Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 29 April, 2022 6:09 PM IST
ঔটেঙা আৰু ঢেকীয়া

পৰম্পৰাগত অসমীয়া ব্যঞ্জন সমূহত ঔটেঙা, আৰু ঢেকীয়াৰ বিবিধ ব্যঞ্জনৰ সমাহাৰ দেখিবলৈ পোৱা যায়। ঢেকীয়াৰ তেনে কিছুমান চিনাকি ব্যঞ্জন হৈছে ঢেকীয়াৰ শুকান ভাজি, গুটি আলুৰ সৈতে ঢেকীয়া ভাজি, বুটৰ সৈতে ঢেকীয়া ভাজি, ঔটেঙা আৰু ঢেকীয়াৰ আঞ্জা( মাগুৰ বা শিঙি বা কাৱৈ মাছৰ লগত ), ঢেকীয়া শাকৰ লগত মুৰ্গী মাংসৰ আঞ্জা, ঢেকীয়া দি বনোৱা দাইল আদি। ঔটেঙাৰো বহুত ব্যঞ্জন আছে যেনে-মাছৰ সৈতে ঔটেঙাৰ টেঙা জোল, ঔটেঙা দি বনোৱা দাইল,ঔটেঙাৰ টেঙা মিঠা অম্বল বা তক, ঔটেঙাৰ লগত গাহৰি মাংস, মাটিদাইল ,কচু আৰু ঔটেঙাৰ আঞ্জা,ঔটেঙাৰ আচাৰ ইত্যাদি।অসমীয়াত এষাৰ কথা আছে:- 'ঔটেঙা ঢেকীয়া শাক জিভাৰ পানী পৰি থাক।' খাওঁতা জনেহে জানে ইয়াৰ জুতি। আৰু এইবিধ ব্যঞ্জনৰ নাম শুনা জনৰো লোভৰ পানী পৰে।এইবোৰ ব্যঞ্জন খাবলৈ যিমান সোৱাদ সিমান ঔষধি গুণসম্পন্নও হয়।

আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কিছু খাদ্যাভ্যাস দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ কিছুমানৰ খাদ্যাভ্যাসৰ লগত মিল আছে। পচলা,ঢেকীয়া, ঔটেঙা আদি সেইবোৰ দেশতো প্ৰচুৰ পৰিমাণে খোৱা দেখা যায়। মালায়চিয়া,থাইলেণ্ড, ফিলিপাইনচ,ইণ্ডোনেছিয়া আদিত ঢেকীয়াৰ ষ্টিৰ ফ্ৰাই বা কম তেলত বনোৱা ব্যঞ্জন, চালাডত ঢেকীয়া খুব জনপ্ৰিয়।ঠিক তেনেকৈ বহু ব্যঞ্জনত ঔটেঙাৰ ব্যৱহাৰো খুব হয়। নকলেও হব যে এইবোৰ উপকৰণে তেওঁলোকক নিৰোগী আৰু স্বাস্থ্যবান কৰি ৰাখিছে আৰু ই প্ৰতিফলিত হয় তেওঁলোকৰ ছাল আৰু চুলিত। তেওঁলোকে খোৱা তেলবিহীন, বিনা মচলাৰ সুস্বাদু ব্যঞ্জনৰে যাদু বুলি কলেও ভুল কোৱা নহব কিজানি।আমাৰ পৰম্পৰাগত থলুৱা ব্যঞ্জন সমূহো খুবেই স্বাস্থ্যকৰ আৰু ঔষধি গুণযুক্ত
জুতি লগা ব্যঞ্জন সমূহৰ এই উপকৰণ সমূহৰ ঔষধি গুণৰ কথা সকলোৱে জনা উচিত।সেয়েহে থুলমূলকৈ এই উপকৰণ সমূহৰ উপকাৰীতা আৰু গুণাগুণ জনাব বিচাৰিছো।

