1. উদ্য়ানশস্য়

জলকীয়া গছৰ পাত মুজুৰা পৰা বেমাৰ কেনেকৈ প্ৰতিৰোধ কৰিব?

KJ Staff
KJ Staff

বহাগৰ পৰাই অসমৰ খেতিয়ক সকলৰ ভোট জলকীয়া উৎপাদন কৰা উপযুক্ত সময় । বৰ্তমান সময়ত অসমৰ বজাৰতো ভোট জলকীয়াৰ চাহিদা অধিক । গতিকে এই সময়ছোৱাতে অসমৰ খেতিয়ক সকলে উপাৰ্জনৰ বাবে এক সুযোগ গ্ৰহণ কৰিব পাৰে ।

গতিকে এই সময়ছোৱাত বজাৰৰ চাহিদা পূৰণ কৰিব পৰাকৈ জলকীয়া উৎপাদন কৰিবৰ বাবে বেমাৰ-আজাৰ সমূহৰ প্ৰতিকাৰৰ ক্ষেত্ৰতো অধিক গুৰুত্ব দিব লাগিব খেতিয়ক সকলে । জলকীয়া গছবোৰ যদি বেমাৰ আক্ৰান্ত হয় তেতিয়া খেতিয়কৰ উপাৰ্জন হ্ৰাস পাব পাৰে ।

জলকীয়া গছবোৰ সাধাৰণতে পাত মুজুৰা পৰা আৰু হালধীয়া পৰা বেমাৰ প্ৰায়ে দেখা যায় । এই বেমাৰৰ বাবে খেতিয়কে প্ৰায়ে লোকচানৰ সন্মুখীন হোৱা দেখা যায় । এনে ক্ষেত্ৰত এই বেমাৰ প্ৰতিকাৰ কৰাতো খেতিয়কৰ বাবে অতি প্ৰয়োজন ।

পাত মুজুৰা পৰা আৰু হালধীযা পৰা বেমাৰ:

এইবিধ বেমাৰত জলকীয়া পাতবোৰ মেটুৰা মেটুৰ হৈ সৰু হৈ যায়। পাতৰ সিৰা, উপসিৰাবোৰ হালধীয়া বৰণৰ হয় আৰু পাতৰ তলফালে থকা সিৰাবোৰ শকত সেউজীয়া বৰণৰ হয় ।

এই বেমাৰত আক্রান্ত গছ জোপাৰ শ্রীবৃদ্ধি নহয় আৰু গছজোপা জোপোহা, চাপৰ হৈ পৰে আৰু আক্ৰান্ত গছজোপাৰ উৎপাদন ক্ষমতা হ্ৰাস পায় । এইবিধ বেমাৰৰ কাৰক হৈছে বগা মাখি

প্ৰতিৰোধ কৰাৰ ব্যৱস্থাঃ

  • খেতিয়ক সকল বীজ সিঁচাৰ আগতে ইমিডাক্ল'প্রিড ২.৫ গ্রাম প্রতি কিলোগ্ৰাম বীজত মিহলাই শোধন কৰিব লাগে ।
  • বগা মাখিক নিয়ন্ত্রণ কৰিবলৈ হ'লে জলকীয়া গছৰ চাৰিওফালে মাকৈ নতুবা ঘেঁহুৰ গছ ৰুব লাগে ।
  • বেভিষ্টিন ঔষধৰ ২ প্রাম প্রতি লিটাৰ পানীত মিহলাই জলকীয়া গছৰ ফুল ফলাৰ আগতে স্প্রে' কৰিব লাগে ।

লগতে পঢ়কঃবসন্ত কালত উপাৰ্জন বৃদ্ধিৰ বাবে কৰক মৌ-মাখিৰ কলনি বিভাজন

English Summary: Prevention of disease in chilli cultivation

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.