লাগে। এনেদৰে কাটি লোৱা ডালবোৰে বর্গাকাৰে ৩০ চেন্টিমিটাৰ আঁতৰে আঁতৰে হেলনীয়া মাটিত ৰুব লাগে। নেমুৰ ডাল পচাবৰ বাবে প্রস্তুত কৰা মাটিডৰাত সমান অনুপাতত মাটি, গোৱৰ আৰু বালি মিহলি কৰি ল'ব লাগে।

পত্র-মুকুলৰ পৰা

নেমু টেঙাৰ পুলি পত্র মুকুল কাটি কৰিও প্রস্তুত কৰিব পাৰি।কাটিং কৰিবলৈ বিচৰা কুঁহি বা মুকুল ভালদৰে ওলোৱা আৰু সজাল হ'ব লাগে। কাটিঙত এখন পাতৰ সৈতে গা-গছৰ ৩ চেণ্টিমিটাৰ এৰুৱাই আনিব লাগে। গছতে ডাল ধৰা ? সাধাৰণতে নিৰোগী ডাল বাছি ল'ব লাগে আৰু তেনে ডালৰ আগৰটোৰ পৰা ১৫ চেণ্টিমিটাৰ বা তাততৈ তলত ৩ চেণ্টিমিটাৰ জোখৰ চৌদিশৰ ছাল এৰুৱাই পেলাব লাগে। উক্ত অংশটো সমান সমান অনুপাতত মিহলোৱা গোৱৰ, বালি আৰু মাটিৰ মিশ্ৰণেৰে প্রলেপ দিব লাগে। ইয়াৰ পাছত ডালৰ পৰা মিশ্রণখিনি এৰাই যাব নোৱাৰাকৈ পলিথিনেৰে সাৱধানে মেৰিয়াই ঢাকি দিব লাগে। পলিথিনত দুয়োটা মূৰ টানকৈ বান্ধি দিব লাগে।

ৰোপণ

নেমু পুলি ৰোৱাৰ বাবে বাৰিষাৰ আগে আগে ০.৫ মি. x ০.৫ মি. x ০.৫ মিৰ জোখত গাঁত খান্দি ল'ব লাগে। উক্ত গাঁতবোৰ মাটি আৰু এফ ৱাই এম সমান অনুপাতত মিহলোৱা মিশ্রণেৰে পুৰ কৰিব লাগে। অসমত নেমু পুলি ৰোৱাৰ উপযুক্ত সময় হ’ল মে’ৰ পৰা আগষ্ট মাহৰ ভিতৰত। নেমু গছৰ গুৰিত উক্ত মিশ্রণ বছৰত দুবাৰ অর্থাৎ ফেব্ৰুৱাৰী-মাৰ্চত আৰু অক্টোবৰ-নৱেম্বৰত দিব লাগে।

খেতিৰ যতন

সাধাৰণতে মাহত এবাৰ খেতিডৰাত গজা অপতৃণ বা ঘাঁহ-বনবোৰ উভালি নেমু খেতিডৰা চিকুণাই ৰাখিব লাগে। খেতিডৰা চিকুণাই ৰখাৰ বাবে ধান খেৰ বা ক'লা পলিথিনো ব্যৱহাৰ কৰিব পাৰি।

জলসিঞ্চন:

 বাৰিষাৰ পাছৰ সময়ছোৱাত বতৰ শুকান হৈ পৰাৰ সময়ত নেমু গছত পানী দিয়াৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন। লি ৰোৱাৰ সময়ত আৰু ডিচেম্বৰৰ পৰা মার্চলৈকে পাৰিলে ১৫-২০ দিনৰ অন্তৰে অন্তৰে জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে।

কীট-পতংগৰ আক্রমণ:

পাতখোৱা পোক: টেঙা গছৰ নতুন পাত ওলোৱাৰ সময়ত পলুৱে ইয়াৰ কোমল কোমল পাতবোৰ খায় । ইয়াৰ উপৰি বিছাৰ দৰে কীটেও গছৰ পাত খাই নেমু গছৰ ক্ষতিসাধন কৰে। আনহাতে চৰহা বা মোৱা পোকে নতুন পাত তথা কেঁহবিলাকত ৰস চুহি খায়। এনেধৰণৰ পাোক তথা কীট নিয়ন্ত্ৰণৰ বাবে প্রতি লিটাৰ পানীত মন’ক্রট'ফছ ২.৫ গ্রাম অথবা ডিমেথট (ৰগৰ) ১.৫ গ্রাম এক লিটাৰ পানীত মিহলাই ব্যৱহাৰ কৰিলে সুফল পাোৱা যায়। আনহাতে নেমুৰ গছক সহজে আক্রমণ কৰা এবিধ পোক হ’ল কেৰোণ। কেৰোণে গছৰ ছাল ফুটাই গা-গছত প্ৰৱেশ কৰে আৰু গছডাল ফোঁপোলা কৰি পেলায়। কেৰোণৰ নিয়ন্ত্রণ সম্পর্কে কমলা টেঙাৰ খেতিত আলোচনা কৰা হৈছে।

ৰোগ 

টুইগ ব্লাইট: এই ৰোগত আক্রন্ত গছত সৰু সৰু ডাল বা শাখাবোৰ শুকাই যাবলৈ ধৰে। এই ৰোগে ধৰা ডাল বা শাখাবোৰ কাটি পেলাব লাগে আৰু কটা অংশটোৰ বৰডিয়াক্স পানীত সানি প্রলেপ দিব লাগে। ইয়াৰ উপৰি বৰডিয়াক্স ১% বা কপাৰ অক্সিক্লৰাইড প্রতিলিটাৰ পানীত ২.৫ গ্রাম হিচাপত মিহলাই ছটিয়ালে সুফল পোৱা যায়।

নেমু ছিঙাৰ সময় 

অসমৰ নেমু গছত ফুল ধৰে বছৰত দুবাৰ অর্থাৎ বসন্ত কালত (ফেব্ৰুৱাৰী-মার্চ) আৰু হেমন্ত কালত (ছেপ্টেম্বৰ-অক্টোবৰত) নেমু পুৰঠ হাোৱাৰ পাছত ইয়াক গছৰ পৰা ছিঙিব পাৰি। পুৰঠ নেমুৰ ৰং আকর্ষণীয় সেউজীয়া আৰু সামান্য হালধীয়া বৰণৰ হয়। সাধাৰণতে জুন-জুলাই আৰু ডিচেম্বৰ-জানুৱাৰী মাহত নেমু ছিঙিব পৰা হয়। ইয়াৰ উপৰি বছৰত আন সময়তো কম পৰিমাণে নেমু লাগে। তিনি বছৰীয়া এজোপা গছৰ পৰা ৪০-৫০টা নেমু পাব পাৰি।

উৎসঃ উদ্যানশস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ দ্বাৰা প্ৰকাশিত

খানাপাৰা, গুৱাহাটী-২২

লগতে পঢ়ক-ক'লা নহৰুৰ ব্যৱসায়েৰে লাখ টকা উপার্জনৰ সুযোগ, জানক কেনেকৈ?

English Summary: How to do Lemon Farming in Scientific Way
Published on: 01 June 2022, 05:31 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now