ঢেকীয়া

ঢেকীয়া(Fiddlehead fern)বৈজ্ঞানিক নাম Diplazium esculentum):- ঢেকীয়াত প্ৰটিন, ভিটামিন এ ভিটামিন বি কম্প্লেক্স ভিটামিন চি,ভিটামিন ই, বিতা কেৰোটিন, এন্টিঅক্সিডেন্ট,কেলচিয়াম, আইৰণ, ফছফৰাছ ইত্যাদি পোৱা যায়।
(১).নিৰামিষভোজী সকলৰ বাবে ই খুব উপকাৰী কাৰণ ইয়াত প্ৰটিন আছে আৰু লগতে লাগতিয়াল ভিটামিন আৰু খনিজ পদাৰ্থ আছে।গতিকে মাংস নাখাই পুষ্টিহীনতাত ভূগিছো বুলি ভুল ধাৰণা লব নালাগে। ই সহজলভ্য আৰু পুষ্টিকৰ খাদ্য।নিচিন্ত মনেৰে খাওক 
(২).কেলচিয়াম,ফস্ফৰাছ থকা বাবে হাড়ৰ গঠনৰ বাবে উপকাৰী।
(৩).জীৱণুনাশক গুণ থকা আৰু স্বভাৱত শীতল হোৱা বাবে পেচাবৰ সমস্যা যেনে মূত্ৰনলীৰ সংক্ৰমণ বা ইউৰিনাৰী ট্ৰেক্ট ইনফেক্সন (UTI)ত উপকাৰী।
(৪). বিতা কেৰোটিন ,ভিটামিন চি থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে।
(৫).ৰুচি বৰ্ধক,আৰু কোষ্ঠকাঠিন্য দুৰ কৰে।
(৬).পেলুৰ সমস্যাত ঢেকীয়া শাক উপকাৰী।
(৭).লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।ইয়াৰ উপৰিও জণ্ডিচ, ফেটি লিভাৰত উত্তম পথ্য।
(৮).ডায়েবেটিচ ৰোগীৰ বাবে ঢেকীয়া সুপথ্য ।
(৯).ভিটামিন এ থকা বাবে দৃষ্টি শক্তিৰ বাবে উপকাৰী ।

ঔটেঙা

ঔটেঙা( Elephant apple ,বৈজ্ঞানিক নাম Dillenia indica) টেঙা বস্তুৰ নাম শুনিলেই মুখৰ পানী ওলোৱাটো স্বাভাৱিক।ঔটেঙাৰ ব্যৱহাৰ আঞ্জা, জাম,জেলী, আচাৰ আদি বনোৱাত ব্যৱহাৰ হয়। ইয়াত ভিটামিন বি,ভিটামিন চি, বিতা কেৰোটিন,ৰাইবফ্লেভিন, কাৰ্বহাইড্ৰেট, প্ৰটিন ,কেলচিয়াম, ফচফৰাছ ,ফাইবাৰ ইত্যাদি পোৱা যায়। 
 (১).ডায়েবেটিচ ৰোগত ঔটেঙা খালে সুফল পোৱা যায়। তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰাত ই সহায় কৰে। সেয়েহে ডায়েবেটিচ ৰোগীয়ে মাজে মাজে ঔটেঙাৰ ব্যঞ্জন খোৱা উচিত। ঔটেঙা ৰদত শুকুৱাই গুৰি কৰি পাউদাৰ হিচাবে সংৰক্ষণ কৰিও থব পাৰি। ডায়েবেটিচ ৰোগীয়ে মাজে সময়ে এই পাউদাৰ খাব পাৰে । অফ চিজনত খাব পাৰি আৰু ৰোগীয়েও সুফল পাব ।
(২).কোষ্ঠকাঠিন্যত ঔটেঙা খালে সুফল পোৱা যায়।
(৩).মেদবহুলতাত ভোগা সকলে ঔটেঙা খালে সুফল পাব। টেঙাই এনেও চৰ্বি কাটে। গতিকে মেদবহুল লোকে ঔটেঙা খোৱা উচিত।
(৪).কলেষ্টৰল বৃদ্ধি হলে ঔটেঙা খালে সুফল যায় ।
(৫). চুলিৰ গুৰিত উফিৰ সমস্যা হলে ঔটেঙাৰ ভিতৰৰ বিজলুৱা অংশৰে চুলি ধুব লাগে। ই চুলিৰ উজ্জ্বলতাও বৃদ্ধি কৰে। ঔটেঙা বিজলেৰে মূৰ ধোৱা পৰম্পৰা অতীত কালৰে পৰা চলি আহিছে।

উৎস-( https://swasthyabarta.blogspot.com/2019/02/blog-post_80.html)সংগৃহীত

লগতে পঢ়ক-জলকীয়া গছৰ পাত মুজুৰা পৰা বেমাৰ কেনেকৈ প্ৰতিৰোধ কৰিব?

লগতে পঢ়ক-বাৰীৰ চুকৰ এবিধ খুবেই প্ৰয়োজনীয় বনৌষধি "পনৌনোৱা শাক"

English Summary: Health Benefit of Elephant Apple and Fiddlehead fern
Published on: 29 April 2022, 05:15 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now