1. অন্যান্য

ক'লা নহৰুৰ ব্যৱসায়েৰে লাখ টকা উপার্জনৰ সুযোগ, জানক কেনেকৈ?

KJ Staff
KJ Staff
Black Garlic
Black Garlic

বহুতো মানুহে এতিয়াও ক'লা নহৰুৰ ব্যৱসায়ৰ বিষয়ে অৱগত নহয়। আপুনি অতি কম বিনিয়োগেৰে ক'লা নহৰুৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে আৰু ইয়াৰ পৰা ভাল লাভ কৰিব পাৰে। ইয়াত মই আপুনি কেনেদৰে ভাৰতত ক'লা নহৰুৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে তাৰ এটা সম্পূৰ্ণ নিৰ্দেশনা দিছোঁ।

ক'লা নহৰু কি আৰু ই কিয় জনপ্ৰিয় হৈছে?  

ক'লা নহৰু হৈছে এক প্ৰকাৰৰ নহৰু যাক বহু সপ্তাহৰ বাবে উচ্চ উষ্ণতা আৰু উচ্চ আৰ্দ্ৰতাৰ নিয়ন্ত্ৰিত পৰিৱেশত সংৰক্ষণ কৰিব পাৰি।

ক'লা নহৰুৰ নামটোৱে সূচায় যে ই কলা ৰঙৰ হয়। ইয়াৰ উপৰিও, নিয়মীয়া নহৰুৰ তুলনাত ই সোৱাদযুক্ত আৰু সুগন্ধিযুক্ত আৰু অলপ ডাঠ হয়।

কেঁচা নহৰুৰ তুলনাত ক'লা নহৰুৰো বহুতো স্বাস্থ্য উপকাৰিতা আছে। এইকাৰণে ই বর্তমান জনপ্ৰিয় হৈ পৰিছে। ইয়াত অধিক এণ্টিঅক্সিডেণ্ট থাকে আৰু ৰক্ত শৰ্কৰা হ্ৰাস কৰে বুলিও কোৱা হয়। তদুপৰি, ডাক্তৰৰ পৰামৰ্শ মতে ক'লা নহৰুৱে হৃদৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে। ইয়াৰ বাহিৰে, ই মস্তিষ্কৰ স্বাস্থ্য আৰু যকৃত সুৰক্ষিত কৰে আৰু বিশ্বাস কৰা হয় যে ইয়াৰ কৰ্কট প্রতিৰোধী গুণাগুণ থাকিব পাৰে।

ভাৰতত ক'লা নহৰুৰ ব্যৱসায় কেনেদৰে আৰম্ভ কৰিব?

এই নিৰ্দেশনাবোৰ অনুসৰণ কৰি ক'লা নহৰুৰ ব্যৱসায় আৰম্ভ কৰিব পাৰি:

  • প্ৰথমতে, আপোনাক উদ্যোগ আধাৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব।

  • তাৰপিছত আপুনি বজাৰৰ পৰা সাধাৰণ নহৰু ক্ৰয় কৰিব লাগিব। কম দামত বজাৰত এই সাধাৰণ নহৰু সহজে উপলব্ধ।

  • ইয়াৰ পিছত আপুনি নিয়মীয়া নহৰুক ক'লা নহৰুলৈ পৰিৱৰ্তন কৰিবলৈ ব্যৱহৃত যন্ত্ৰটো কিনিব লাগিব।

  • অৱশ্যে আপুনি এই যন্ত্ৰটো ক্ৰয় নকৰাকৈ ও ক'লা নহৰুৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। এই পদ্ধতিত, আপুনি পোনপটীয়াকৈ পাইকাৰী বজাৰৰ পৰা ক'লা নহৰু ক্ৰয় কৰিব পাৰিব।

  • আপুনি ক'লা নহৰু বনোৱা হলে বা পোনপটীয়াকৈ বজাৰৰ পৰা কলা নহৰু ক্ৰয় কৰাৰ পিছত, আপুনি ইয়াৰ বাকলি গুচাব লাগিব। আপুনি হাতেৰে ইয়াৰ বাকলি গুচাব পাৰে, বা আপুনি এটা ক'লা নহৰু বাকলি গুচোৱা যন্ত্ৰও কিনিব পাৰে।

  • দুয়োটা, ক'লা নহৰু তৈয়াৰ কৰা যন্ত্ৰ আৰু ক'লা নহৰু বাকলি গুচোৱা যন্ত্ৰ বিদ্যুতৰ সহায়ত আপোনাৰ ঘৰত সহজে চলাব পাৰে।

  • ইয়াৰ পিছত আপুনি ক'লা নহৰু পেক কৰিব লাগিব। অনুগ্ৰহ কৰি মন কৰিব যে আপোনাৰ পেকেজিং যিমানে ভাল হয়, আপোনাৰ সামগ্ৰী সিমানে ভালদৰে বিক্ৰী হ'ব। আপুনি তেতিয়া পেকেজিঙত আপোনাৰ ব্যৱসায়ৰ ল'গ যোগ দিব পাৰে, যাতে আপোনাৰ সামগ্ৰীটোৱে সঠিক ব্ৰেণ্ডিং পায়।

নহৰু বিপণন কৰোঁতে, আপুনি কেৱল আৰম্ভণিতে সমস্যাৰ সন্মুখীন হ'ব। আপুনি অভিজ্ঞতা লাভ কৰাৰ পিছত, আপোনাৰ লাভ ক্রমান্বয়ে বৃদ্ধি হ'ব। ইয়াৰ বাবে আপোনাক ধৈর্য্যশক্তি লাগিব। তদুপৰি আপুনি অনলাইন মাৰ্কেটিং প্লেটফৰ্ম বাছনি কৰিব লাগিব কিয়নো ক'লা নহৰুৰ সামগ্ৰীবোৰ বেছিভাগ অনলাইনত বিক্ৰী হয়। আপুনি আমাজন আৰু ফ্লিপকাৰ্টৰ দৰে প্লেটফৰ্মত আপোনাৰ বিক্ৰেতা একাউণ্ট সৃষ্টি কৰি সামগ্রীবোৰ বিক্রী কৰিব পাৰে। ইয়াৰ বাবে, আপোনাক এটা জিএছটি (GST) নম্বৰৰ প্ৰয়োজন হ'ব। আপুনি ইয়াৰ বাবে অনলাইন আবেদন কৰিব পাৰে।

শেষত, ভাৰতত ক'লা নহৰুৰ ব্যৱসায় আৰম্ভ কৰাটো অত্যন্ত লাভজনক হিচাপে পৰিগণিত হৈছে। এতিয়াই আৰম্ভ কৰিলে আপোনাৰ দুটা দিশত লাভ হব। প্ৰথমতে এই ব্যৱসায়ত নিজকে প্ৰতিষ্ঠা কৰাটো আপোনাৰ বাবে সহজ হ'ব, কিয়নো বর্তমান ইয়াৰ ব্যৱসায় কৰা বেছি লোক নাই। দ্বিতীয়তে, আপুনি অতি কম বিনিয়োগেৰে বৃহৎ লাভ কৰিবলৈ সক্ষম হ'ব কিয়নো এতিয়া ক'লা নহৰুৰ চাহিদা যথেষ্ট বেছি।

লগতে পঢ়ক-আদা খেতিৰ অনিষ্টকাৰী কীট-পতঙ্গ আৰু ইয়াৰ প্ৰতিকাৰ

English Summary: Know about Profitable Black Garlic Business

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.