1. স্বাস্হ্য আৰু জীৱন

চেংমৰা শাক(Spiny arum)ৰ গুণাগুণ; বৈজ্ঞানিক নাম- Lasia spinosa

KJ Staff
KJ Staff
Spiny Arum
Spiny Arum

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে  কিছুমান ঔষধি গুণসম্পন্ন বনশাক বিভিন্ন ব্যঞ্জন হিচাবে বনাই খায়। জুতি লগা এই ব্যঞ্জন সমূহ বহু ৰোগৰ উত্তম পথ্য। পৰম্পৰাগত ভাবে চলি অহা  এই থলুৱা ব্যঞ্জন সমূহ  খাই থাকিলে আমি প্ৰত্যেকেই নিৰোগী  হৈ থাকিব পাৰিম। সুস্বাস্থ্যৰ চাবিকাঠি এইবোৰ ব্যঞ্জনৰ মাজতে লুকাই থাকে। বহাগ বিহুৰ ' সাত শাকী'ত খোৱা বনশাক সমূহ ঔষধি গুনেৰে ভৰপূৰ। এই এশ এবিধ বনশাকৰ ভিতৰত ' 'চেংমৰা' ও অন্যতম।

পিতনি, নদীৰ দাতি কাষৰীয়া সেমেকা ঠাইত পোৱা চেংমৰা দেখাত কচুৰ দৰে, গাত কাঁইটৰ দৰে কিছুমান শুঙ থাকে,গা গছ মঙহাল আৰু পাত  ত্ৰিভুজাকৃতিৰ। দাইলৰ লগত বনোৱা চেংমৰাৰ আঞ্জা, চেংমৰাৰ খাৰ,আলুৰ লগত বনোৱা চেংমৰাৰ শুকান ভাজিখন আৰু ঢেকীয়াৰ লগত বনোৱা চেংমৰাৰ ভাজিখন সোৱাদেৰে ভৰা। মাগুৰ, শিঙি  মাছ দি বনোৱা চেংমৰা শাকৰ জালুকীয়া ব্যঞ্জনৰ সোৱাদ অপূৰ্ব। খাওঁতাজনেহে  জানে এইবোৰ ব্যঞ্জনৰ জুতি কি!! থাইলেণ্ড আৰু শ্ৰীলংকাত চেংমৰা বিবিধ ব্যঞ্জনত ব্যৱহাৰ হয়। থাইলেণ্ডত এক বিশেষ ধৰণে বনোৱা মাছৰ লগত ( fermented fish) ইয়াক ব্যঞ্জন হিচাবে খোৱা হয়। দক্ষিণ পূব এছিয়াৰ দেশ সমূহৰ খাদ্যাভ্যাসৰ লগত আমাৰ উত্তৰ পূৱৰ খাদ্যাভ্যাসৰ যথেষ্ট খিনি সাদৃশ্য আছে। তেল ,মচলা বিহীন খাদ্য খোৱা এইসকল লোকৰ ছাল, চুলিৰ সৌন্দৰ্য্য চালে চকুৰোৱা। উত্তৰ পূৱৰ জনজাতীয় লোকসকলে এতিয়াও তেল মচলা কম ব্যৱহাৰ কৰে। গাহৰি মাংসৰ লগত চেংমৰাৰ জুতি লগা ব্যঞ্জন তেওঁলোকৰ মাজত খুবেই প্ৰচলিত। এইবিধ শাকৰ উপকাৰিতা সমূহ তলত থুলমূলকৈ দাঙি ধৰা হৈছে-

(১). অৰ্শ বা কেঁচুমুৰীয়া (piles) ৰোগত চেংমৰা খালে সুফল পোৱা যায়। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ (dietary fiber) থাকে যিয়ে পেট খোলোচা কৰাত সহায় কৰে।

(২). প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু আঁহ (dietary fiber) থকা বাবে মেদবহুলতাৰ সমস্যাত উপকাৰী । মেদবহুলতাত ভোগা লোকে মাজে সময়ে চেংমৰা শাকৰ ব্যঞ্জন খোৱা উচিত।

(৩). স্বাদত অলপ তিতা হোৱাৰ বাবে  ই ৰক্তশোধক আৰু কৃমিনাশক। আমাৰ শৰীৰৰ চলি থকা বিপাকীয় ক্ৰিয়া  (metabolism) সমূহত কিছুমান অলাগতিয়াল বৰ্জ্য পদাৰ্থৰ(toxins) সৃষ্টি হয় যিবোৰ শৰীৰৰ বাবে অপকাৰী। চেংমৰা এনে এবিধ ঔষধি উদ্ভিদ যিয়ে শৰীৰৰ পৰা এই টক্সিনচ (toxins) ওলাই যোৱাত সহায় কৰে।

(৪). ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে চেংমৰা খালে উপকৃত হয়। চেংমৰাই ডায়েবেটিচ ৰোগৰ পৰা হ'ব পৰা জটিলতা সমূহৰ পৰা শৰীৰক ৰক্ষা কৰে।

(৫). এন্টিঅক্সিডেন্ট আৰু আঁহ থকাৰ বাবে লিভাৰৰ বিভিন্ন সমস্যাত ই খুবেই উপকাৰী। ই বিভিন্ন প্ৰকাৰৰ এঞ্জাইমক সক্ৰিয় কৰি পাচনতন্ত্রৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।

(৬).  বিভিন্ন প্ৰকাৰৰ স্ত্রীৰোগত চেংমৰা উপকাৰী। মাগুৰ, শিঙি মাছ দি বনোৱা চেংমৰা শাকৰ জালুকীয়া এবিধ ঔষধি ব্যঞ্জন। তিৰোতাসকলে সুস্বাস্থ্যৰ বাবে মাজে সময়ে এই ব্যঞ্জনসমূহ খোৱা উচিত।

আধুনিকতাৰ পৰশত  ঔষধি গুণসম্পন্ন পৰম্পৰাগত থলুৱা ব্যঞ্জনসমূহ আমি খাবলৈ পাহৰি গৈছো। তাৰ ঠাইত বিদেশী ব্যঞ্জনৰ জুতি ল'ব ধৰিছো আৰু নিজকে ৰোগীয়া কৰিছো। ইয়াৰ বাবে আমিয়েই জগৰীয়া। গতিকে সকলোৱে পুনৰ এইবোৰ থলুৱা খাদ্যক আদৰি লওক আৰু নিৰোগী হৈ সুন্দৰ জীৱন যাপন কৰক।

বি:দ্ৰ: লেখনিটোত থলুৱা খাদ্যৰ থুলমূল আভাষ দিবলৈ মাথো চেষ্টা কৰা হৈছে। গেছ বা এচিদিত ভোগা লোকে চেংমৰা বা অন্য তেনে পাতশাক খাওঁতে অলপ সাৱধান হোৱা উচিত।

লগতে পঢ়ক-বাৰীৰ চুকৰ এবিধ খুবেই প্ৰয়োজনীয় বনৌষধি "পনৌনোৱা শাক"

লেখক- ডাঃ ৰেইনী দেৱী (আয়ুৰ্বেদিক চিকিৎসক)

BAMS (GU)

বেলতলা, গুৱাহাটী

ফোন -7399114617

English Summary: About Spiny arum Herb

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.